প্ৰাক্তন ৰে'লমন্ত্ৰী মুকুল ৰয়ৰ দেহাৱসান

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰাক্তন ৰে'লমন্ত্ৰী মুকুল ৰয়ৰ দেহাৱসান
প্ৰাক্তন ৰে'লমন্ত্ৰী মুকুল ৰয়ৰ দেহাৱসান
 
নতুন দিল্লী
 
ভাৰতৰ প্ৰাক্তন ৰে'লমন্ত্ৰী, TMC নেতা মুকুল ৰয়ৰ দেহাৱসান। কলকাতাৰ এখন ব্যক্তিগত  হাস্পতালত শেষ নিশ্বাস ত্যাগ প্রাক্তন মন্ত্ৰীগৰাকীয়ে। হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান ঘটে প্রাক্তন মন্ত্ৰীগৰাকীৰ।
 
মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল  ৭১ বছৰ। কিডনীকে ধৰি একাধিক ৰোগত আক্ৰান্ত হৈ আছিল মুকুল ৰয়। বংগৰ ৰাজনীতিৰ চাণক্য হিচাপে জনাজাত আছিল মুকুল ৰয়।
 
মুকুল ৰয় এসময়ত তৃণমূল কংগ্ৰেছৰ ‘ছেকেণ্ড ইন কমাণ্ড’ হিচাপে পৰিচিত আছিল। ১৯৯৮ চনত তৃণমূল কংগ্ৰেছ গঠন হোৱাৰ পাছত তেওঁ দলটোৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক হয়। ৰাজ্যসভাৰ পৰাও সাংসদ হিচাপে নিৰ্বাচিত হয়। মুকুল ৰায়ে ৰে’ল বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ লগতে তেওঁ কেন্দ্ৰীয় জাহাজ মন্ত্ৰালয়ৰ দায়িত্বতো আছিল।