পৰিয়ালৰ পৰম্পৰা জীয়াই ৰাখিবলৈ এজন মেকানিকেল ইঞ্জিনিয়াৰিং শিক্ষক কেনেকৈ হৈ পৰিল দৰ্জী

Story by  atv | Posted by  Munni Begum • 14 h ago
 দৰ্জী আনৱৰ মেহেদী
দৰ্জী আনৱৰ মেহেদী
 
মনছুৰুদ্দিন ফৰিদী/চাকিব ছালিমৰ 
 
একালৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিষয়ৰ শিক্ষকে সম্প্ৰতি হাতত কেঁচি তুলি লয় ৰক্ষা কৰিছে পৰিয়ালৰ পৰম্পৰা। আজি তেওঁ কেৱল এজন দৰ্জী নহয়, তেওঁ এক জীৱন্ত ইতিহাস হৈ পৰিছে। যিয়ে গাড়ীৰ গিয়াৰ আৰু মেচিনৰ সঁজুলিৰ পৰা কেঁচি আৰু কাপোৰলৈ আহি সৃষ্টি কৰিছে এক ব্ৰেণ্ড, যিয়ে দেশৰ ৰাষ্ট্ৰপতিৰ পৰা বলিউডৰ তাৰকা পৰ্যন্ত সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে। তেওঁ হৈছে আনৱৰ মেহেদী। তেওঁৰ দোকান “মেহেদী হাছান টেইলৰছ” আজি কেৱল এটা নাম হৈ থকা নাই, ই আলিগড়ৰ ঐতিহ্য, সংস্কৃতি আৰু গৌৰৱৰ প্ৰতীক হৈ পৰিছে। 
 
এদিন আনৱৰ মেহেদীয়ে দোকানত টেবুল এখনৰ ওপৰত দীঘলকৈ মেলি লোৱা এখন ক'লা কাপোৰ কাটিবলৈ হাতত কেঁচি এখন তুলি লোৱাত নিজেই ক্ষন্তেক সময়ৰ বাবে থমকি ৰ’ল আৰু ক’লে যে, মইটো মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ প্ৰবক্তা, কিন্তু দেউতাৰ মৃত্যুৱে সকলো সলনি কৰি পেলালে। পৰিয়ালৰ শিল্প আৰু পেছাক তৈয়াৰী কৰাৰ পৰম্পৰা জীয়াই ৰাখিবলৈ এজন মেকানিকেল ইঞ্জিনিয়াৰ এতিয়া হৈ পৰিলো দৰ্জী।  
 
মেহেদী হাছান টেইলৰছ
 
এই আনৱৰ মেহদী এনে এজন ব্যক্তি যাৰ মাতত অনুশোচনা বা হতাশা একোৱে নাছিল। আজি কেৱল আলিগড়েই নহয় সমগ্ৰ বিশ্বই তেওঁক শ্বেৰৱানী কাৰুকাৰ্য্যৰ বিশেষজ্ঞ হিচাপে চিনি পায়। প্ৰয়াত পিতৃ মেহদী হাছান টেইলাৰ্ছৰ উত্তৰাধিকাৰ আগৰ দৰেই উজ্জ্বলভাৱে জিলিকি আছে। বিগত আশী বছৰ ধৰি ই কেৱল এটা বিখ্যাত ব্ৰেণ্ড আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ গৌৰৱৰ প্ৰতীকয়ে হৈ থকা নাই, ইয়াৰ আটকধুনীয়া শ্বেৰৱানীৰ বাবে বৰ্তমান সমগ্ৰ দেশ আৰু বিদেশতো এক অতি স্বীকৃতিপ্ৰাপ্ত নাম হৈ পৰিছে। বহু ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰাজনৈতিক আৰু সামাজিক ব্যক্তি আনকি বলীউডৰ তাৰকাও তেওঁলোকৰ কামৰ প্ৰশংসক হৈ আহিছে।   
 
চিভিল লাইনছৰ তাছবীৰ মহল অঞ্চলত থকা তেওঁৰ দোকানত আৱাজ-দ্য ভইচৰ সৈতে হোৱা কথা-বতৰাত আনৱৰ মেহদীয়ে স্মৰণ কৰি কয় যে, তেওঁৰ পিতৃ এজন সাধাৰণ দৰ্জী আছিল, যিয়ে ১৯৪৪ চনৰ আশে-পাশে কামৰ সন্ধানত মুম্বাইলৈ গৈছিল। তাতেই তেওঁ শ্বেৰৱানীৰ বিশেষজ্ঞ দৰ্জী আব্দুল ৰাইছক লগ পাইছিল, যাৰ পৰা তেওঁ শ্বেৰৱানী নিৰ্মাণৰ কলা আয়ত্ব কৰিছিল। 
 
বিভাজনৰ পূৰ্বে ভাৰতত শ্বেৰৱানী বৰ বেছি সাধাৰণ নাছিল, যদিও আলিগড় মুছলিম বিশ্ববিদ্যালয়ত ই ইতিমধ্যে জনপ্ৰিয় পৰম্পৰাত পৰিণত হৈছিল। ইয়াৰ ফলত তেওঁৰ পিতৃয়ে আলিগড়লৈ গুচি আহিছিল আৰু ১৯৪৭ চনত তেওঁ তাছবীৰ মহলত হাছান টেইলাৰ নামেৰে এখন দোকান খুলি আজিৰ এই উত্তৰাধিকাৰৰ আৰম্ভণি কৰিছিল। 
 
আনৱৰ মেহদীয়ে কয়, "মই আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পঢ়িছিলো। অধ্যাপক এহতেছাম আহমদ নিজামী মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত মোৰ ছুপাৰভাইজাৰ আছিল, য’ত মই এম টেক সম্পূৰ্ণ কৰিছিলো। ছাত্ৰ জীৱনত মই ইতিমধ্যে দেউতাক সহায় কৰাৰ লগতে শ্বেৰৱানীৰ বাবে কাপোৰ কাটিব পৰা বিশেষজ্ঞতা লাভ কৰিছিলোঁ। ১৯৯৫ চনত তেওঁৰ মৃত্যুৰ পিছত মই ব্যৱসায়টোৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছিলো। সেই সময়ত মই মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ প্ৰবক্তা আছিলো, যদিও আমাৰ পৰিয়ালৰ শিল্পকলা জীয়াই ৰখাৰ মোৰ ইচ্ছাই মোক বিভাগটোৰ পৰা টেইলাৰিং দোকানলৈ লৈ গ’ল। এতিয়া মোৰ এই বৃত্তিত প্ৰায় ডেৰ শতিকাৰ অভিজ্ঞতা লোক জৰিত হৈ আছে।" 
 
আনৱৰ মেহদীয়ে কাপোৰ কাটি থকা এক দৃশ্য 
 
শ্বেৰৱানীৰ উৎপত্তিৰ কথা কওঁতে আনৱৰ মেহদীয়ে কয় যে, "শ্বেৰৱানী আচলতে মোগল যুগৰ আৰু পিছলৈ ব্ৰিটিছ যুগৰ। ইয়াৰ শিপা তুৰ্কী আৰু মোগল দাৰবাৰৰ কাপোৰৰ শৈলীৰ সৈতে নিহিত হৈ আছে। অট্টোমান সাম্ৰাজ্যৰ সময়ত তুৰ্কী কোট আৰু তুপি অতি জনপ্ৰিয় আছিল। ভাৰততো সেই একে শৈলীৰ বিকাশ ঘটিছিল — কোটটো দীঘলীয়া কৰা হৈছিল, যাক অৱশেষত আমি এতিয়া শ্বেৰৱানী বুলি কোৱা শব্দটিৰ জন্ম হৈছিল। 
 
তেওঁ লগতে কয়, ১৯ শতিকাৰ শেষৰ ফালৰ পৰা স্বাধীনতাৰ পিছলৈকে ভাৰতৰ বেছিভাগ সম্ভ্ৰান্ত, ৰজা আৰু মালিকে শ্বেৰৱানী পৰিধান কৰিছিল। তেওঁলোকৰ প্ৰতিকৃতি চালে, প্ৰায় সকলোৱেই শ্বেৰৱানীৰ সাজ-পোছাক পিন্ধা দেখিব। ইয়াক মৰ্যাদাৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল। 
 
আনৱৰ মেহদীৰ মতে, আলিগড়ৰ কথা ক’বলৈ গ’লে ইয়াৰ শৈক্ষিক পৰিৱেশ আৰু মুছলমান অভিজাত শ্ৰেণীৰ প্ৰভাৱৰ বাবে শ্বেৰৱানীসকল বৌদ্ধিক আৰু সাংস্কৃতিক প্ৰতিপত্তিৰ অংগ হৈ পৰিছিল। সেইবাবেই মানুহে প্ৰায়ে কয় যে, চিকিৎসক, ৰাজনীতিবিদ আৰু পণ্ডিতসকলে একেদৰেই পিন্ধা ‘আলিগড় শ্বেৰৱানী’ ভাৰতৰ অভিজাত সংস্কৃতিৰ প্ৰতীক হৈ পৰিছিল। মোৰ বিশ্বাস শ্বেৰৱানী কেৱল বস্ত্ৰ নহয় বৰঞ্চ ই আমাৰ সংস্কৃতি, ইতিহাস আৰু পৰিচয়ৰ প্ৰতিফলন ঘটায়। 
 
তেওঁ কয়, পণ্ডিত জৱাহৰলাল নেহৰুৰ দৰে মহান জাতীয় নেতাই শ্বেৰৱানীক নিজৰ পৰিধিত সাজ-পোছাক কৰি তুলিছিল। পিছৰ ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদ, ড° জাকিৰ হুছেইন আৰু ড° এ পি জে আব্দুল কালামে এই পৰম্পৰা অব্যাহত ৰাখিছিল। মেহদী হাছান টেইলাৰ্ছে ভাৰতৰ কেইবাগৰাকীও ৰাষ্ট্ৰপতি আৰু অন্যান্য বিশিষ্ট ব্যক্তিৰ বাবে শ্বেৰৱানী ডিজাইন কৰাৰ গৌৰৱ লাভ কৰিছিল। 
 
তেওঁ লগতে কয়, "ই আমাৰ বাবে এক সন্মান আৰু লগতে আমাৰ পৰিচয়৷ আমাৰ শ্বেৰৱানী পিন্ধাসকলৰ ভিতৰত আছে, প্ৰাক্তন ৰাষ্ট্ৰপতি ভি ভি গিৰি, আৰ ভেংকটাৰমণ, ড° এ পি জে আব্দুল কালাম, প্ৰয়াত প্ৰণৱ মুখাৰ্জী, ৰামনাথ কোবিন্দ আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং। মুফতি মহম্মদ ছাইদ, এন ডি তিৱাৰী আৰু ফাৰুক আব্দুল্লাৰ দৰে মুখ্যমন্ত্ৰীসকলৰ লগতে ৰাজ্যপাল আৰিফ মহম্মদ খান আৰু চৈয়দ চিবতে ৰাজীও আমাৰ বাবে মূল্যৱান ক্লায়েণ্ট হৈ আহিছে। ইয়াৰ উপৰিও বহু সংসদৰ সদস্য আনকি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশেও আলিগড়ৰ শ্বেৰৱানীক পছন্দ কৰি আহিছে। 
 
আনৱৰ মেহদীয়ে এজন গ্ৰাহকৰ কাপোৰৰ জোখ মাখ লোৱাৰ এক দৃশ্য
 
ছাৰ চৈয়দ দিৱসৰ অৰ্ডাৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ ক’লা শ্বেৰৱানীৰ বাবে এখন কাপোৰ কাটি ব্যস্ত হৈ থাকোঁতে আনৱৰ মেহদীয়ে প্ৰকাশ কৰিছে, "যেতিয়া ডাঃ জাকিৰ হুছেইন জামিয়া মিলিয়া ইছলামিয়াৰ উপাচাৰ্য আছিল, তেতিয়া মোৰ খুড়া আছিল ইছলামিক অধ্যয়ন বিভাগত। তেওঁ মোৰ প্ৰয়াত দেউতাক ডাঃ জাকিৰ হুছেইনৰ লগত চিনাকি কৰাই দিছিল। পিছলৈ যেতিয়া ড° হুছেইন বিহাৰৰ ৰাজ্যপাল হয় তাৰপিছত উপ-ৰাষ্ট্ৰপতি আৰু শেষত ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল, তেতিয়া তেওঁ মোৰ দেউতাই চিলাই কৰি দিয়া শ্বেৰৱানী পিন্ধিছিল। আমাৰ তথ্য অনুসৰি, সেই ১৮ বছৰত আমি ডাঃ জাকিৰ হুছেইনৰ বাবে ১৭৮ টা শ্বেৰৱানী চিলাই কৰিছিলোঁ, যিটো আমাৰ গুণগত মান আৰু ধাৰাবাহিকতাৰ প্ৰমাণ।"   
 
বলীউডৰ বিষয়ে কওঁতে আনৱৰ মেহদীয়ে কয়, বিখ্যাত গীতিকাৰ মাজৰূহ চুলতানপুৰীয়ে শ্বেৰৱানীসকলৰ প্ৰতি অতি আকৰ্ষিত আছিল। তেওঁৰ উপৰিও জাভেদ আখতাৰ আৰু ৰাজ বব্বৰে আমাৰ দ্বাৰা নিৰ্মিত শ্বেৰৱানীও পিন্ধিছে। শেহতীয়াকৈ আনকি ছৈফ আলী খানৰ শ্বেৰৱানীকো ইয়াত ডিজাইন কৰা হৈছে।
 
বলীউডৰ বিষয়ে কওঁতে আনোৱাৰ মেহদীয়ে কয় যে বিখ্যাত গীতিকাৰ মাজৰূহ চুলতানপুৰী শ্বেৰৱানীবোৰৰ প্ৰতি অতি আকৰ্ষিত আছিল। তেওঁৰ উপৰিও জাভেদ আখতাৰ আৰু ৰাজ বব্বৰে আমি প্ৰস্তুত কৰি দিয়া শ্বেৰৱানীয়ে পিন্ধি আহিছে। শেহতীয়াকৈ আনকি ছাইফ আলী খানৰ শ্বেৰৱানীও আমাৰ ইয়াতে ডিজাইন কৰা হৈছে। 
 
তেওঁ মনত পেলাই কয়, "এদিন ছাইফ আলী খানৰ মাকৰ পৰা ফোন আহিছিল। তেওঁ লক্ষ্ণৌত থকাৰ সময়তে জোখ-মাখ লোৱাৰ বাবে অনুৰোধ কৰিছিল। পিছত ছাইফে নিজেই মোক ফোন কৰিছিল। মই তেওঁৰ জোখ-মাখ ল’বলৈ লক্ষ্ণৌলৈ গৈছিলোঁ আৰু চূড়ান্ত ফিটিং মুম্বাইত হৈছিল৷ তেনেকৈয়ে তেওঁৰ শ্বেৰৱানী কাম সম্পূৰ্ণ হৈছিল।" 
 
আনৱৰ মেহদীয়ে আৱাজৰ আগত কয় যে, আলিগড় মুছলিম বিশ্ববিদ্যালয়ত যুৱক-যুৱতীসকলৰ মাজত শ্বেৰৱানীৰ প্ৰতি থকা উৎসাহ পূৰ্বৰ দৰেই আছে। ছাৰ চৈয়দ দিৱসৰ সময়ত এই উৎসাহ আৰু বাঢ়ি যায়, কাৰণ সেই দিনটো এ এম ইউৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ঈদতকৈ কোনো গুণেই কম নহয়। শ্বেৰৱানী সদায় আবেগ আৰু সন্মানৰ প্ৰতীক হৈ আহিছে আৰু মোৰ বিশ্বাস ই কেতিয়াও ম্লান পৰি নাযায়।