বিশ্বত ভাষাৰ সংকটঃ প্রতি ৪০ দিনত বিলুপ্তি একোটা ভাষা, অহা শতাব্দীত নোহোৱা হ’ব পাৰে ৯০% ভাষা

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
লণ্ডন
 
বিশ্বত বর্তমান ৭,১৬৮ টা ভাষা কোৱা হয়। কিন্তু ইয়াৰে প্রায় ৪৩ শতাংশ বর্তমান বিলুপ্তিৰ গৰাহত। এই ভাষাসমূহৰ অস্তিত্ব সংকটাপন্ন হৈ পৰিছে। এনে ভাষা কোৱা লোকৰ সংখ্যা বর্তমান হেজাৰতকৈ কম। 
 
ভিজুৱেল কেপিটেলিষ্টৰ তথ্য অনুসৰি বৰ্তমান বিশ্বত প্রতি চল্লিশ দিনত একোটা ভাষাৰ বিলুপ্তি ঘটে। ভাষা এটা বিলুপ্তি ঘটিলে ইয়াৰ সৈতে জড়িত সংস্কৃতি আৰু নানাধৰণৰ জ্ঞান-সম্পদৰ ভৱিষ্যতলৈ অশনি সংকেত আহে। বৰ্তমানৰ ধাৰাত ভাষা বিলুপ্ত হৈ থাকিলে অহা এশ বছৰৰ ভিতৰত বিশ্বৰ নরৈ শতাংশ ভাষাই নোহোৱা হৈ যাব। 
 
দেওবাৰৰ আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ সময়তে এই উদ্বেগজনক তথ্য প্রকাশ পাইছে। বর্তমান বিশ্বত থকা ৮.৮ কোটি লোকে বিলুপ্তপ্রায় ভাষা কয়। সর্বাধিক বিলুপ্তপ্রায় ভাষা থকা অঞ্চলটো হ'ল ওচেনিয়া। ওচেনিয়াৰ ৭৩৩ টা ভাষাই বৰ্তমান সংকটৰ গৰাহত। 
 
আফ্রিকা মহাদেশৰ ৪২৮ টা ভাষা বৰ্তমান বিলুপ্তিৰ গৰাহত পৰিছে। ইয়াৰে অধিকাংশ বিষুৱৰেখাৰ সমীপৰ দেশসমূহৰ। উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ মুঠতে ২২২ টা ভাষা বিলুপ্তিৰ গৰাহত পৰিছে। 
 
ইফালে এথনোলগ তথ্য অনুসৰি ৪৯ লাখ বাসিন্দাৰ দ্বীপ ৰাষ্ট্ৰ পাপুৱা নিউগিনিত আটাইতকৈ বেছি ভাষা কোৱা হয়। দেশখনত ৮৪০ টা ভাষা আছে। ভাষাৰ সংখ্যাৰ দিশৰ পৰা দ্বিতীয় স্থানত আছে ইণ্ডোনেছিয়া। ইফালে ভাৰতত থকা ১১৭ টা ভাষাও বিপদৰ গৰাহত পৰিছে। এই ভাষাসমূহ কোৱা লোকৰ সংখ্যা দহ হেজাৰতকৈ কম।