গ্ৰাহকৰ বাবে উৎসৱকালীন অফাৰ OPPOৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
গ্ৰাহকৰ বাবে উৎসৱকালীন অফাৰ OPPOৰ
গ্ৰাহকৰ বাবে উৎসৱকালীন অফাৰ OPPOৰ
গুৱাহাটী
 
পোহৰৰ উৎসৱ দীপাৱলীক ৰোমাঞ্চকৰ কৰি তোলাৰ উদ্দেশ্যে আগশাৰীৰ স্মার্ট ডিভাইচ ব্ৰেণ্ড অপ্প'ৱে উৎসৱকালীন অফাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। 
 
উৎসৱকালীন অফাৰৰ অংশ হিচাপে গ্রাহকে ফ্লিপকার্ট, এমাজন, অপ্প' ষ্ট'ৰ আৰু অফলাইন বিপণীৰ পৰা অপ্প'ৰ সামগ্ৰীসমূহ ৰেহাই মূল্যত লাভ কৰিব পাৰিব। 
প্ৰতিষ্ঠানটোৱে জনোৱা অনুসৰি এই সময়ছোৱাত ফ্লিপকার্টত অপ্প' কে১০ আৰু কে১০ ৫জি ১,৫০০ টকাৰ ৰেহাই মূলত উপলব্ধ হ'ব। একেদৰে অপ্প এফ ১৯ প্ৰ' প্লাছ ফোনটো ২,০০০ টকাৰ ৰেহাই মূল্যত লাভ কৰিব পাৰিব। 
এক্সেঞ্জ অফাৰত ৰেন' ৮ প্ৰ' আৰু ৰেন ৮ ক্ৰয় কৰা গ্ৰাহকে ৪,০০০ আৰু ৩,০০০ টকাৰ সুবিধা লাভ কৰিব পাৰিব। তদুপৰি আই চি আই চি আই আৰু এক্সিছ বেংকৰ ক্রেডিট-ডেবিট কার্ড ব্যৱহাৰ কৰা গ্ৰাহকে ১০ শতাংশপর্যন্ত কেছবেক লাভ কৰিব পাৰিব।