কেমেৰাৰ লেন্সৰ মাজেৰে জীৱনঃ মুস্তাক আহমেদৰ অসাধাৰণ যাত্ৰা

Story by  atv | Posted by  Munni Begum • 1 h ago
মুস্তাক আহমেদ
মুস্তাক আহমেদ
 
ছানিয়া আঞ্জুম / বেংগালুৰু
 
ভাৰতৰ বেংগালুৰুত জন্মগ্ৰহণ কৰা মুস্তাক আহমেদে সুযোগ আৰু ভাগ্যৰ বলত এদিন সংযুক্ত আৰৱ এমিৰেটছ(UAE)লৈ গুচি গৈছিল। আজি ৭৯ বছৰ বয়সত অৱসৰপ্ৰাপ্ত প্ৰথম ৱাৰেণ্ট অফিচাৰগৰাকীয়ে সংযুক্ত আৰৱ এমিৰেটছৰ উত্থানৰ সৈতে গভীৰভাৱে জড়িত হৈ পৰা জীৱনলৈ উভতি চাইছে। 
 
২০১৮ চনত অৱসৰ গ্ৰহণ কৰাৰ আগলৈকে, ৪১ বছৰ ধৰি তেওঁ ডুবাই আৰক্ষীৰ ফটোগ্ৰাফী বিভাগৰ নেতৃত্ব দিছিল৷ কেমেৰাৰ লেন্সৰ জৰিয়তে তেওঁ দেশখনৰ অবিশ্বাস্য পৰিৱৰ্তনৰ মুহূৰ্তবোৰ অমৰ কৰি ৰাখিছিল৷ বালিৰ মৰুভূমিৰ পৰা বিশ্বৰ অন্যতম আশ্চৰ্য তথা আধুনিক চহৰলৈ ৰূপান্তৰিত দেশখনৰ বৰ্ণিল দৃশ্যবোৰ তেওঁ কেমেৰাত বন্দী কৰি ৰাখিছিল। তেওঁ কৰ্ম-সংস্কৃতিৰ সেতুবন্ধনৰ কাম কৰিছিল৷ মক্কা আৰু মদিনাৰ পৱিত্ৰ স্থানৰ পৰা আৰম্ভ কৰি ডুবাইৰ ব্যস্ত পৰিৱৰ্তনলৈ তেওঁৰ কৰ্মৰাজি ইতিহাসৰ নীৰৱ সাক্ষী হৈ পৰিছিল।
 
সংযুক্ত আৰৱ এমিৰেটছৰ কেইজনমান সন্মানীয় নেতাৰ সৈতে মুস্তাক আহমেদ
 
মুস্তাক কেৱল এজন ফটোগ্ৰাফাৰেই নহয়, এজন চাক্ষুষ ইতিহাসবিদো হৈ পৰিছিল। তেওঁৰ কেমেৰাই সংযুক্ত আৰব এমিৰেটছৰ কিছুমান গুৰুত্বপূৰ্ণ মুহূৰ্ত, নেতাৰ ছবি আৰু উল্লেখনীয় সফলতাৰ কাহিনী দাঙি ধৰিছিল। 
 
সৰুৰে পৰা ফটোগ্ৰাফীৰ প্ৰতি অত্যন্ত আগ্রহী আছিল মুস্তাক৷ ফটোগ্ৰাফীৰ প্ৰতি থকা তেওঁৰ এই অনুৰাগ-আৱেগক ডুবাইয়ে জীৱনজোৰা এক অভিযানলৈ ৰূপান্তৰিত কৰাৰ মঞ্চ প্ৰদান কৰিছিল। ডুবাই আৰক্ষী আৰু লেফটেনেণ্ট জেনেৰেল ধাহি খালফান তামিম আৰু আব্দুল্লা খালিফা আল মাৰ্ৰিৰ দৰে নেতাৰ সহায়ত তেওঁ নতুন কৌশল আয়ত্ত কৰিবলৈ সমগ্ৰ বিশ্ব ভ্ৰমণ কৰিছিল। তেওঁ উন্নত প্ৰশিক্ষণৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল।
 
তেওঁ দৈনন্দিন সৰল কামবোৰক মূল্যৱান ঐতিহাসিক অভিলেখলৈ ৰূপান্তৰিত কৰিছিল, বছৰৰ পিছত বছৰ ধৰি ইউএইৰ দ্ৰুতগতিত চলি থকা অগ্ৰগতিৰ খতিয়ান নথিভুক্ত কৰিছিল।
 
মুস্তাক আহমেদৰ কেমেৰাৰ লেন্সত বন্দী এক দৃশ্য
 
মুস্তাকৰ অন্যতম বৃহৎ সফলতা আছিল মক্কা আৰু মদিনাৰ পৱিত্ৰ চহৰসমূহৰ ফটোগ্ৰাফী। এখন ক্ৰেনৰ সহায়ত তেওঁ কাবা আৰু মদিনাৰ শান্তিপূৰ্ণ সৌন্দৰ্যৰ বিৰল দৃশ্য বন্দী কৰিছিল- যিবোৰ দৃশ্য এতিয়া মুছলমান বিশ্বৰ প্ৰতি ঘৰতে দেখিবলৈ পোৱা যায়। তেওঁ কয়, "মই যেতিয়া প্ৰথমবাৰৰ বাবে কাবাৰ ফটো তুলিছিলো, মই গভীৰ শ্ৰদ্ধা আৰু ভক্তি অনুভৱ কৰিছিলো।" এই মুহূৰ্তবোৰ তেওঁৰ আটাইতকৈ আৱেগিক স্মৃতিৰ ভিতৰত পৰে বুলিও তেওঁ উল্লেখ কৰিছে।
 
মুস্তাকৰ কামে তেওঁক সংযুক্ত আৰৱ এমিৰেটছৰ কেইজনমান সন্মানীয় নেতাৰ কাষলৈ লৈ গৈছিল। তেওঁ প্ৰায়ে শ্বেইখ জায়েদ বিন ছুলতান আল নাহিয়ানক পৰ্যবেক্ষণ কৰিছিল, যাক তেওঁ উষ্ণ, নম্ৰ আৰু পিতৃসদৃশ বুলি গণ্য কৰিছিল। তেওঁ শ্বেইখ ৰাছিদ বিন ছৈয়দ আল মাকতৌম আৰু শ্বেইখ মাকতৌম বিন ৰাছিদ আল মাকতৌমৰ ফটো তুলিছিল, যিবোৰ মুহূৰ্তই অপৰিসীম ক্ষমতা থকাৰ পিছতো তেওঁলোকৰ সৰলতাক প্ৰতিফলিত কৰে। কথাবোৰ তেওঁ মনত পেলাই তেওঁ কয়, "এয়া কেৱল ফটোই নাছিল, এয়া আছিল নেতৃত্বৰ পাঠ।"  
 
১৯৭৯ চনত শ্বেইখ মহম্মদ বিন ৰাছিদ আল মাকতৌমৰ বিবাহৰ ফটো তোলাটো তেওঁৰ কেৰিয়াৰৰ এক উল্লেখনীয় ঘটনা আছিল বুলি মুস্তাকে উল্লেখ কৰে। বিশ্বব্যাপী সংবাদ মাধ্যমৰ উপস্থিতিত মুস্তাকে সাহসেৰে শ্বেইখ মহম্মদক তেওঁৰ বাহনৰ পৰা ওলাই আহিবলৈ অনুৰোধ জনাইছিল যাতে তেওঁৰ স্পষ্ট ফটো তুলিব পাৰে। মুস্তাকে কয়, "তেওঁ মোৰ ফালে চাই সুধিছিল- আপুনি কৈছে যে, মই বাহিৰলৈ ওলাই যাব লাগে? মই হয় বুলি মূৰ জোকাৰিছিলো আৰু তেওঁ বিনম্ৰতাৰে সন্মতি দিছিল।" তেওঁ শ্বেখ জায়েদ আৰু শ্বেখ ৰছিদকো এয়া উপভোগ কৰা প্ৰত্যক্ষ কৰিছিল, যিটো ঘটনাই শাসক পৰিয়ালটোৰ আনন্দময় আৰু ঐক্যবদ্ধ মনোভাৱৰ আভাস দিছিল। 
 
সংযুক্ত আৰৱ এমিৰেটছৰ কেইজনমান সন্মানীয় নেতাৰ সৈতে মুস্তাক আহমেদ
 
১৯৭০ৰ দশকৰ পৰা মুস্তাকে ডুবাইৰ নাটকীয় পৰিৱৰ্তনক আকাশৰ পৰা তুলি ধৰিছে৷ ৭০ৰ দশকত তেওঁ মাকতৌম দলং নিৰ্মাণৰ পূৰ্বে ঘড়ী টাৱাৰৰ ফটো তুলিছিল। ৮০ৰ দশকত শ্বেইখ জায়েদ ৰোডৰ অস্তিত্বৰ পূৰ্বে, তেওঁ ডুবাই ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ দৃশ্য হেলিকপ্টাৰৰ পৰা লৈছিল। ২০১৪ চনত তেওঁ তেওঁৰ প্ৰিয় শ্বটৰ এখন ছবি তুলিছিল, যিখন আছিল বুৰ্জ খালিফাৰ, যি ডুবাইৰ বিশ্বব্যাপী খ্যাতি লাভৰ প্ৰতীক। 
 
ডুবাইয়ে যেতিয়া এক্সপ' ২০২০ আয়োজনৰ বিজয় উৎসৱ উদযাপন কৰিছিল, সেই সময়ত ৰাষ্ট্ৰীয় গৌৰৱৰ এক বিশেষ মুহূৰ্তত শ্বেখ মহম্মদৰ কাষত থিয় হৈ তেৱোঁ উপস্থিত আছিল৷  তেওঁ কয়, "সৰ্বাধিক ডাঙৰ পৰিৱৰ্তন হ'ল ডুবাইক সাধাৰণ ধূলিৰ পাহাৰৰ পৰা আধুনিক, উচ্চ প্ৰযুক্তিৰ চহৰলৈ উন্নীত হোৱা দেখিবলৈ পোৱাটো।"
 
ডুবাই আৰক্ষীয়ে শেহতীয়াকৈ মুস্তাকক এক বিশেষ সন্মান প্ৰদৰ্শন কৰি তেওঁক আচৰিত কৰি তোলে। কৰ্ণেল ড০ আহমেদ মহাম্মদ আল সাদীয়ে তেওঁক সাবটি ধৰি কপালত চুমা খায়। এজন অৱসৰপ্ৰাপ্ত ব্যক্তিৰ বাবে এক বিৰল সন্মান বুলি তেওঁ অনুভৱ কৰে৷ অৱসৰৰ সময়ত, তেওঁ এৰি থৈ যোৱা তেওঁৰ শক্তিশালী উত্তৰাধিকাৰক স্বীকৃতি দি ছটা বিভাগে ইতিমধ্যে তেওঁক সন্মানিত কৰিছিল। 
 
মুস্তাক আহমেদৰ কেমেৰাৰ লেন্সত বন্দী এক দৃশ্য
 
তেওঁৰ এই যাত্ৰাৰ সময়ত মুস্তাকৰ পৰিয়াল আছিল তেওঁৰ আটাইতকৈ ডাঙৰ শক্তি। তেওঁৰ পত্নী আৰু সাতটা সন্তানে ধৈৰ্যৰে তেওঁৰ দীঘলীয়া সময়, বিদেশ ভ্ৰমণ আৰু গভীৰ নিশা সম্পাদন কৰা কাৰ্যক সমৰ্থন কৰিছিল। তেওঁৰ পত্নী - যাক সুন্দৰী, আকৰ্ষণীয় আৰু অবিশ্বাস্যভাৱে সহায়কাৰী বুলি তেওঁ স’ততে উল্লেখ কৰে, তেওঁৰ সেই পত্নীয়ে ঘৰখনক সৌন্দৰ্যৰে পৰিপূৰ্ণ কৰি ৰাখিছিল। এই দম্পতী আত্মীয় আৰু বন্ধুবৰ্গৰ মাজত "সপোনৰ দম্পতী" হিচাপে পৰিচিত আছিল৷ তেওঁলোকৰ প্ৰেমময়, সামঞ্জস্যপূৰ্ণ সম্পৰ্কক প্ৰশংসা কৰা হৈছিল।
 
মুস্তাকৰ ফটোগ্ৰাফসমূহ সংযুক্ত আৰব আমিৰাতত প্ৰদৰ্শন কৰা হৈছে আৰু বহুকেইখন ছবি পেইণ্টিঙৰ ৰূপত পুনৰ সৃষ্টি কৰা হৈছে। দেশখনৰ আৰম্ভণিৰ পৰা প্ৰধান ঐতিহাসিক মুহূৰ্তলৈকে তেওঁৰ ছবিসমূহ ডুবাইৰ চাক্ষুষ পুথিভঁৰালৰ এক গুৰুত্বপূৰ্ণ অংশ। এটা ক'লাজে তেওঁক ডুবাইৰ তিনিজন শাসকৰ সৈতে দেখুৱাইছেঃ শ্বেইখ ৰছিদ, শ্বেইখ মাকতৌম আৰু শ্বেইখ মহম্মদ - তেওঁৰ কাম ৰাষ্ট্ৰৰ নেতৃত্বৰ কিমান ওচৰত আছিল এয়া তাৰেই প্ৰতীক।
 
বুৰঞ্জীৰ ফটোগ্ৰাফী কৰাৰ সময়ত মুস্তাকে সৰল জীৱনৰ পাঠসমূহো সংগ্ৰহ কৰিছিল। জাপানত এজন যুৱ ষ্টেচন কৰ্মীয়ে মুস্তাকৰ হুইল চেয়াৰৰ ৰেম্প কঢ়িয়াই লৈ ফুৰিছিল আৰু মুস্তাকৰ হুইল চেয়াৰখনক সহায় কৰিবলৈ লিফ্টৰ ব্যৱস্থা কৰিছিল। কিয়’ট’ত এজন ৰিক্সাচালকে মুস্তাকক গন্তব্য স্থানলৈ কঢ়িয়াই লৈ যোৱাৰ পিছত তেওঁৰ পৰা ভাড়াৰ বাদে অতিৰিক্ত ধন ল'বলৈ অস্বীকাৰ কৰিছিল। ৰিক্সাচালকগৰাকীয়ে মুস্তাকৰ কৃতজ্ঞতাকে যথেষ্ট বুলি অভিহিত কৰিছিল।
 
ডুবাই আৰক্ষীৰ ফটোগ্ৰাফী বিভাগত কৰ্মৰত অৱস্থাত মুস্তাক আহমেদ
 
যদি তেওঁ এটা ক্ষণ পুনৰায় বন্দী কৰিব বিচাৰে বা যদি আৰু এটা সুযোগ তেওঁক দিয়া হয়, তেন্তে মুহূৰ্তৰ বাবে মুস্তাকে শ্বেইখ মহম্মদৰ বিবাহক বাছি ল'ব বুলি কয়৷ মুস্তাকে ভাৰত আৰু পাকিস্তানৰ কিংবদন্তি শিল্পীসকলকো সাক্ষাৎ কৰিছিল আৰু তেওঁলোকৰ ফটো তুলিছিল। তেওঁলোকৰ ভিতৰত গুলজাৰ, মহম্মদ ৰফি, লতা মংগেশকাৰ, তালত মাহমুদ, দিলীপ কুমাৰ, ৰাহাত ফাতেহ আলী খান অন্যতম আছিল৷
 
তেওঁ জেনেৰেল ৰায়না আৰু স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰথমগৰাকী কমাণ্ডাৰ-ইন-চিফ কিংবদন্তি ফিল্ড মাৰ্শ্বাল কে এম কাৰিয়াপ্পাকে ধৰি ভাৰতৰ সন্মানীয় সামৰিক নেতাসকলক সাক্ষাৎ কৰিছিল। মুস্তাকৰ মতে, কাৰিয়াপ্পাক সাক্ষাৎ কৰাটো হৈছে "ইতিহাসক স্পৰ্শ কৰা"ৰ দৰেই। কেইবা দশকজুৰি কাম কৰাৰ পাছতো মুস্তাকে বিনম্ৰতাৰে কয় যে, তেওঁৰ শ্ৰেষ্ঠ ফটোগ্ৰাফী 'এতিয়াও হৈ উঠা নাই'৷ ইয়ে প্ৰমাণ কৰে যে, ফটোগ্ৰাফীৰ প্ৰতি তেওঁৰ আৱেগ এতিয়াও কিমান উজ্জ্বল হৈ আছে।
 
মুস্তাক আহমেদ কেৱল এজন ফটোগ্ৰাফাৰে নহয়; তেওঁ এজন পৰিৱৰ্তনকাৰীও। যিয়ে ডুবাইৰ আখ্যান সংৰক্ষণ কৰি ৰাখিছিল। তেওঁ হৈছে সংযুক্ত আৰৱ এমিৰেটছৰ অতীত, ইয়াৰ নেতা, ইয়াৰ উদযাপন আৰু ইয়াৰ পৰিৱৰ্তনক সংৰক্ষণ কৰা এগৰাকী ব্যক্তি। পৱিত্ৰ ধৰ্মীয় স্থানৰ পৰা উচ্চ কৃতিত্বলৈকে তেওঁৰ লেন্সে ক্ষন্তেকীয়া মুহূৰ্তবোৰক চিৰন্তন ইতিহাসলৈ ৰূপান্তৰিত কৰিছিল। দ্ৰুত পৰিৱৰ্তনৰ পৃথিৱীখনত তেওঁ আমাক সোঁৱৰাই দিয়েঃ প্ৰকৃত দৃষ্টিশক্তিয়ে কেৱল ছবিয়েই নহয়, প্ৰগতিৰ হৃদয়কো ধৰি ৰাখে। য'ত বেলেগে কেৱল বালি দেখিছিল, তেওঁ তাত ভৱিষ্যত দেখিবলৈ পাইছিল আৰু সেইয়া কেমেৰাত বন্দী কৰি ৰাখিছিল।