আশাৰ কেন্দ্ৰ হৈ পৰিছে গুজৰাটৰ এটি মছজিদ

Story by  atv | Posted by  Munni Begum • 17 h ago
হিন্দু, মুছলমান, মহিলা, বৃদ্ধ আৰু শিশু সকলোৱে আহি মছজিদৰ পৰা পানী সংগ্ৰহ কৰাৰ দৃশ্য
হিন্দু, মুছলমান, মহিলা, বৃদ্ধ আৰু শিশু সকলোৱে আহি মছজিদৰ পৰা পানী সংগ্ৰহ কৰাৰ দৃশ্য
 
আৰ্ছলা খান / নতুন দিল্লী
 
বৰ্তমান সময়ত বহু অপশক্তিয়ে ভাৰতবৰ্ষৰ ঐতিহ্য, সংস্কৃতি আৰু ভাতৃত্ববোধত বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰি থাকে যদিও, এতিয়াও বহু ঠাইৰ একতা আৰু ভাতৃত্ববোধৰ ছবিয়ে প্ৰকৃত ভাৰতীয় সভ্যতা-সংস্কৃতি আৰু ভাতৃত্ববোধক প্ৰতিফলিত কৰে। 
 
গুজৰাটৰ আহমেদাবাদত দেখা গ'ল সম্প্ৰীতিৰ তেনে এক বিৰল নিদৰ্শন।  আহমেদাবাদৰ এই ছবিসমূহত মানৱতা, ভাতৃত্ববোধ আৰু গংগা-যমুনা  তহচিবৰ এক সুন্দৰ উদাহৰণ দেখিবলৈ পোৱা গৈছে। গুজৰাটৰ এই চহৰখনত যেতিয়া পানীৰ যোগান হঠাৎ ব্যাহত হ'ল আৰু সাধাৰণ জনতাই খোৱা পানীৰ বাবে সমস্যাৰ সন্মুখীন হ'ল, তেতিয়া এটা মছজিদে মানৱতাৰ এনে এটা দুৱাৰ মুকলি কৰিলে যিয়ে মানুহৰ হৃদয় জয় কৰিলে।
 
 
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ছবিবোৰত স্পষ্টকৈ দেখা যায় যে মছজিদ চৌহদৰ ভিতৰত অ-মুছলমান ভাই-ভনীসকলে পানী ভৰোৱাৰ বাবে শাৰী পাতি আছে। কোনো বৈষম্য নাই, কোনো প্ৰশ্ন নাই, কেৱল প্ৰয়োজন আৰু সহায়ৰ অনুভূতি। পানী যোগানৰ অভাৱৰ বাবে মছজিদ পৰিচালনা সমিতিয়ে সকলো ধৰ্মৰ লোকৰ বাবে দ্ৰুতভাৱে মছজিদৰ দুৱাৰ মুকলি কৰি দিয়ে। মছজিদৰ পানীৰ ব্যৱস্থা সাধাৰণ মানুহৰ ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়া হৈছিল যাতে কোনেও পিয়াহত থাকিবলগীয়া নহয়।
 
স্থানীয় লোকৰ মতে, বিগত কিছুদিন ধৰি আহমেদাবাদৰ এই অঞ্চলত পানী যোগান সঠিকভাৱে চলি থকা নাছিল। বহু ঘৰত পানীৰ অভাৱ হৈছিল। এনে পৰিস্থিতিত, সেই ঠাইৰ সাধাৰণ জনতাই খবৰ পালে যে মছজিদত পানী উপলব্ধ আছে আৰু সকলোকে তাৰ পৰা পানী ল'বলৈ অনুমতি দিয়া হৈছে, তেতিয়া বৃহৎ সংখ্যক লোক মছজিদত উপস্থিত হ'বলৈ আৰম্ভ কৰে। হিন্দু, মুছলমান, মহিলা, বৃদ্ধ আৰু শিশু সকলোৱে আহি পানী সংগ্ৰহ কৰিছিল। মছজিদৰ ভিতৰৰ আৰু বাহিৰৰ পৰিৱেশটো এটা ধৰ্মীয় স্থানৰ পৰিৱৰ্তে ভাতৃত্ববোধৰ চীন স্বৰূপে দেখা গৈছিল।
 
এই সমগ্ৰ ঘটনাই প্ৰমাণ কৰিছে যে ধৰ্মৰ প্ৰকৃত উদ্দেশ্য হৈছে মানুহক সহায় কৰা আৰু সমাজক একত্ৰিত কৰা, বিভাজন নহয়। মছজিদৰ এজন স্থানীয় বিষয়াই জনায় যে পানীৰ দৰে মৌলিক প্ৰয়োজনত কোনো ধৰণৰ চৰ্ত বা চিনাক্তকৰণ থাকিব নালাগে। যেতিয়া আমাৰ চুবুৰীয়া বিপদত পৰে, তেতিয়া সহায় কৰাটো প্ৰত্যেকৰে কৰ্তব্য। তেওঁ কয় যে মছজিদ কেৱল নামাজৰ স্থান নহয়, বৰঞ্চ ই সমাজ সেৱাৰো কেন্দ্ৰ।
 
সামাজিক মাধ্যমত এই ছবিখন প্ৰচাৰ হোৱাৰ লগে লগে ইয়াৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হয়। টুইটাৰ, ফেচবুক আৰু ইনষ্টাগ্ৰামত সহস্ৰাধিক লোকে এই ছবিখন শ্বেয়াৰ কৰি ইয়াক "মানৱতাৰ বিজয়" বুলি অভিহিত কৰিছে। বহু লোকে লিখিছে যে এনেবোৰ খবৰে আজিৰ সময়ত আশাৰ সঞ্চাৰ কৰে, যি সময়ত সমাজত ঘৃণা আৰু বিভাজনৰ কথা অধিক শুনা যায়। কিছুমান ব্যৱহাৰকাৰীয়ে ইয়াক ভাৰতৰ প্ৰকৃত পৰিচয় বুলি অভিহিত কৰিছে, য'ত বিভিন্ন ধৰ্মৰ লোকসকলে কঠিন সময়ত ইজনে সিজনক সহায় কৰে।
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 

A post shared by Gaow Diary (@gaowdiary)

 
স্থানীয় হিন্দু পৰিয়ালসমূহেও মছজিদ পৰিচালনাক ধন্যবাদ জ্ঞাপন কৰে। এগৰাকী মহিলাই কৈছিল যে তেওঁ কেতিয়াও ভবা নাছিল যে পানীৰ অভাৱৰ সময়ত মছজিদে ইমান সহায় কৰিব। তেওঁৰ মতে, সেই সময়ত তেওঁ ধৰ্মৰ কথা নাভাবিলে, পৰিচয়ৰ কথাও নাভাবিলে, কেৱল সকাহ পালে যে শিশু আৰু বৃদ্ধসকলৰ বাবে পানী যোগান ধৰা হ'ল।
 
এই ঘটনা কেৱল পানী যোগান ব্যৱস্থাৰ মাজতে সীমাবদ্ধ নহয়, ই এক বৃহৎ সামাজিক বাৰ্তাও বহন কৰিছে। আহমেদাবাদৰ এই আলোকচিত্ৰসমূহে প্ৰমাণ কৰিছে যে যেতিয়া পৰিস্থিতি কঠিন হয়, তেতিয়া মানৱতা সকলোতকৈ ওপৰত থাকে। ধৰ্ম আৰু পৰিচয় এই সকলোবোৰ পিছলৈ যায় আৰু কেৱল সহায়ৰ আকৰ্ষণহে আগবাঢ়ি আহে।
 
আজি, যেতিয়া এই খবৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, ই আমাক স্মৰণ কৰাইছে যে ভাৰতৰ শক্তি ইয়াৰ বৈচিত্ৰতা আৰু পাৰস্পৰিক ভাতৃত্ববোধত লুকাই আছে। আহমেদাবাদৰ এই মছজিদে কেৱল পানী বিতৰণ কৰাই নহয়, প্ৰেম, আস্থা আৰু মানৱতাৰ বাৰ্তা প্ৰদান কৰিছে। এই ছবিখনেই সমাজক একত্ৰিত কৰে আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক আদৰ্শ স্বৰূপ হৈ পৰে।