অসম বিজেপিৰ পিতামহস্বৰূপ কবিন্দ্ৰ পুৰকায়স্থ আৰু নাই

Story by  atv | Posted by  [email protected] • 1 Months ago
কবিন্দ্ৰ পুৰকায়স্থ
কবিন্দ্ৰ পুৰকায়স্থ

গুৱাহাটী

অসম বিজেপিৰ পিতামহস্বৰূপ কবিন্দ্ৰ পুৰকায়স্থ আৰু নাই। বুধবাৰে বিয়লি প্ৰায় ৫.০০ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ নেতাগৰাকীয়ে।
 
শিলচৰ মেডিকেল কলেজত শেষ নিশ্বাস ত্যাগ নেতাগৰাকীৰ। অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী আছিল তেওঁ। ৰাজনীতিত ভৰি থোৱাৰ আগেয়ে তেখেত আছিল শিক্ষক।
 
পুৰকায়স্থৰ বিয়োগত মৰ্মাহত হৈ পৰিছে বিভিন্ন মহল। ইতিমধ্যে বিভিন্ন ৰাজনৈতিক নেতা- কৰ্মীৰ উপৰি শুভাকাঙ্খীসকলে ভিৰ কৰিছে শিলচৰ মেডিকেল কলেজত।


শেহতীয়া খবৰ