আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি

Story by  atv | Posted by  Munni Begum • 1 Years ago
 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবি
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবি
গুৱাহাটী
 
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। এই উপলক্ষে আজি নাম-কীর্তন, জগত গুৰু বন্দনাৰে মুখৰ আৰু ভক্তি ৰসেৰে জীপাল এক পৰিবেশৰ মাজত ৰাজ্যজুৰি সৰ্বগুণাকাৰ গুৰুজনাক স্মৰণ কৰিব ৰাজ্যৰ জনগণে। 
 
এসময়ত ধৰ্মৰ নামত চলা ব্যভিচাৰ আঁতৰাই, জাতি-ভেদ, বর্ণ, উচ্চ-নীচৰ ভেদাভেদৰ প্ৰাচীৰ ভাঙি সু-শৃংখলিত ৰূপত সমাজ গঢ়াৰ বাবে নৱ বৈষ্ণৱ ধর্ম বা একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰিছিল মহাপুৰুষজনাই। 
ধৰ্ম প্ৰচাৰৰ লগতে অসমীয়া জাতিৰ সাহিত্য-সংস্কৃতিৰ ভেটিও নির্মাণ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। সৰ্বগুণাকাৰ মহাপুৰুষজনা আছিল একেৰাহে ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, গায়ক, নর্তক, অভিনেতা, নাট্যকাৰ আৰু অসমীয়া জাতিৰ সাহিত্য-সংস্কৃতিৰ নিৰ্মাতা।
অসমৰ সৰ্বস্তৰৰ জনগণৰ অন্তৰে অন্তৰে বিদ্যমান গুৰুজনাৰ প্রতি অসীম ভক্তি। সেই ভক্তিকে সাৰোগত কৰি সোমবাৰে ৰাজ্যজুৰি উদ্‌যাপন কৰা হ'ব গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথি। 
এই উপলক্ষে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহৰ লগতে আন বিভিন্ন ঠাইত চলিছে ভক্তিভৰা আয়োজন। গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে ইতিমধ্যে বৰপেটা সত্ৰত আৰম্ভ হৈছে কীর্তন মহোৎসৱ। হৰিনাম কীর্তনেৰে মুখৰ হৈ পৰিছে বৰপেটা সত্ৰৰ পৰিবেশ।
ৰাজ্যৰ অন্যান্য প্রান্তৰ সত্ৰ নামঘৰসমূহতো শোভাযাত্রা, নাম-কীৰ্তন আদি বৰ্ণিল কাৰ্যসূচীৰ মাজেৰে গুৰুজনাৰ তিৰোভাৱত তিথি উদ্‌যাপন কৰিবলৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে।