আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত লৈ পোষ্টকাৰ্ড প্ৰেৰণ কৰাৰ পূৰ্বে ছাত্ৰীসকলে হাতত বেনাৰ লৈ থকা এক দৃশ্য
দৌলত ৰহমান / গুৱাহাটী
ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ শতাধিক মুছলমান ছোৱালীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পোষ্টকাৰ্ড প্ৰেৰণ কৰি তেওঁলোকৰ জিলাত ড্ৰপ-আউটৰ হাৰ ৰোধ কৰিবলৈ অধিক বিদ্যালয় স্থাপন কৰিবলৈ আহ্বান জনাইছে। বডোলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ)ৰ ছোৱালীসকলেও একেধৰণৰ পোষ্টকাৰ্ড মুখ্যমন্ত্ৰীৰ লগতে বিটিচিৰ মূৰব্বী প্ৰমোদ বড়োলৈ প্ৰেৰণ কৰি একে দাবী উত্থাপন কৰিছে।
উল্লেখ্য যে, চলিত বৰ্ষৰ ২৪ জানুৱাৰীত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস উপলক্ষে পোষ্টকাৰ্ডসমূহ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছিল। কোকৰাঝাৰস্থিত নেডান ফাউণ্ডেশ্যন আৰু নৰ্থ ইষ্ট ৰিচাৰ্চ এণ্ড ছ’চিয়েল ৱৰ্ক নেটৱৰ্কিং(এনইআৰএছডব্লিউএন) নামৰ দুটা আগশাৰীৰ বেচৰকাৰী সংস্থাই তেওঁলোকৰ “চেম্পিয়নছ ফৰ গাৰ্লছ এডুকেশ্যন” কাৰ্যসূচীৰ অংশ হিচাপে ছোৱালীকেইগৰাকীক সংগঠিত কৰে। এই কাৰ্যসূচীয়ে শিক্ষাৰ অধিকাৰ আইন দ্বাদশ শ্ৰেণীলৈ বৃদ্ধিৰ বাবে প্ৰচাৰ চলাইছে।
বিদ্যালয়ৰ চৌহদত বহি থকা ছাত্ৰীসকল
দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা উগ্ৰপন্থী আৰু বানপানীৰ সমস্যাই শিক্ষা ক্ষেত্ৰখনক প্ৰভাৱিত কৰি থকাৰ বাবেই অসমত এই কাৰ্যসূচী আৰম্ভ কৰা হয়। ‘বিদ্যালয়লৈ যাবলৈ আমি দৈনিক পাঁচৰ পৰা সাত কিলোমিটাৰ খোজ কাঢ়িব লাগে। চাইকেল কিনি দিব পৰাকৈ আমাৰ অভিভাৱকৰ আৰ্থিক সামৰ্থ্য নাই। ফলত বহু ছোৱালীয়ে প্ৰায়ে আধাতে শিক্ষা ত্যাগ কৰে আৰু বহুতে আনকি সোনকালে বিবাহপাঁশত আৱদ্ধ হয়।’-এইদৰে কয় ধুবুৰী জিলাৰ কাজাইকাটা দ্বিতীয় খণ্ড গাঁৱৰ কিশোৰী আমিনা খাতুনে।
“শিক্ষক-ছাত্ৰৰ সংখ্যা যুক্তিসংগত কৰিবলৈ বিদ্যালয়সমূহত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তি দিব লাগে। বহু বিদ্যালয়ত উপযুক্ত শৌচাগাৰৰ অভাৱৰ বাবে ছোৱালীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। এনে পৰিস্থিতিয়ে প্ৰায়ে ছোৱালীসকলক বিদ্যালয় এৰি যাবলৈ বাধ্য কৰাইছিল।’-মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰখনৰ উদ্ধৃতি দি খাতুনে এইদৰে কয়।
ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন চিষ্টেম ফৰ এডুকেশ্যন (ইউডিএছই)ৰ প্ৰতিবেদন (২০২১-২২) অনুসৰি অসমৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ত ১০.০৪ লাখ শিক্ষাৰ্থী আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন ৫.৪৫ লাখ শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে। ৰাজ্যখনৰ প্ৰায় আধা সংখ্যক ছোৱালীয়ে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পূৰ্বে শিক্ষা ত্যাগ কৰিবলৈ বাধ্য হৈছে।
প্ৰতিনিধিত্বমূলক ছবি
"উচ্চ হাৰৰ ড্ৰপআউটৰ এটা মুখ্য কাৰণ হ'ল মাধ্যমিক পৰ্যায়ত পৰ্যাপ্ত পৰিমাণৰ বিদ্যালয়ৰ অভাৱ। চৰকাৰে নতুন বিদ্যালয় খুলি বিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰাৰ এক আকস্মিক প্ৰয়োজনীয়তা আছে। কাৰণ, পৰ্যাপ্ত পৰিমাণৰ বিদ্যালয় নথকাৰ পৰিণাম ভুগিছে মুখ্যতঃ ছোৱালীসকল। কিয়নো, পুৰুষতান্ত্ৰিক সমাজ এখনত সিহঁতক শিক্ষাৰ বাবে দীঘলীয়া ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া নহয়," নেডান ফাউণ্ডেচনৰ ছিকৱনা ব্ৰহ্মই কয়।
এনইআৰএছডব্লিউএনৰ প্ৰকল্প সমন্বয়ক বাজুন হেমব্ৰামে কয় যে স্কুলীয়া ছোৱালীসকলে শেহতীয়াকৈ বিলাসীপাৰা, ধুবুৰী চহৰ আৰু দক্ষিণ শালমাৰাৰ ডাকঘৰৰ পৰা পোষ্টকাৰ্ডবোৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছিল। একেধৰণৰ পোষ্ট কাৰ্ড বিটিআৰৰ চিৰাং জিলাৰ টিপকাই ডাকঘৰৰ পৰা বিটিচি প্ৰধান প্ৰমোদ বড়োলৈ প্ৰেৰণ কৰা হৈছিল।
তেওঁ কয়, "আমি ইতিমধ্যে বিটিআৰ আৰু বাহিৰৰ পৰা ১,৭১৭খনতকৈ অধিক পোষ্টকাৰ্ড লাভ কৰিছো আৰু সকলোবোৰ ক্ৰমান্বয়ে মুখ্যমন্ত্ৰী আৰু বিটিচি প্ৰধানলৈ প্ৰেৰণ কৰা হ'ব।" হেমব্ৰামে পুনৰ কয় যে এনইআৰএছডব্লিউএন-এ ধুবুৰী জিলাৰ বিলাসীপাৰা উপ-বিভাগৰ কমেও ৪১ খন গাঁৱত ছোৱালীৰ শিক্ষাৰ বাবে এটা প্ৰকল্প ৰূপায়ণ কৰি আছে।
মুখ্যমন্ত্ৰীলৈ পোষ্টকাৰ্ড প্ৰেৰণ কৰি থকা মূহুৰ্তৰ এক দৃশ্য
আমাৰ সমাজত এনে এটা ধাৰণা আছে যে মুছলমান ছোৱালীয়ে কেতিয়াবাহে উচ্চ শিক্ষা গ্ৰহণ কৰে, বা প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয়। বহু পৰিস্থিতিৰ বাবে বেছিভাগ ছোৱালীয়ে কম বয়সত বিয়াত বহিবলগীয়া হয় আৰু মাতৃত্বৰ বোজা বহন কৰিবলগীয়া হয়। কিন্তু অসম চৰকাৰে এনে পৰিস্থিতি সলনি কৰাৰ প্ৰয়াস কৰিছে আৰু দূৰৱৰ্তী, অনগ্ৰসৰ তথা মুছলমান অধ্যুষিত অঞ্চলত নখন আদৰ্শ মহিলা মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে।
ৰাজ্যিক উচ্চ শিক্ষা বিভাগে বৰপেটা জিলাৰ চেঙা, ধুবুৰী জিলাৰ গোলাকগঞ্জ আৰু বিলাসীপাৰা, গোৱালপাৰা জিলাৰ জলেশ্বৰ, দৰং জিলাৰ মঙলদৈ, কাছাৰ জিলাৰ সোনাই আৰু নগাঁও জিলাৰ বটদ্ৰবাত আদৰ্শ মহিলা মহাবিদ্যালয় স্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত আন দুখন মহাবিদ্যালয় স্থাপন কৰা হ’ব। এই মহাবিদ্যালয়সমূহ স্থাপনৰ বাবে ৰাজকোষৰ ২০০ কোটি টকাতকৈও অধিক ব্যয় হ'ব।