এহছান ফাজিলী / শ্ৰীনগৰ
জীৱনৰ কঠিন প্ৰত্যাহ্বান আৰু ঘাট-প্ৰতিঘাতেই যাৰ সংকল্পক টলাব পৰা নাছিল, তেওঁ হৈছে অদম্য সাহসৰ প্ৰতীক IPS বিষয়া ছাৰা ৰিজভী। উত্তৰ প্ৰদেশৰ সাংস্কৃতিকভাৱে চহকী আমৰোহা জিলাৰ পৰা আহি মুম্বাইত ডাঙৰ-দীঘল হোৱা ছাৰাৰ জীৱন যাত্ৰা ইমান সহজ নাছিল। মুম্বাইতেই শিক্ষা গ্ৰহণ কৰি অসামৰিক সেৱাৰ জৰিয়তে দেশ সেৱাত ব্ৰতী হোৱাৰ সপোন দেখা এইগৰাকী সাহসী বিষয়াৰ যাত্ৰাপথ আছিল অলেখ প্ৰত্যাহ্বান আৰু সংগ্ৰামেৰে ভৰা।
২০০৮ চনৰ বেটচৰ গুজৰাট কেডাৰৰ আই পি এছ বিষয়াগৰাকীয়ে বৰ্তমান ২০২২ চনৰ পৰা জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চললৈ ইণ্টাৰ-কেডাৰ ডেপুটেচনত জম্মু আৰু কাশ্মীৰৰ উধামপুৰ-ৰেয়াছী আৰক্ষী ৰেঞ্জৰ উপ-মহাপৰিদৰ্শক (DIG) হিচাপে কৰ্মৰত হৈ আছে। যোৱা বছৰৰ এপ্ৰিল মাহত তেওঁ এই পদবীৰ দায়িত্ব গ্ৰহণ কৰিছিল। গুজৰাটৰ লগতে জম্মু আৰু কাশ্মীৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰি প্ৰত্যাহ্বানমূলক কামবোৰত নিষ্ঠাৰে নিজৰ সেৱা আগবঢ়োৱাৰ সংকল্পৰে, চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁক আৰক্ষী মহাপৰিদৰ্শক (IG) পদলৈ পদোন্নতি দিয়া হৈছে আৰু বৰ্তমান তেওঁ পৰৱৰ্তী উচ্চ পদবীৰ বাবে অপেক্ষা কৰি আছে।
IPS ছাৰা ৰিজভী
ছাৰা ৰিজভী হৈছে জম্মু আৰু কাশ্মীৰত ডি আই জি (DIG) বা আই জি (IG) পদবীত থকা একমাত্ৰ মহিলা আৰক্ষী বিষয়া। শিক্ষক, পণ্ডিত, চিকিৎসক আৰু অভিযন্তাৰ পৰিয়ালৰ পৰা অহাৰ পিছতো তেওঁ তেওঁৰ ককাক (মাকৰ দেউতাক)ৰ পৰা সামাজিকভাৱে অধিক দায়িত্বশীল হ'বলৈ অনুপ্ৰাণিত হৈছিল। সৰুতেই তেওঁ মাতৃক হেৰুৱাইছিল, যাৰ ফলত পেছাত অধিবক্তা ককাকৰ তত্ত্বাৱধানতেই তেওঁ ডাঙৰ-দীঘল হৈছিল। সমাজৰ প্ৰতি দায়িত্ববোধক নিজৰ লক্ষ্য হিচাপে লৈ সমাজৰ সেৱা কৰিবলৈ তেওঁ ককাকৰ পৰা বিশেষভাৱে অনুপ্ৰাণিত হৈছিল।
বাণিজ্য শাখাত স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পিছত, আৰ্থিক অনাটন দূৰ কৰিবলৈ, নিজৰ খৰচ উলিয়াবলৈ আৰু অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ তেওঁ এটা বেচৰকাৰী খণ্ডৰ চাকৰিত যোগদান কৰিছিল। তেওঁৰ লক্ষ্য আছিল অসামৰিক সেৱাত উত্তীৰ্ণ হোৱা আৰু আৰ্থিক সমস্যাক নেওচি টিউচন কৰি (ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাই) অহোপুৰুষাৰ্থ কৰি গৈছিল। অৱশেষত ২০০৮ চনত তৃতীয়টো প্ৰচেষ্টাত তেওঁ এই আকাংক্ষিত পৰীক্ষাত উত্তীৰ্ণ হয়।
অসামৰিক সেৱাৰ বিষয়া হিচাপে কৰ্মৰত অৱস্থাত তেওঁ লাহে লাহে থিতাপি ল'বলৈ আৰম্ভ কৰোঁতেই, ক'ভিডত আক্ৰান্ত হৈ তেওঁৰ স্বামীৰ মৃত্যু হয়, যিটো তেওঁৰ ব্যক্তিগত জীৱনত আন এক বৃহৎ প্ৰত্যাহ্বান হৈ থিয় দিছিল। বৰ্তমান তেওঁ এগৰাকী 'ছিংগল মাদাৰ' (অকলশৰীয়া মাতৃ) হিচাপে নিজৰ পাঁচ বছৰীয়া কন্যাক লালন-পালন কৰাৰ লগতে তেওঁৰ ওপৰত ন্যস্ত কৰা সেৱা আৰু দায়িত্বসমূহ অতি নিষ্ঠাৰে পালন কৰি আহিছে। ব্যক্তিগত জীৱনৰ দুখ-কষ্ট আৰু মানসিক বিচ্যুতিসমূহ দূৰ কৰিবলৈ তেওঁ প্ৰত্যাহ্বানমূলক কামবোৰক অগ্ৰাধিকাৰ দিছিল আৰু সেইবাবেই ২০২২ চনত তেওঁ গুজৰাটৰ পৰা জম্মু আৰু কাশ্মীৰলৈ ইণ্টাৰ-কেডাৰ ডেপুটেচনত আহে।
পদোন্নতি লাভ কৰা মুহূৰ্তত
বৰ্তমানৰ পদবীৰ পূৰ্বে, ছাৰা ৰিজভীয়ে ব্যুৰো অৱ পুলিচ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত এছ এছ পি (SSP) প্ৰশিক্ষণ হিচাপে আৰু ২০২২-২০২৩ বৰ্ষৰ মাজত জম্মু আৰু কাশ্মীৰৰ আৰক্ষী মুখ্য কাৰ্যালয়ত ডি আই জি (প্ৰশাসন) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁক জম্মু আৰু কাশ্মীৰত ডি আই জি আই আৰ পি (ইণ্ডিয়ান ৰিজাৰ্ভ পুলিচ) হিচাপে নিযুক্তি দিয়া হৈছিল আৰু লগতে আৰক্ষী মুখ্য কাৰ্যালয়ৰ ডি আই জি (প্ৰশিক্ষণ)ৰ অতিৰিক্ত দায়িত্বও অৰ্পণ কৰা হৈছিল। জম্মু আৰু কাশ্মীৰলৈ বদলি হোৱাৰ আগতে ছাৰা ৰিজভীয়ে গুজৰাটত ৰাজকোটৰ (গ্ৰাম্য) এ এছ পি (ASP), জামনগৰৰ এছ এছ পি (SSP), ৰাজকোট চহৰৰ ডি চি পি (DCP), ইণ্টেলিজেন্স ব্যুৰোৰ কাশ্মীৰ ডেস্কৰ সহকাৰী সঞ্চালক আৰু ছিকিমৰ গেংটকত ছাবচিডিয়াৰী ইণ্টেলিজেন্স ব্যুৰোৰ মুৰব্বী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
তেওঁৰ কিছুমান গুৰুত্বপূৰ্ণ দায়িত্বৰ ভিতৰত আছিল- জামনগৰৰ এছ এছ পি হিচাপে ২০১২ চনৰ গুজৰাট বিধানসভা নিৰ্বাচন পৰিচালনা, ৰাজকোট চহৰৰ ডি চি পি হিচাপে ২০১৪ চনৰ লোকসভা নিৰ্বাচন পৰিচালনা; ২০১৬-২০১৭ বৰ্ষত ছিকিম আৰু পশ্চিম বংগত গোৰ্খালেণ্ড আন্দোলনৰ নিয়ন্ত্ৰণ; ২০১৭ চনত ভাৰত আৰু চীনৰ মাজত ডোকলাম বিবাদ চম্ভালা; আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০২৪ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনী ব্যয়ৰ নোডেল বিষয়া হিচাপে দায়িত্ব পালন।
তেওঁৰ উল্লেখনীয় সেৱাৰ বাবে লাভ কৰা প্ৰশংসা আৰু স্বীকৃতিসমূহৰ ভিতৰত আছে- ২০১৯ চনত আৰক্ষীৰ বিশেষ কৰ্তব্য পদক আৰু ফাৰ্ষ্ট বাৰ (Ist Bar); আৰক্ষী অন্তৰিক সুৰক্ষা সেৱা পদক, ২০১৯; ইণ্টেলিজেন্স ব্যুৰোৰ সঞ্চালক আৰু বি পি আৰ এণ্ড ডি (BPR&D)ৰ ডি জিৰ ফালৰ পৰা প্ৰশংসা পত্ৰ; ২০২৩ চনত উৎকৃষ্ট কৰ্তব্যৰ বাবে ডি জি পি জম্মু আৰু কাশ্মীৰৰ প্ৰশংসা পত্ৰ; আৰু ২০২৪ চনৰ লোকসভা আৰু জম্মু আৰু কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ নোডেল বিষয়া হিচাপে উৎকৃষ্ট কৰ্তব্য পালনৰ বাবে জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপালৰ (LG) পৰা প্ৰশংসা পত্ৰ।