UPSCত সফল হোৱাটো কঠিন, কিন্তু অসম্ভৱ নহয়ঃ মহম্মদ ইদুল আহমেদ

Story by  atv | Posted by  [email protected] • 10 Months ago
মহম্মদ ইদুল আহমেদ
মহম্মদ ইদুল আহমেদ
 
আৱাজ দ্য ভইচ / গুৱাহাটী

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সফল হোৱাটো কঠিন, কিন্তু অসম্ভৱ নহয়। দেশৰ হাজাৰ হাজাৰ মেধাসম্পন্ন যুৱক-যুৱতীক চেৰ পেলাই কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উজলি উঠা অসম সন্তান মহম্মদ ইদুল আহমেদে এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। সম্প্ৰতি গুৱাহাটীৰ পল্টনবজাৰস্থিত উত্তৰ-পূব সীমান্ত ৰেলৱে'ত CDO ( Coaching Depot Officer ) হিচাপে কৰ্মৰত ইদুল আহমেদে মঙলবাৰে ঘোষিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত দেশৰ ভিতৰত ২৯৮সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। 
 
UPSC পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পিছত 'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত ইদুল আহমেদে কয়, "যদিও মই আইআইটিৰ পৰা বিটেক সম্পূৰ্ণ কৰিছিলো, তথাপি মোৰ মনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত বহাৰ ইচ্ছা সৰুৰে পৰা আছিল। কাৰণ, ইউপিএছৰ পৰীক্ষাত সফলতা লাভ কৰিলে জনসাধাৰণৰ সেৱা কৰাৰ সুযোগ পোৱা যায়। যদিও মই এতিয়াও জনসাধাৰণৰ সেৱাত জড়িত হৈ আছো, তথাপি বৰ্তমানৰ সফলতাই মোক আৰু অধিক জনসাধাৰণৰ কাষলৈ লৈ যাব।"
 
উল্লেখ্য যে, পুতুল আহমেদ, হাছনা ৰহমানৰ সুযোগ্য সন্তান ইদুল আহমেদে ইয়াৰ পূৰ্বেও কেইবাবাৰো কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও আশানুৰূপ সফলতা লাভ কৰা নাছিল। তথাপি আশা আৰু সাহস নেহেৰুৱাই তেওঁ পুনৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু অৱশেষত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়।
 
ইউপিএছচিত পঞ্চম স্থান লাভ কৰা অসমৰ ময়ুৰ হাজৰিকা
 
"UPSCত সফল হোৱাটো কঠিন, কিন্তু অসম্ভৱ নহয়," ২০১৪ত আইআইটি, গুৱাহাটীৰ পৰা বিটেক সম্পূৰ্ণ কৰা গুৱাহাটীৰ ছয়মাইলৰ বাসিন্দা ইদুল আহমেদে এইদৰে কয়। মনকৰিবলগীয়া যে, কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উজলি উঠা মেধাৱী যুৱকজনে ২০১৬ত Indian Engineering Services (IES)ৰ পৰীক্ষাতো শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতে তেওঁ দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডত ইঞ্জিনিয়াৰ হিচাপে প্ৰায় এবছৰ কাম কৰে। 
 
কিন্তু, কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সফল হোৱাৰ সপোন পূৰণ কৰিবলৈ ইদুল আহমেদে চাকৰি বাদ দি পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। ক্ৰিকেট আৰু ফুটবলৰ প্ৰতি বিশেষ দূৰ্বলতা থকা মেধাৱী যুৱকজনে ২০০৮ত পানবজাৰৰ ডনবস্ক' স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফতাৰে উত্তীৰ্ণ হৈছিল। 
 
ইফালে, অসমৰ তেজপুৰৰ ময়ুৰ হাজৰিকাই মঙলবাৰে ঘোষিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত দেশৰ ভিতৰত পঞ্চম স্থান লাভ কৰি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। 
 
মনকৰিবলগীয়া যে, ময়ুৰ হাজৰিকাই ইউপিএছচি পৰীক্ষা ২০২২ত পুৰুষ প্ৰাৰ্থী হিচাপে শীৰ্ষস্থান দখল কৰিছে। কিয়নো, প্ৰথম চাৰিটা স্থান মহিলা প্ৰাৰ্থীয়ে দখল কৰিছে। ঈশিতা কিশোৰীয়ে এই পৰীক্ষাত শীৰ্ষস্থান লাভ কৰাৰ লগতে গৰিমা লোহিয়াই দ্বিতীয়, উমা হেৰাথিনে তৃতীয় আৰু স্মৃতি মিশ্ৰই চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। 
 
জানিব পৰা অনুসৰি, ময়ুৰ হাজৰিকাই সম্প্ৰতি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত নগাঁওত ডক্টৰ হিচাপে কাম কৰি আছে।