ব্যক্তিগত মাদ্ৰাছা স্থাপনৰ বাবে নীতি-নিয়ম প্ৰৱৰ্তনৰ চিন্তা-চৰ্চা অসম চৰকাৰৰ

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
দৌলত ৰহমান / গুৱাহাটী 
 
অসমৰ মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে তেওঁৰ চৰকাৰে ৰাজ্যখনত ব্যক্তিগত মাদ্ৰাছা স্থাপনৰ বাবে কিছু নীতি-নিয়ম প্ৰস্তুত কৰাৰ কথা বিবেচনা কৰি আছে। ভাৰতত আল-কায়েদা (একিউআইএছ) আৰু বাংলাদেশস্থিত আনছাৰুল্লাহ বাংলা দল (এ বি টি)ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত যোৱা ২৪ ঘণ্টাত মাদ্ৰাছাৰ এগৰাকী শিক্ষকসহ ১১ জন লোকক অসমৰ বৰপেটা আৰু মৰিগাওঁ জিলাত আটক কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে আজি এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। 
 
"আমি মুছলমান শিক্ষাৰ্থীসকলক আধুনিক শিক্ষা প্ৰদান কৰিবলৈ ৭০০ খন চৰকাৰী মাদ্ৰাছাক সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত কৰিছো। কিন্তু ব্যক্তিগত মাদ্ৰাছা মুকলি কৰাৰ ওপৰত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই, কিয়নো ভাৰতৰ সংবিধানে সংখ্যালঘু সম্প্ৰদায়ক শিক্ষানুষ্ঠান স্থাপনৰ ক্ষমতা প্ৰদান কৰিছে। কিন্তু কিছুমান মাদ্ৰাছাত বৰ্ধিত জেহাদী কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ব্যক্তিগত মাদ্ৰাছাসমূহৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণৰ বাবে নতুন নিয়ম প্ৰস্তুত কৰিবলৈ আইন বিশেষজ্ঞৰ সৈতে আলোচনা কৰিব," শৰ্মাই শুকুৰবাৰে সাংবাদিকসকলক কয়।
 
মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে ব্যক্তিগত মাদ্ৰাছাসমূহত বিজ্ঞান আৰু গণিতৰ দৰে আধুনিক বিষয় প্ৰৱৰ্তন কৰাটো বাধ্যতামূলক কৰাৰ পৰিকল্পনা কৰিছে। 
 
তেওঁ এই কথাও উল্লেখ কৰে যে বিভিন্ন স্থান আৰু সময়ত ৰাজ্যখনত জেহাদী কাৰ্যকলাপ অব্যাহত থাকিব যিহেতু অসমৰ সীমান্ত বাংলাদেশৰ সৈতে সংলগ্ন হৈ আছে। বাংলাদেশত কিছুমান মৌলবাদী আৰু সন্ত্ৰাসবাদী গোট এতিয়াও সক্ৰিয় হৈ আছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।