ছানিয়া আঞ্জুম / বেংগালুৰু
মাইছুৰুৰ কণমানি ৰিফাহ টাস্কিন আজিৰ দিনত কেৱল মাত্ৰ এগৰাকী ৰেচাৰ নহয়, বৰং তেওঁ হৈছে বয়সৰ সীমা, সমাজৰ ধাৰণা আৰু সকলো বাধা অতিক্ৰম কৰি আগবঢ়া এক প্ৰেৰণাৰ উৎস। তিনিবছৰ বয়সত গাড়ীৰ ষ্টীয়াৰিং ধৰি যাত্ৰা আৰম্ভ কৰা এই ১৫ বছৰীয়া যুৱতীগৰাকীয়ে আজি ৭ টাকৈ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ৰিফাহ টাস্কিনৰ এই ব্যতিক্ৰমী যাত্ৰাৰ আৰম্ভণিয়ে অসম্ভৱকো সম্ভৱ কৰি দেখুৱাইছে।
ৰিফাহ টাস্কিনে ২০১০ চনৰ ৯ জুলাইত মাইছুৰুত জন্মগ্ৰহণ কৰিছিল। ৰিফাহ হৈছে চৰকাৰী বিদ্যালয়ৰ গৰাকী চৰকাৰী নিষ্ঠাবান শিক্ষয়িত্ৰী বি বি ফাতিমা আৰু প্ৰাক্তন কাৰ ৰেছাৰ তাজুদ্দিনৰ কন্যা। তাজুদ্দিন বৰ্তমান এগৰাকী সফল হোটেল ব্যৱসায়ী। যিহেতু ৰিফাহৰ জ্যেষ্ঠ ভগ্নী শ্বিফা ছাহাৰ ইতিমধ্যে বিবাহপাশত আৱদ্ধ হৈছে, সেয়েহে ৰিফাই হৈছে এতিয়া তেওঁৰ পৰিয়ালৰ সপোনবোৰ বাস্তৱ কৰাৰ একমাত্ৰ সম্বল। ছেইণ্ট এনি স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী হিচাপে তেওঁ কেৱল এগৰাকী কিশোৰীয়ে নহয়, তেওঁ প্ৰজন্মক অনুপ্ৰাণিত কৰা এক পৰিৱৰ্তনকাৰী শক্তি।
ৰিফাহ টাস্কিন তেওঁৰ ৰেচিং বাইক আৰু কাৰৰ সৈতে
আন্তঃৰাষ্ট্ৰীয় ৰেচিঙৰ খ্যাতি অৰ্জন কৰাৰ সপোন অসম্পূৰ্ণ হৈ ৰৈছিল ৰিফাহৰ পিতৃ তাজুদ্দিনৰ। তেওঁৰ আবেগক উত্তৰাধিকাৰী হিচাপে লৈ তেওঁৰ সপোন বাস্তৱায়িত কৰাৰ বাবে তাজুদ্দিনে এজন পুত্ৰ সন্তান বিচাৰিছিল, কিন্তু ইয়াৰ বিপৰীতে তেওঁ ৰিফাহৰ দৰে এগৰাকী অদ্ভুত কন্যা সন্তানহে পাইছিল। মাত্ৰ সাত বছৰ বয়সত ৰিফাহে এগৰাকী প্ৰবীণ ৰেচাৰৰ দৰে বাহন চলাইছিল। তিনি বছৰ বয়সত তেওঁ দেউতাকৰ কাষ্টম মডিফাইড গাড়ীখনৰ চলাবলৈ আৰম্ভ কৰিছিল আৰু কাৰো সহয় নোলোৱাকৈয়ে গাড়ীখন চলাইছিল। পাঁচ বছৰ বয়সতে ৰিফাহে মাইছুৰুৰ পৰা বেংগালুৰুলৈ আচৰিত ধৰণে নিখুঁততাৰে গাড়ীখন চলাই গৈছিল। ২০১৭ চনৰ ২৬ জানুৱাৰীত গণৰাজ্য দিৱসত সাত বছৰীয়া ৰিফাহক অভেদ্য মনোভাৱক মূৰ্ত সন্মান জনায় য়াংগেষ্ট গাৰ্ল টু ড্ৰাইভ মোষ্ট নাম্বৰ অব ভেহিকেল সন্মানেৰে সন্মানিত কৰিছিল।
মহান হ'বলৈ হ'লে ধৈৰ্য্যৰ প্ৰয়োজন। জ্যেষ্ঠ ভগ্নী শ্বিফাই ৰিফাহৰ প্ৰতিভা প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু বাতৰি কাকতসমূহে তেওঁৰ বয়স কম হোৱাৰ বাবে তেখেতৰ কৃতকাৰ্যতাক প্ৰচাৰ কৰিবলৈ অবহেলা কৰিছিল। ২০১৭ চনত নাগেশ নামৰ এজন যুৱক এজনে ৰিফাহক আগশাৰীৰ বাতৰি কাকত এখনৰ এগৰাকী মহিলা সাংবদিকৰ সৈতে চিনাকি কাৰোৱাই দিছিল আৰু ইয়াৰ পিছতে ৰিফাৰ সফলতাৰ সন্দৰ্ভত এটি প্ৰবন্ধ প্ৰকাশ পাইছিল। আৰু এই প্ৰবন্ধটোৱে ৰিফাহৰ নিশাটোৰ ভিতৰতে বিখ্যাত কৰি তুলিছিল।
ৰিফাহ টাস্কিনে লাভ কৰা ইণ্ডিয়া বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ আৰু গ'ল্ডেন বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ
ৰিফাহক বিশ্ব অভিলেখে হাত বাউলি মাতিছিল, যদিও আমোলতন্ত্ৰই তেওঁৰ আগুৱাই যোৱাৰ পথ বন্ধ কৰি ৰাখিছিল। নথি-পত্ৰৰ জৰিয়তে প্ৰাৰম্ভিক বাধাসমূহ আঁতৰিছিল, যদিও আৰটিঅ' আৰু চৰকাৰী বিষয়াসকলে প্ৰাপ্তবয়স্ক নহোৱাৰ বাবে তেওঁৰ অনুমতি প্ৰত্যাখ্যান কৰিছিল। ৰিফাহৰ পৰিয়ালটোৱে মন্ত্ৰীসকলৰ পৰা আৰম্ভ কৰি ক্ষমতাত থকা সকলো স্তম্ভলৈকে নিৰলসভাৱে গৈ আনুৰোধ কৰিছিল। প্ৰয়াত বিধায়ক ভাসুৱে শপত খাই কৈছিল যে, মই এই ছোৱালীজনীক সহায় কৰিবলৈ সাজু আছো, মই জেললৈ গ'লেও মই তাইৰ বাবে সকলো অনুমতি ল'ম। আৰক্ষী আয়ুক্ত আৰু ভাৰপ্ৰাপ্ত মন্ত্ৰীৰ সমৰ্থনত এখন স্কুলৰ পৰীক্ষাত এই চুক্তিখন স্বাক্ষৰ কৰা হৈছিল।
২০১৭ চনৰ ৫ নৱেম্বৰত ৰিফাহে তিলক নগৰৰ ঈদগাহত এখন ট্ৰাককে ধৰি একাধিক বাহন চলাই গোল্ডেন বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ এই কৃতিত্বই মাইছুৰুৰ বাতৰিৰ শিৰোনাম দখল কৰিছিল। তেওঁৰ আৰোহণ অব্যাহত আছিল। চিনাৰা দাসাৰৰ মুখ্য অতিথি হিচাপে ৰিফাহৰ এখন ভাইৰেল ফটোৱে উপ-আৰক্ষী আয়ুক্তক বিশেষ অনুমতি প্ৰদানৰ বাবে প্ৰলোভিত কৰিছিল। ৰিফাহে এই অনুষ্ঠানটোৰ আৰম্ভণি জে কে গ্ৰাউণ্ডত এখন বিদ্যুৎস্পৃষ্ট বাইকেৰে কৰিছিল।

ৰাহুল গান্ধীৰ সৈতে ৰিফাহ টাস্কিন আৰু তেওঁৰ পৰিয়াল
ৰেচিংৰ বাহিৰেও ৰিফাহে মাইছুৰু চিটি কৰ্পৰেচনৰ স্বচ্ছতাৰ দূত হিচাপে কাম কৰি আহিছে। বৰ্তমান তেওঁ একেৰাহে পঞ্চমবাৰৰ বাবে এই দ্বায়িত্বত আছে। তেওঁ চাৰি বছৰ ধৰি যক্ষ্মা ৰোগৰ দূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কু-সংস্কাৰৰ বিৰুদ্ধে যুঁজিছিল আৰু সজাগতা বিস্তাৰ কৰিছিল। তেওঁৰ উত্তৰাধিকাৰক সন্মানিত কৰাৰ বাবে ২০২৫ চনত টিপু চুলতান বঁটাৰ বাবে অপেক্ষা কৰি আছে।
২০১৯ চনত ৰিফাহ ৰাহুল গান্ধীৰদ্বাৰা আমন্ত্ৰিত হোৱাৰ লগতে ছোনিয়া গান্ধীয়েও তেওঁক গভীৰ সন্মান প্ৰদৰ্শন কৰিছিল। ৰিফাহৰ মাতৃ বি বি ফাতিমাই কয় যে, তেওঁলোকে প্ৰদান কৰা সন্মানৰ তুলনা একোৰে সৈতে কৰিব নোৱাৰি। ছোনিয়াই ৰিফাহক তেওঁৰ সপোনৰ বিষয়ে সুধিছিল আৰু ৰিফাই উত্তৰত কৈছিল, ফাইটাৰ পাইলট। ছোনিয়াৰ সমৰ্থনতে আঠ বছৰীয়া ৰিফাহৰ বাবে দুখন আসনযুক্ত বিমান চলাবলৈ জাক্কুৰ বিমান বন্দৰ মুকলি কৰি দিয়া হয়।
ৰিফাহ টাস্কিনে লাভ কৰা ৱৰ্ল্ড ৱাইড বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ আৰু ৱান্দাৰ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ
মাইছুৰুত ভাৰত জোড়ো যাত্ৰাৰ সময়ত তেওঁ ৰাহুল গান্ধীক সাক্ষাৎ কৰে আৰু সাহসী একতাৰ প্ৰতীকস্বৰূপ এক সাহসীকতাৰে বাহন চলাই তেওঁক ৰোমাঞ্চিত কৰে। বাহিৰৰ কোনো সাহায্য নোহোৱাকৈ সম্পূৰ্ণ স্ব-পুঁজিৰে বি বি ফাতিমাই ৰিফাহৰ সামাজিক মাধ্যমক পৰিচালনা কৰি ইয়াক এক প্ৰেৰণাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে।
গ'ল্ডেন বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ, এলিট বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ, হাই ৰেঞ্জ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ, ইণ্ডিয়া বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ, এছিয়া বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ, ৱৰ্ল্ড ৱাইড বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ আৰু ৱান্দাৰ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছকে ধৰি ৰিফাহ সাতটা বিশ্ব অভিলেখৰ গৰাকী। ৰিফাহে বাইক, এখন গাড়ীৰ আকাৰৰ দীঘলীয়া বাইক, জেচিবি, টিপাৰ, ডোজাৰ, ৰোড ৰোলাৰ, ক্ৰেন, কাৰ, বাছ, এছ ইউ ভি আৰু আনকি আঠ বছৰ বয়সত এখন বিমান চলাইছিল।
ছোনিয়া গান্ধীৰ সৈতে ৰিফাহ টাস্কিন
ৰিফাহৰ দক্ষতা এগৰাকী যুঁজাৰু ক্ৰীড়াবিদলৈও সম্প্ৰসাৰিত হৈছে। ৰিফাহ তৃতীয় স্থানৰ ৰাজ্যিক পৰ্যায়ৰ বক্সিং পদক বিজয়ী হোৱাৰ লগতে ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিদ্বন্দ্বী আৰু শেহতীয়াকৈ শিৱমোগাৰ ৰাজ্যিক বক্সিং প্ৰতিযোগিতাৰ তাৰকাও। ২০২৫ চনৰ ২৮ ছেপ্টেম্বৰত তেওঁ কেৰালাৰ কোচিৰ লে মেৰিডিয়ান ইণ্টাৰনেচনেলত প্ৰধানমন্ত্ৰী ফাউণ্ডেচনৰ পৰা এক বঁটা লাভ কৰিছে।
বিশ্বব্যাপী তেওঁ আলিনা আৰু আলিজাহৰ দৰে খেলুৱৈসকলক অনুপ্ৰাণিত কৰিছে। যিসকলে তেওঁৰ যাত্ৰাৰদ্বাৰা প্ৰভাৱিত হৈ থাইলেণ্ডত টাইকোৱানডো পদক লাভ কৰে আৰু পিছত তেওঁক তেওঁলোকৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনায়।
ৰিফাহ টাস্কিনে লাভ কৰা এলিট বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ আৰু হাই ৰেঞ্জ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ
পিতৃ-মাতৃ তাজুদ্দিন আৰু বি বি ফাতিমাই তেওঁৰ চাৰিচকীয়া বাহনৰ ৰেছাৰ হোৱাৰ কামনা কৰে আৰু ৰিফাহে বাইক ৰেছাৰ হোৱাৰ সপোন দেখিছে। শেষত প্ৰকৃত পৰিৱৰ্তন আনিবলৈ আই এ এছ বিষয়া হোৱাৰ আশা কৰিছে। এছএছএলচিৰ পিছত ৰিফাহে চাৰি-পাঁচটা অভিলেখৰ লক্ষ্য ৰাখিছে, যিবোৰ হৈছে-- টায়াৰ বা ষ্টিয়াৰিং অবিহনে গাড়ী চলাই, ১৫ কিলোমিটাৰ দুচকীয়া বাহনত ভাৰসাম্য বজাই ৰাখি চলচ্চিত্ৰৰ ষ্টাইলৰ দৰে ষ্টান্ট প্ৰদৰ্শন কৰা আৰু ১০ খন গাড়ীৰ ওপৰেৰে এখন গাড়ী উৰুৱাই সাহসীকতা প্ৰদৰ্শন কৰা।
ৰিফা টাস্কিনে কেৱল এগৰাকী ৰেচাৰ নহয় তেওঁ এগৰাকী পৰিৱৰ্তনকাৰীও। তিনি বছৰীয়া শিশুৰ পৰা আৰম্ভ কৰি স্বচ্ছতা, স্বাস্থ্য আৰু সাহসৰ ১৫ বছৰীয়া চেম্পিয়নলৈ তেওঁৰ এই যাত্ৰাই প্ৰমাণ কৰিছে যে, সপোনবোৰে বয়স আৰু নিয়মক আওঁকাণ কৰি আন্তৰিকতা, সাহস আৰু কোনো জিৰণি নোলোৱাকৈ আগুৱাই যায়।