আই এফ এছ (প্ৰশিক্ষাৰ্থী) বিষয়াক কাজিৰঙা-কাৰ্বি আংলং ভূ-খণ্ডত সংৰক্ষণৰ কাম-কাজৰ আভাস আৰণ্যকৰ

Story by  atv | Posted by  [email protected] • 10 Months ago
আই এফ এছ (প্ৰশিক্ষাৰ্থী) বিষয়াক কাজিৰঙা-কাৰ্বি আংলং ভূ-খণ্ডত সংৰক্ষণৰ কাম-কাজৰ আভাস আৰণ্যকৰ
আই এফ এছ (প্ৰশিক্ষাৰ্থী) বিষয়াক কাজিৰঙা-কাৰ্বি আংলং ভূ-খণ্ডত সংৰক্ষণৰ কাম-কাজৰ আভাস আৰণ্যকৰ
 
গুৱাহাটী
 
কাজিৰঙা-কাৰ্বি আংলং ভূখণ্ডত সংৰক্ষণ প্ৰচেষ্টাৰ লগতে গৱেষণা-চালিত, অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে সম্প্ৰদায়ভিত্তিক প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা (চি বি এন আৰ এম)ৰ জৰিয়তে প্ৰাকৃতিক সম্পদৰ সংৰক্ষণত স্থানীয় লোকক কেনেদৰে জড়িত কৰে সেই বিষয়ে অধ্যয়ণ কৰাৰ বাবে ভাৰতীয় বন সেৱা বিষয়া (প্ৰশিক্ষাৰ্থী) ৰাহুল ঝাঝৰিয়া,  পেমা থিনলে  আৰু শুভমক লৈ গঠিত এটা প্ৰতিনিধি দলে ১১ৰ পৰা ১৭ জুনলৈ কাজিৰঙা ভ্ৰমণ কৰে।
 
এই ভ্ৰমণৰ অংশ হিচাপে তেওঁলোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সংমাণ্ডলিক বন বিষয়া (ডি এফ অ’) ৰমেশ গগৈক সাক্ষাৎ কৰে আৰু আৰণ্যকৰ ড০ দীপাংকৰ লহকৰ, ড০ আৰিফ হুছেইন আৰু ড০ জয়ন্ত কুমাৰ ৰয়ৰ উপস্থিতিত উদ্যানখনৰ বৈচিত্ৰ্য, আৰু পৰিচালনা পদ্ধতিৰ বিষয়ে আলোচনা কৰে ।
 
আৰণ্যকে এটা বিবৃতিযোগে জনায় যে বিষয়া কেইজনে কহৰাত থকা আৰণ্যকৰ ফিল্ড ষ্টেচনো ভ্ৰমণ কৰে আৰু দলৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে। ড° দীপাংকৰ লহকৰ আৰু আৰিফ হুছেইনে ক্ৰমে মানস আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে ব্যক্ত কৰে আৰু ড° জয়ন্ত ৰয়ে কাজিৰঙা-কাৰ্বি আংলং ভূখণ্ডত অব্যাহত থকা আৰণ্যকৰ কাৰ্যকলাপৰ চমু আভাস দিয়ে । দলটোক আৰণ্যকৰ সচিব প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া ড° বিভৱ কুমাৰ তালুকদাৰে বন্যপ্ৰাণী সংৰক্ষণ আৰু অংশীদাৰসকলৰ মাজত সমন্বয় ৰক্ষাৰ ক্ষেত্ৰত বৰ্তমানৰ পৰিস্থিতি আৰু অসুবিধাসমূহৰ  বিষয়েও অৱগত কৰে।
 
আই এফ এছ (প্ৰশিক্ষাৰ্থী) বিষয়াক কাজিৰঙা-কাৰ্বি আংলং ভূ-খণ্ডত সংৰক্ষণৰ কাম-কাজৰ আভাস আৰণ্যকৰ
 
স্থানীয় সংস্কৃতি আৰু ভূ-প্ৰকৃতি আৰু কোহোৰা নদী অৱবাহিকা (কে আৰ বি)ৰ গতি প্ৰকৃতিৰ বিষয়ে জানিবলৈ বিষয়াসকলে আৰণ্যকৰ সৰলংজন টেৰন আৰু ভাৰ্গৱী ৰাভাৰ নেতৃত্বত গাওঁ ভ্ৰমণত অংশগ্ৰহণ কৰে। তেওঁলোকে গাঁওখনৰ এটা কৃষি বনানীকৰণ আদৰ্শ থলীৰ লগতে আৰন্যকৰ সমূহীয়া সম্পদ কেন্দ্ৰ ভ্ৰমণ কৰে, য’ত আৰণ্যকৰ জ্যেষ্ঠ বিষয়া ড০ জয়ন্ত কুমাৰ শৰ্মাই দলটোৰ সৈতে মত বিনিময় কৰে আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, জীৱিকাৰ সুৰক্ষাৰ বাবে চিবিএনআৰএমৰ দৃষ্টিভংগীৰ লগতে স্থানীয় লোকক সংগঠিত আৰু নিয়োজিতকৰণৰ কৌশলগত দিশসমূহৰ বিষয়ে অৱগত কৰে । শৰ্মাই স্থানীয় লোকৰ দ্বাৰা উতপাদিত সামগ্ৰীৰ বিপণনৰ কৌশলগত পদ্ধতি আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণত স্থানীয় লোকক জড়িত কৰা ক্ষেত্ৰত আন বিভাগৰ সহায়ত বন বিভাগে কৰা অ-লাভজনক সহযোগিতাৰ বিষয়ে উল্লেখ কৰে ।
 
ইক’-টুৰিজিমৰ অভিজ্ঞতাৰ অংশ হিচাপে তেওঁলোকে ‘ইংনাম কেংকাম’ নামৰ এক ৰোমাঞ্চকৰ যাত্ৰাত ভাগ লয় । আৰণ্যকৰ দীপিকা ছেত্ৰী আৰু লিন্থোই লাইশ্ৰমৰ সৈতে গৈ তেওঁলোকে এটা ঝুম খেতি অঞ্চল ভ্ৰমণ কৰি ঝুম খেতিৰ লগতে ঝুম খেতিত জড়িত সকল আৰু আৰণ্যকৰ উদ্যোগত আৰম্ভ কৰা পৰিৱেশ পুনৰুদ্ধাৰ কাৰ্য্যকলাপৰ বিষয়ে সম্যক জ্ঞান লাভ কৰে ।
 
গোলাঘাট বন সংমণ্ডল ভ্ৰমণৰ পিছত তেওঁলোকে ডি এফ অ’ সুশীল কুমাৰ ঠাকুৰীয়াৰ সৈতে মানৱ-হাতী সংঘাতৰ বিষয়ে আলোচনা কৰে, বগীধলা চাহ বাগিচা আৰু কলিয়নী প্ৰাথমিক বিদ্যালয় ভ্ৰমণ কৰি হাতী আৰু মানৱৰ সহাৱস্থান সুচল কৰা সম্প্ৰদায় পৰিচালিত সৌৰশক্তি চালিত বেৰখন চায় আৰু বকিয়ালত গাওঁবাসীৰ সৈতে মত বিনিময় কৰে। আৰণ্যকৰ নিৰঞ্জন ভূঞাই এই কাৰ্যসূচীৰ সমন্বয়কৰ ভূমিকা পালন কৰে।
 
সামৰণিত দলটোৱে মহুৰামুখ হাইস্কুলত শিক্ষাৰ্থী সকলৰ বাবে প্ৰস্তুত কৰা “গড়ঁ বিদ্যালয়লৈ যায়” কাৰ্যসূচীত ভাগ লয় । গড়ঁৰ বিষয়ে উপস্থাপন, স্থানীয় উদ্ভিদ আৰু প্ৰাণীকূলৰ বিষয়ে আলোচনা, মত-বিনিময় আৰু মুকলি কুইজৰ জৰিয়তে আৰণ্যকৰ আৰিফ হুছেইনে দলটোক গড়ঁৰ বিচৰণ এলেকাত শিক্ষাৰ্থী সকলৰ মাজত গড়ঁ সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিস্তৃত আভাস দিয়ে ।