বাংলাদেশত হিন্দুসকলৰ বিৰুদ্ধে হোৱা আক্ৰমণক গৰিহণা মুফতি মনজুৰ জিয়ায়েৰ

Story by  atv | Posted by  Munni Begum • 1 d ago
মুফতি মনজুৰ জিয়ায়ে
মুফতি মনজুৰ জিয়ায়ে
 
মুম্বাই
 
আন্তঃৰাষ্ট্ৰীয় চুফী কাৰাভানৰ মুৰব্বী মুফতি মনজুৰ জিয়ায়ে বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা আক্ৰমণক গৰিহণা দিছে।
 
এক বিবৃতিত তেওঁ হিন্দু সংখ্যালঘু সম্প্ৰদায়ৰ লোকক হত্যা, দলীয় হিংসা আৰু নিৰ্যাতনৰ ঘটনা অতি নিন্দনীয় বুলি উল্লেখ কৰি দেশৰ অন্তৱৰ্তীকালীন নেতা মহম্মদ ইউনুছ আৰু তেওঁৰ প্ৰশাসনক দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ উল্লেখ কৰিছে।
 
মুফতি মনজুৰ জিয়ায়ে কয় যে, "এই অঞ্চলত যুগ যুগ ধৰি হিন্দুসকলে বসবাস কৰি আহিছে।  হিন্দু সংখ্যালঘুক আক্ৰমণ কৰা উগ্ৰপন্থীসকল নিজৰ দেশ আৰু ধৰ্ম উভয়ৰে শত্ৰু।" 
 
ইছলামে নিজৰ অনুগামীসকলক তেওঁলোকৰ ধৰ্ম নিৰ্বিশেষে চুবুৰীয়াৰ যত্ন ল'বলৈ শিকাইছে। তেওঁ কয় যে, "এজন মুছলমানে নিজৰ ধৰ্মৰ নীতি অনুসৰণ কৰিব লাগে যিয়ে তেওঁক নিজৰ ওচৰ-চুবুৰীয়াক সুৰক্ষা আৰু সন্মান কৰিবলৈ নিৰ্দেশ দিয়ে।"
 
তেওঁ কয় যে, বাংলাদেশ চৰকাৰৰ দায়িত্ব আছে হিন্দুকে ধৰি সকলো নাগৰিকক উগ্ৰপন্থীৰ পৰা ৰক্ষা কৰা।
 
আন্তঃৰাষ্ট্ৰীয় চুফী কাৰাভানৰ মুৰব্বী হিচাপে মুফতি মনজুৰ জিয়ায়ে কয় যে তেওঁৰ সংস্থাই চুফী শিক্ষাৰ অন্তৰ্নিহিত প্ৰেম আৰু শান্তিৰ বাৰ্তাক আগুৱাই নিয়াৰ বাবে কাম কৰি আছে।