হৰমুজ সংকট মোকাবিলা কৰিবলৈ সাজু হৈছে ভাৰত: প্ৰধানমন্ত্ৰী মোদী

Story by  atv | Posted by  [email protected] • 1 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
আৱাজ-দ্য ভইচ ব্যুৰ'
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে কয় যে ভাৰতে বৰ্তমান বেলেগ বেলেগ বহু দেশৰ পৰা ইন্ধন আমদানি কৰিবলৈ আৰম্ভ কৰিছে আৰু জৰুৰীকালীন সময়ৰ বাবে তেলৰ সংৰক্ষণো বৃদ্ধি কৰিছে। এই পদক্ষেপসমূহৰ বাবে পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ ফলত সৃষ্টি হোৱা সমস্যাৰ সন্মুখীন হ'বলৈ ভাৰত সক্ষম হৈছে।
 
লোকসভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই যুদ্ধই ভাৰতৰ বাবে এক ডাঙৰ বিপদৰ সৃষ্টি কৰিছে।
 
তেওঁ কয়, “বিগত ১১ বছৰত ভাৰতে ইন্ধন সংগ্ৰহৰ ক্ষেত্ৰত নিজৰ পৰিসৰ বৃদ্ধি কৰিছে। আগতে আমি মাত্ৰ ২৭ খন দেশৰ পৰা ইন্ধন আনিছিলোঁ, কিন্তু এতিয়া ৪১ খন দেশৰ পৰা ইন্ধন আমদানি কৰোঁ।”
প্ৰধানমন্ত্ৰীয়ে সংসদৰ সদস্যসকলক অনুৰোধ কৰে যাতে তেওঁলোকে বিশ্বৰ আগত একেটা সুৰতে কথা কয় আৰু এই সংকটৰ সময়ত সংসদৰ পৰা এক শক্তিশালী বাৰ্তা বিশ্ববাসীলৈ পঠিয়ায়।
 
প্ৰধামন্ত্ৰীগৰাকীয়ে লগতে কয়, “প্ৰায় ১ কোটি ভাৰতীয়ই উপসাগৰীয় দেশসমূহত থাকি কাম কৰে। সেই ঠাইবোৰত আমাৰ বাণিজ্যিক জাহাজ চলাচল কৰে আৰু জাহাজত কাম কৰা ভাৰতীয় লোকৰ সংখ্যাও বহুত বেছি। এই সকলোবোৰ কাৰণতে ভাৰতৰ বাবে এই বিষয়টো অতি চিন্তাজনক।”
 
আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰানে সমগ্ৰ অঞ্চলটোৰ শক্তি আন্তঃগাঁথনিত (শক্তি উৎপাদন কেন্দ্ৰসমূহত) আক্ৰমণ চলাইছে, যাৰ ফলত তেল আৰু গেছৰ উৎপাদন ব্যাপক হাৰত হ্ৰাস কৰিবলৈ বাধ্য হৈছে। ইৰানে 'ষ্ট্ৰেইট অৱ হৰমুজ' বা হৰমুজ প্ৰণালীটোও বন্ধ কৰি দিছে। ইয়াৰ পৰিণতিত ইৰানে বিশ্বৰ ২০-২৫ শতাংশ তেল আৰু গেছৰ যোগান বন্ধ কৰি দিছে, যাৰ ফলত সমগ্ৰ বিশ্বতে এক শক্তি সংকটৰ সৃষ্টি হৈছে আৰু ইন্ধনৰ মূল্য আকাশলংঘী হৈছে। যুদ্ধৰ পূৰ্বে প্ৰতি বেৰেলত ৭২ ডলাৰ থকা ব্ৰেণ্ট ক্ৰুডৰ (কেঁচা তেল) মূল্য শেহতীয়াকৈ ১১২ ডলাৰত বন্ধ হৈছে।
 
মোদীয়ে স্বীকাৰ কৰে যে ভাৰতৰ তেল, গেছ আৰু সাৰৰ যোগানৰ এক "যথেষ্ট অংশ" এই হৰমুজ প্ৰণালীৰ মাজেৰেই আহে আৰু যুদ্ধ আৰম্ভ হোৱাৰ পৰা এই পথেৰে জাহাজ চলাচল কৰাটো অতি প্ৰত্যাহ্বানজনক হৈ পৰিছে।
 
মোদীয়ে লগতে কয়, "এই সকলোবোৰৰ পাছতো চৰকাৰে পেট্ৰ'ল, ডিজেল আৰু গেছৰ যোগান যাতে বিশেষভাৱে প্ৰভাৱিত নহয়, তাৰ বাবে যথাসম্ভৱ চেষ্টা চলাইছে। সাধাৰণ জনতাৰ অসুবিধা কেনেকৈ কম কৰিব পাৰি, তাৰ ওপৰত আমি গুৰুত্ব দি আছো। আমি সকলোৱে জানো যে ভাৰতে ইয়াৰ এল.পি.জি. (LPG) প্ৰয়োজনৰ প্ৰায় ৬০ শতাংশ আমদানিৰ জৰিয়তে পূৰণ কৰে। যোগানৰ অনিশ্চয়তাৰ বাবে চৰকাৰে ঘৰুৱা কামত ব্যৱহাৰ হোৱা এল.পি.জি.ক অগ্ৰাধিকাৰ দিছে আৰু একে সময়তে দেশৰ ভিতৰতে উৎপাদন বৃদ্ধি কৰিছে। সমগ্ৰ দেশতে পেট্ৰ'ল আৰু ডিজেলৰ যোগান অব্যাহত থকাৰ পাছতো চৰকাৰে এই প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ অহৰহ কাম কৰি আছে।"