ফাতিহা দোৱাজ দহমৰ তাৎপৰ্য

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
ফাতিহা দোৱাজ দহমৰ উপলক্ষে এটা মছজিদ আলোকিত কৰা হৈছে
ফাতিহা দোৱাজ দহমৰ উপলক্ষে এটা মছজিদ আলোকিত কৰা হৈছে
 ৰমিছা বেগম
 
সমাজ তথা দেশ যেতিয়া অন্যায়, অত্যাচাৰ, অবিচাৰ আৰু অজ্ঞান অন্ধকাৰে আৱৰি ধৰে তেতিয়াই এই মৰতত আবিৰ্ভাৱ হয় একো একোজন মহাপুৰুষৰ। সেই মহাপুৰুষৰ দিব্যজ্যোতিয়ে অন্ধকাৰাচ্ছন্ন আকাশত পোহৰৰ যুগৰ সুচনা কৰে। জ্ঞান তথা ধৰ্ম শিক্ষাৰ আলোকৰ ৰেঙনিত ধৰণী ধুনীয়া হয়। অশান্ত সমাজত প্ৰতিষ্ঠা হয় শান্তি। 
 
হজৰত মহম্মদ (ছঃ) য়ে জন্মগ্ৰহণ কৰাৰ আগতে আৰব দেশত ন্যায়, সততা, বৈধ, অবৈধ বুলি কোনো এটা ভাল কামেই নাছিল। হজৰত মহম্মদে (ছঃ) জন্মগ্ৰহণ কৰে ৫৭০ খ্ৰীঃত আৰব দেশৰ মক্কা শ্বৰীফৰ পাহাৰৰ উপত্যকাত থকা এটা ঘৰত। কাৰোবাৰ মতে ছাফা পৰ্বতৰ ওচৰত থকা ঘৰত। একে তাৰিখতে তেওঁৰ মৃত্যুও হৈছিল। তেওঁৰ জন্ম আৰু মৃত্যু দিৱস উপলক্ষে 'ফাতেহা দোৱাজ দহম' সমগ্র বিশ্বৰ মুছলমান সকলে উদযাপন কৰে। এয়াই এই দিৱসৰ তাৎপৰ্য। 
 
শিশুসকলে ঈদ-ই-মিলাদ-উন-নবী উপলক্ষে উলিওৱা এটা শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে
 
হজৰত মহম্মদ (ছঃ) য়ে কোৰাইশ বংশত তেওঁ জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ মাতৃৰ নাম আমিনা আৰু পিতৃৰ নাম আব্দুল্লা আছিল। তেওঁৰ জন্মৰ ছমাহ আগতে তেওঁৰ পিতৃৰ ইন্তেকাল হৈছিল আৰু জন্মৰ ছমাহ পিছত তেওঁৰ মাতৃও মৃত্যুবৰণ কৰিছিল। তেওঁ কোৰাইশ বংশৰ হালিমা নামৰ এগৰাকী মহিলাৰ তত্বাৱধানত ডাঙৰ-দীঘল হৈছিল।
 
বিশ্বৰ মুছলমানসকলৰ বাবে 'ফাতেহা দোৱাজ দহম' অতিকৈ আনন্দৰ দিন। কিয়নো এই দিনটোক ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ(ছঃ)ৰ জন্মদিৱস হিচাপে পালন কৰা হয়। আৰবী ভাষাত 'ফাতেহা' শব্দৰ অর্থ মোনাজাত বা দোৱা বা প্রার্থনা। 'দোৱাজ দহম' শব্দৰ অর্থ বাৰ। অর্থাৎ বাৰৰ প্ৰাৰ্থনা। এই 'বাৰো' আচলতে আৰবী মাহ 'ৰবিউল আউয়াল'ৰ ১২ তাৰিখতে বিশ্ব নবী হজৰত মহম্মদ (ছঃ) য়ে জন্ম গ্রহণ কৰিছিল। সেয়ে 'ফাতেহা দোৱাজ দহম' মানেই বিশ্ব নবীৰ জন্ম দিৱস উপলক্ষে দোৱা প্রার্থনা কৰা। 
 
হজৰত মহম্মদ (ছঃ)ৰ দৰগাহ
 
হজৰত মহম্মদ (ছঃ) য়ে প্ৰচাৰ কৰা ধৰ্মক ইছলাম ধৰ্ম বুলি কোৱা হয়। পবিত্র কোৰাণ শ্বৰীফ তেওঁৰ ওপৰত নাজিল কৰা হৈছিল। ইছলাম শব্দৰ অর্থ হৈছে শান্তি। এই ইছলাম শব্দৰ মূল ভেটি হৈছে কলিমা, নামাজ, ৰোজা, হজ আৰু জাকাত। এই প্রসংগত উল্লেখ কৰিব পাৰি যে আৰবী ভাষাৰ 'ৰবিউন' শব্দৰ পৰা  'ৰবিউল' শব্দ আহিছে। যাৰ অর্থ বসন্ত বা সেউজীয়াৰ সমাৰোহ। ইতিহাসে কৈছে হজৰত মহম্মদ (ছঃ) য়ে যি বছৰত মাতৃ আমিনাৰ গৰ্ভত ধাৰণ কৰিছিল সেই বছৰ মক্কাত শুকান মৰুভূমি প্রাণবন্ত মানে জীপাল হৈ উঠিছিল। সেই বছৰ গছে গছে প্ৰচুৰ ফুল বা ফল ধৰিছিল। কোৰাইশ সম্প্রদায়ে সেই কাৰণে সেই বছৰক আনন্দ, খুশী আৰু সঞ্জীৱনীৰ বছৰ বুলিও আখ্যা দিয়ে।  
 
(লেখিকা এগৰাকী সুপৰিচিত সাহিত্যিক তথা স্তম্ভ লেখক)