নতুন দিল্লী
মুম্বাইৰ শিক্ষাবিদ ৰুবল নাগীয়ে ডুবাইত বিশ্ব চৰকাৰ সন্মিলনত ২০২৬ জিইএমএছ এডুকেশ্যন গ্লোবেল শিক্ষক বঁটা লাভ কৰে। য'ত ডুবাইৰ ৰাজকুমাৰ শ্বেইখ হামদান বিন মহম্মদ বিন ৰছিদ আল মখতুমে ট্ৰফী প্ৰদান কৰে।
শিক্ষাবিদ ৰুবল নাগীৰ 'ৰুবল নাগী আৰ্ট ফাউণ্ডেচন'ৰ জৰিয়তে তেওঁ বস্তি আৰু গাঁৱত ৮০০ ৰো অধিক শিক্ষণ কেন্দ্ৰ স্থাপন কৰিছিল, দুবছৰীয়া সময়ছোৱাত ১০ লাখৰো অধিক শিশুক শিক্ষিত কৰাৰ বাবে 'লিভিং ৱালছ অৱ লাৰ্ণিং'ৰ ব্যৱহাৰ কৰিছিল।
এই বঁটাটো শিক্ষকতাৰ নোবেল বঁটা হিচাপে জনাজাত।
সামাজিক মাধ্যমৰ এই ভিডিঅ'টোত ৰুবল নাগীয়ে তেওঁৰ স্বামীক এই বঁটা লাভ কৰাৰ কথা ফোনযোগে কৈ থকা দেখা গৈছে।
তেওঁৰ এই শিক্ষণ কেন্দ্ৰসমূহৰ সম্প্ৰসাৰণ, শিক্ষকৰ প্ৰশিক্ষণ আৰু বৃত্তিমূলক প্ৰশিক্ষণৰ বাবে এক বিনামূলীয়া দক্ষতা প্ৰতিষ্ঠান আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, য'ত তেওঁ ১০ লাখ ডলাৰ বৃহৎ ধনৰাশী খৰছ কৰাৰ পৰিকল্পনা কৰিছে। তেওঁৰ এই বঁটা লাভৰ বাবে পূৰ্বৰ বিজয়ী ৰঞ্জিতসিং দিছালেৰ যথেষ্ট প্ৰশংসা লাভ কৰিছিল আৰু জম্মু আৰু কাশ্মীৰত তেওঁক 'মাটিৰ কন্যা' বুলি অভিহিত কৰে।
জম্মু আৰু কাশ্মীৰৰ কন্যা ৰুবল নাগী এগৰাকী শিল্পী, শিক্ষাবিদ আৰু পৰিৱৰ্তন সাধক।
ৰুবল নাগীয়ে সমগ্ৰ ভাৰতত ৮০০ ৰো অধিক শিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে আৰু বস্তি অঞ্চলৰ দেৱালত শৈক্ষিক ম'ৰেল নিৰ্মাণ কৰাৰ বাবে এই বঁটা লাভ কৰে। এই কেন্দ্ৰসমূহৰ লক্ষ্য হৈছে বিদ্যালয়ত কেতিয়াও নামভৰ্তি নকৰা শিশুসকলক সুসংগঠিত শিক্ষা প্ৰদান কৰা আৰু ইতিমধ্যে বিদ্যালয়ত নামভৰ্তি হৈ থকা শিশুসকলক সমৰ্থন কৰা।
দেৱালত অংকন কৰা দেৱাল-চিত্ৰৰ যোগেদি শিশুসকলক সাক্ষৰতা, বিজ্ঞান, গণিত, ইতিহাস আৰু অন্যান্য বিষয়সমূহ শিকোৱা হয়, যাৰ ফলত শিক্ষণ সহজ, দৃশ্যমান আৰু আকৰ্ষণীয় হয়।
জম্মুৰ পৰা অহা ৰুবল নাগীয়ে তেওঁৰ ৰাজ্যখনৰ যথেষ্ট বাসিন্দাসকলৰ প্ৰশংসা লাভ কৰিছে:
ৰুবল নাগী আৰ্ট ফাউণ্ডেচনৰ মুৰব্বী ৰুবল নাগীয়ে শিশুসকলক দায়িত্বশীল, নৈতিক আৰু উৎপাদনশীল নাগৰিক হিচাপে গঢ়ি তোলাৰ বাবে কাম কৰে। এই ফাউণ্ডেচনে কম খৰচী আৰু বহনক্ষম শিক্ষাৰ মডেলৰ জৰিয়তে দুৰ্বল শিশুসকলক গুণগত শিক্ষা প্ৰদান কৰে।
তেওঁ মিছাল মুম্বাই উদ্যোগৰো নেতৃত্ব দিছিল, যাৰ অধীনত ১৫০,০০০ ৰো অধিক ঘৰ মেৰামতি আৰু পেইন্ট কৰা হৈছিল। বৰ্তমানে এই ফাউণ্ডেচনে সমগ্ৰ দেশৰ ১৬৩ টা বস্তি আৰু গ্ৰামাঞ্চলত কাম কৰি আছে।
নাগীয়ে কয় যে তেওঁ এই পুৰস্কাৰৰ ধনৰাশিৰে এখন প্ৰতিষ্ঠান স্থাপন কৰিব যিয়ে যুৱক-যুৱতীসকলক বিনামূলীয়া বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদান কৰিব যাতে তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে আৰু সন্মানীয় চাকৰি লাভ কৰিব পাৰে।