দৰিদ্ৰ ৰোগীক নিজৰ ভাড়াঘৰত ৰাখি বিনামূলীয়া চিকিৎসাসেৱা আগবঢ়োৱা ডাঃ ইমাম আলী

Story by  atv | Posted by  [email protected] • 1 Years ago
ৰোগীৰ স্বাস্থ্য পৰীক্ষাৰ ৰেপৰ্ট নিৰীক্ষণ কৰি থকা অৱস্থাত চিকিৎসক ইমাম আলী
ৰোগীৰ স্বাস্থ্য পৰীক্ষাৰ ৰেপৰ্ট নিৰীক্ষণ কৰি থকা অৱস্থাত চিকিৎসক ইমাম আলী
মুন্নী বেগম/ গুৱাহাটী
 
চিকিৎসকসকলক ঈশ্বৰৰ দ্বিতীয় ৰূপ বুলি গণ্য কৰা হয়৷  সাধাৰণ লোকৰ বাবে ভগৱানৰ পিচতেই তেওঁলোকে হৈছে আস্থা আৰু বিশ্বাসৰ স্থল। ৰোগমুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত চিকিৎসকসকলৰ অৱদান অনস্বীকাৰ্য।  মানুহক মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰি তেওঁলোকে মানৱসেৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে।
 
সমাজ আৰু মানুহৰ সেৱাৰ নামত নিজৰ জীৱন উৎসৰ্গা কৰা এনে এগৰাকী মানৱ দৰদী চিকিৎসক হ'ল কৰিমগঞ্জৰ নিবাসী ডাঃ ইমাম আলী।  চিকিৎসা বৃত্তিক সম্পূৰ্ণৰূপে সেৱাৰ মনোভাৱেৰে গ্ৰহণ কৰা আলীয়ে দুখীয়া-দৰিদ্ৰ ৰোগীক নিজৰ ভাড়াঘৰত ৰাখি চিকিৎসাসেৱা আগবঢ়াই আহিছে। আনকি তেওঁ দুখীয়া ৰোগীৰ চিকিৎসাৰ সমস্ত খৰচ বহন কৰিও মহানতাৰ পৰিচয় দিছে।   
 
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক বাৰ্তালাপক চিকিৎসক ইমাম আলীয়ে কয়, "মই কেতিয়াও চিকিৎসক হব বুলি ভবা নাছিলো। মই উচ্চ শিক্ষা গ্ৰহণ কৰা বাবে অসমৰ বাহিৰলৈ যোৱাৰ সপোন দেখিছিলো। মই বেনাৰস বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণৰ সুযোগ লাভ কৰিছিলো। কিন্তু  জেষ্ঠ ভাতৃ ইউনুছ আলীয়ে মোক বাহিৰলৈ পঠাবলৈ অসন্মত হয়। তেওঁ মোক কৈছিল যে যদি মই অসমতে থাকি চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহন কৰো, তেন্তে তেওঁ মোৰ শিক্ষাৰ সকলো খৰচ বহন কৰিব। পিছত মই তেওঁৰ সিদ্ধান্ত মানি লৈ চিকিৎসকৰ শিক্ষা গ্ৰহণৰ বাবে সন্মতি জনালো।" 
 
দুগৰাকী ৰোগীৰ সৈতে চিকিৎসক ইমাম আলী
 
বৰপেটাত জন্ম গ্ৰহণ কৰা চিকিৎসক ইমাম আলীয়ে ১৯৭২ চনত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছৰ শিক্ষা গ্ৰহণৰ বাবে নাম ভৰ্তি কৰিছিল। পিছত তেওঁ তেওঁৰ সমগ্ৰ জীৱন গ্ৰাম্যাঞ্চলৰ সহস্ৰাধিক দুখীয়ালোকক বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়োৱাত লাগিল আৰু ওচৰ-পাজৰৰ মানুহৰ মাজত দুখীয়াক সহায় কৰাৰ এক মানসিকতাৰ গঢ় দিয়াৰ কামত ব্ৰতী হৈ পৰিল। যি কামত তেওঁ সফলতাও লাভ কৰিছে।   
 
চিকিৎক আলীয়ে কয়, "মোৰ চাকৰিৰ অধিকাংশ সময় মই অসমৰ গ্ৰাম্যাঞ্চলতে অতিবাহিত কৰিছো। সেয়েহে মোৰ ওচৰলৈ গ্ৰাম্যাঞ্চলৰ অতিকে দুখীয়া তথা দৰিদ্ৰ লোকসকলে চিকিৎসা সেৱাৰ বিচাৰি আহিছিল। কেতিয়াবা মোৰ ওচৰলৈ এনেকুৱাও লোক আহে যে যিসকল আৰ্থিকভাৱে ইমানে দুৰ্বল যে তেওঁলোকে তেওলোকৰ নিম্নমানৰ চিকিৎসাৰ খৰচো বহন কৰিব নোৱাৰে। তেনে ৰোগীসকলৰ মূখলৈ চালে মোৰ খুব দুখ লাগিছিল। মই তেওলোকক যিকোনো প্ৰকাৰে সহায় কৰিব বিচাৰিছিলো। মই সকলো ৰোগীকে মোৰ নিজৰ আত্মীয় তথা পৰিয়ালৰ একো একোজন সদস্য হিচাপে চিকিৎসা সেৱা আগবঢ়াই আহিছো। কিয়নো মনত এটা কথাই খুন্দিয়াই যে এই ব্যক্তিজনৰ যদি মোৰ পৰিয়ালৰ সদস্য হল হৈ, তেতিয়া মই তেওঁক কেনেদৰে স্বাস্থ্যৰ যত্ন ললো হয়। সেয়েহে মই কেতিয়াও কোনো ৰোগীক চিকিৎসক হিচাপে সেৱা প্ৰদান কৰা নাই। পৰিয়ালৰ সদস্য হিচাপে সেৱা আগবঢ়াইছো। ৰোগীৰ সুবিধা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ সকলো প্ৰয়োজন পুৰাবলৈ চেষ্টা কৰি আহিছো।" 
 
চিকিৎসক ইমাম আলী
 
দুগৰাকী চিকিৎসক সন্তানৰ পিতৃ চিকিৎসক ইমাম আলীয়ে নিজে থকা ভাড়াঘৰতে ৰোগীকো থকাৰ সুবিধা কৰি দিয়াৰ লগতে দুখীয়া লোকক সমস্ত চিকিৎসাৰ খৰচ বহন কৰি আহিছে। তেওঁৰ এই কামত তেওঁৰ পত্নী ডাঃ নাজমা বেগমে সম্পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছে।   
চিকিৎসক আলীয়ে কয়, "মোৰ জেষ্ঠ ভাতৃ ইউনুছ আলীৰ এষাৰ কথা কৈছিল যে আমি সকলোৱে দুখীয়া মানুহ। সেয়েহে আমি সকলোৱে আমাৰ ওচৰ পাজৰে থকা অন্য দুখীয়া-দৰিদ্ৰ লোকসকলক সহায় কৰিব লাগে। যদি আমাৰ ক্ষমতা থাকিও মানুহক সহায় নকৰো তেন্তে আমি মানুহ হৈ জন্ম লাভ কৰাটো নিৰৰ্থক হৈ যাব। সেই কথাষাৰে মোৰ মনত শিলৰ ৰেখাৰ দৰে সাঁচ বহুৱাইছিল। যেতিয়াই মোৰ ওচৰলৈ কোনো আৰ্থিকভাৱে দৈন্য লোকে চিকিৎসাৰ বাবে আহে তেতিয়া মই মোৰ জেষ্ঠ ভাতৃৰ এই কথাষাৰ মনত পেলাও আৰু মোৰ সক্ষমতা অনুসৰি  প্ৰতিগৰাকী ৰোগীকে  সেৱা অগবঢ়াবলৈ চেষ্টা কৰো। মই সদায় ৰোগীৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক চিকিৎসা পৰামৰ্শ আগবঢ়াও। অত্যাধিক মূল্যৰ ঔষধ খাবলৈ কেতিয়াও পৰামৰ্শ নিদিও। যদি কোনো ৰোগীক অত্যাধিক মূল্যৰ ঔষধৰ প্ৰয়োজন হয়, তেতিয়া মই নিজৰ ধনেৰে সেই ঔষধ ক্ৰয় কৰি ৰোগীক যোগান ধৰো। মোৰ এই কামত মোৰ পত্নী ডাঃ নাজমা বেগমে মোক সম্পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছে।"  
সহস্ৰাধিক দুখীয়া লোকক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰা চিকিৎসক ইমাম আলীয়ে এই কামৰ বাবে কাছাৰ কৰ্কট হাস্পতালৰ চিকিৎসা সঞ্চালক পদ্মশ্ৰী ডাঃ ৰবি কান্নান আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ  চিকিৎসক গিৰিধাৰি কোৰৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছে। তেওঁলোকেও আৰ্থিকভাৱে দুৰ্বল লোকসকলক চিকিৎসা সেৱাৰ জড়িয়তে সহায়ৰ হাত আগবঢ়ায় আহিছে। 
 
এক অনুষ্ঠানত বন্ধুৰ সৈতে চিকিৎসক ইমাম আলী
 
চিকিৎসক ইমাম আলীয়ে কয়, "মোৰ ৩৫ বছৰীয়া চিকিৎসা জীৱনত ভেতাৰবাং ৰাজ্যিক ঔষধালয়ত ১৯৮৩ ত যোগদান কৰিছিলো। তাত চাৰি বছৰ  সেৱা আগবঢ়াই পিছত ৰাতাবাৰী ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰলৈ স্থানান্তৰ হৈছিলো। তাৰ পিছত ৰামকৃষ্ণ নগৰ ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰত যোগদান কৰিছিলো। ইয়াৰ পিছত পাথাৰকান্দি ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰত অতিৰিক্ত মুখ্য চিকিৎসা তথা স্বাস্থ্য বিষয়া হিচাপে চিকিৎসা সেৱা আগবঢ়াই ২০১৬ চনত মই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰো। কিন্তু মোৰ এটা কথাই মনত খুব সন্তুষ্টি দিয়ে যে চাকৰিৰকালৰ সময়ৰ ওপৰিও বৰ্তমানো মই দুখীয়া লোকক বিনামূলীয়াকৈ চিকিৎসা সেৱাৰ জৰিয়তে সহায়ৰ হাত আগবঢ়াই আহিব পাৰিছো।"  
দুখীয়া ৰাইজৰ বাবে নিজৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰা চিকিৎসক ইমান আলীক অসম সাহিত্য সভাৰ লগতে বিভিন্ন দল সংগঠনে সন্মান তথা সম্বৰ্ধনা জনাইছে। চিকিৎসক আলীৰ মতে এগৰাকী চিকিৎসকৰ বাবে আনুষ্ঠানিক বঁটা-বাহনতকৈ মানুহৰ অন্তৰৰ আশীৰ্বাদহে অমূল্য সম্পদ। 
বৰ্তমান সময়ৰ চিকিৎসা ব্যৱস্থাৰ প্ৰতি দুখ প্ৰকাশ কৰি চিকিৎসক ইমাম আলীয়ে কয়, "চিকিৎসা সেৱা হ'ল এক মহান সেৱা। সকলোৰে এই সেৱা আগবঢ়োৱাৰ সোভাগ্য নহয়। আমি এই  সেৱাৰ জৰিয়তে মানৱ সেৱা আগবঢ়াব পাৰিছো। কিন্তু বৰ্তমান সময়ত চিকিৎসা সেৱাটোক একাংশই অৰ্থলাভৰ একমাত্ৰ পথ হিচাপে ব্যৱহাৰ কৰা দেখা যায়। সেয়েহে মই চিকিৎসকসকলক ক'ব বিচাৰো যে আমি চিকিৎসা সেৱাক মানৱ সেৱা হিচাপে গ্ৰহণ কৰা উচিত। ৰোগীসকলৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আমি সেৱা আগবঢ়াব লাগে।"