নতুন দিল্লী
	 
	কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডে ২০২৬ চনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাৰ তাৰিখ ঘোষণা  কৰিছে। পৰীক্ষা ব'ৰ্ডে জনোৱা মতে, ২০২৬ চনৰ ১৭ ফেব্ৰুৱাৰীৰ পৰা পৰীক্ষা অনুষ্ঠিত হ’ব। ইয়াৰ উপৰিও ব'ৰ্ডে উল্লেখ কৰে যে, ২০২৬ চনৰ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাসমূহ ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ (এনইপি-২০২০)ত দিয়া পৰামৰ্শ অনুসৰি অনুষ্ঠিত কৰা হ’ব।
	 
	জাননী অনুসৰি প্ৰথমবাৰৰ বাবে চিবিএছইয়ে নৱম শ্ৰেণী আৰু একাদশ শ্ৰেণীৰ পঞ্জীয়নৰ তথ্যৰ ভিত্তিত ২০২৬ চনৰ পৰীক্ষাৰ আংশিক তাৰিখ ২০২৫ চনৰ ২৪ ছেপ্টেম্বৰত প্ৰকাশ কৰিছিল। এই কথা পৰীক্ষা আৰম্ভ হোৱাৰ ১৪৬ দিনৰ পূৰ্বৰ আছিল, যাতে পৰীক্ষাৰ্থীসকলে সেই অনুসৰি পৰিকল্পনা আৰু প্ৰস্তুতি চলাবলৈ যথেষ্ট সময় লাভ কৰে। 
	 
	কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডে কয় যে, দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ তাৰিখ সমূহ যাতে কোনো প্ৰতিযোগিতামূলক দিনৰ সৈতে ওভাৰলেপ নহয় তাৰবাবে সযতনে বিবেচনা কৰা হৈছে। লগতে ব'ৰ্ডে সকলো প্ৰাসংগিক কাৰকসমূহৰ প্ৰতি লক্ষ্য ৰাখিছে। 
	 
	এই বছৰৰ জুন মাহত চিবিএছইয়ে ২০২৬ চনৰ পৰা বছৰত দুবাৰকৈ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত অনুমোদন জনাইছিল, প্ৰথম প্ৰচেষ্টা বাধ্যতামূলক, দ্বিতীয়টো ঐচ্ছিক।
	 
	 
	এক আনুষ্ঠানিক প্ৰেছ বিবৃতিত চিবিএছইয়ে কয়, "ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ (এনিপি-২০২০) আৰু ইয়াৰ লগতে জড়িত থকা অংশীদাৰসকলৰ পৰামৰ্শ অনুসৰি চিবিএছইয়ে ২০২৬ চনৰ পৰীক্ষাৰ পৰা দশম শ্ৰেণীত দুটাকৈ ব’ৰ্ড পৰীক্ষাৰ নীতি ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ফেব্ৰুৱাৰী মাহৰ মাজভাগত অনুষ্ঠিত হ’বলগীয়া আৰু এপ্ৰিল মাহত ঘোষণা কৰা প্ৰথম পৰীক্ষাত সকলো ছাত্ৰ-ছাত্ৰীয়ে উপস্থিত থাকিব লাগিব। যোগ্যতা অৰ্জন কৰাসকলে জুন মাহত ঘোষণা কৰা ফলাফলৰ সৈতে মে’ মাহত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়টো পৰীক্ষাত বিজ্ঞান, গণিত, সমাজ বিজ্ঞান আৰু ভাষাৰ তিনিটা বিষয় পৰ্যন্ত প্ৰদৰ্শন উন্নত কৰিব পাৰিব।"
	 
	মূল পৰীক্ষাৰ পূৰ্বে এবাৰহে আভ্যন্তৰীণ মূল্যায়ন কৰা হ’ব বুলি ব’ৰ্ডে স্পষ্ট কৰি দিয়ে। প্ৰথম পৰীক্ষাত তিনিটা বা তাতকৈ অধিক বিষয়ত অৱতীৰ্ণ নোহোৱা ছাত্ৰ-ছাত্ৰীক দ্বিতীয় পৰীক্ষাত অংশগ্ৰহণৰ অনুমতি দিয়া নহ'ব আৰু তেওঁলোকক "অত্যাৱশ্যকীয় পুনৰাবৃত্তি" হিচাপে চিহ্নিত কৰা হ'ব, যিসকল ছাত্ৰ-ছাত্ৰীয়ে কেৱল অহা বছৰৰ মূল পৰীক্ষাতহে পুনৰ অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিব।