শতানন্দ ভট্টাচাৰ্য
ক্ষীপ্ৰ বুদ্ধিমত্তাৰ বাবে ৭ জন লোকক পানীত ডুব যোৱাৰ পৰা ৰক্ষা কৰি 'মানৱতাৰ প্ৰতীক' হৈ পৰিছে এগৰাকী মছজিদৰ ইমাম। সম্প্ৰতি ইমামগৰাকীৰ মানৱদৰদী কাৰ্য্যই অসম আৰু ত্ৰিপুৰা দুয়োখন ৰাজ্যতে ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে আৰু স্থানীয় বাসিন্দাসকলে ইমামগৰাকীকলৈ প্ৰশংসা কৰিছে। এই ইমাম গৰাকী হৈছে শ্ৰীভূমি জিলাৰ আব্দুল বাছিত।
অসম আৰু ত্ৰিপুৰা সংযোগী ৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৱৰ্তী শ্ৰীভূমি জিলাৰ নীলাম্বাজাৰ অঞ্চলত সংঘটিত হৈছে এক ভয়াৱহ ঘটনা। সোমবাৰে পুৱা ৪ বজাত ত্ৰিপুৰা দিশৰ পৰা আহি থকা এখন এছ ইউ ভি বাহন নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটি গভীৰ জলাশয়ত বাগৰি পৰে। জলাশয়ত বাগৰি পৰাৰ সময়ত গাড়ীৰ ভিতৰত থকা সকলো যাত্ৰী শুই আছিল। বৰবাৰী জামে মছজিদৰ সমীপতে আছিল এই জলাশয়টো। যদিও শীতকালৰ কুঁৱলীময় ৰাতিপুৱা এটাত সকলোৱে শুই আছিল, তথাপিও প্ৰচণ্ড শব্দৰে গাড়ীখন জলাশয়ত পৰাৰ লগে লগে মছজিদৰ ইমাম আব্দুল বাছিতে টোপনিৰ সাৰপাই উঠিছিল আৰু বাহিৰলৈ ওলাই আহি তেওঁ দেখিছিল যে, এখন গাড়ী পানীত ডুব গৈ আছে আৰু যাত্ৰীসকলে দুৱাৰখন খুলিব নোৱাৰাকৈয়ে নিজৰ জীৱন ৰক্ষাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি আছে।
এই সকলোবোৰ দেখি ইমাম আব্দুল বাছিত হতভম্ব হৈ পৰিছিল। তেওঁ উপলব্ধি কৰিছিল যে, তেওঁ সিহঁতক অকলে প্ৰাণ ৰক্ষা কৰিব নোৱাৰে। তেওঁ লগে লগে মছজিদৰ ভিতৰলৈ গৈ মাইক্ৰ’ফোনৰ জৰিয়তে গাঁৱৰ ৰাইজক সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। ইমামৰ কথা শুনি আশে-পাশে থকা মানুহবোৰে লৰালৰিকৈ আহি জলাশয়ৰ পানীত জপিয়াই তেওঁলোকক উদ্ধাৰ কৰিবলৈ ধৰিলে। ইমামগৰাকীয়ে নিজেও জলাশয়ত জপিয়াই পৰে আৰু ডুব যাবলৈ ধৰা বাহনখনৰ দুৱাৰ খুলি চালককে ধৰি যাত্ৰীসকলক উদ্ধাৰ কৰে।
কিছু পলম হ'লেই গোটেই গাড়ীখন পানীৰ তলত ডুব গ'লহেতেন৷ ইমাম বাছিতৰ উদ্যোগত গাঁৱৰ ৰাইজে নিজৰ প্ৰাণক বিপদাপন্ন কৰিও বাহনখনৰ সকলো যাত্ৰীকে কোনো ক্ষতি নোহোৱাকৈ পানীৰ পৰা উদ্ধাৰ কৰি আনিলে।
বৰবাৰীৰ এজন বৃদ্ধ ছামছুল হুদাই কয়, "বাহনখনৰ সকলো যাত্ৰী হিন্দু ধৰ্মালম্বী আছিল, কিন্তু উদ্ধাৰকাৰীসকল মুছলমানধৰ্মালম্বী লোক আছিল। ইয়াৰপৰা প্ৰমাণিত হৈছে যে, মানৱতাৰ কোনো নিৰ্দিষ্ট ধৰ্ম, জাতি, ৰং নাই। কিন্তু কিছুমান মানুহে নিজৰ স্বাৰ্থৰ বাবে মানুহৰ মাজত বিভাজনৰ সৃষ্টি কৰি আহিছে।"
গাওঁবাসীয়ে ইমাম আব্দুল বাছিতক সম্বৰ্ধনা জনোৱা এক দৃশ্য
এই ঘটনাৰ পৰা পোৱা মানসিক চাপৰ পৰা এতিয়াও ওলাই আহিব পৰা নাই ইমাম আব্দুল বাছিতে। তেওঁৰ তেনেকুৱাহে অনুভৱ হৈছে যেন তেওঁক কোনো ধুমুহাই আগুৰি ধৰিছে। তেওঁ নিজেই কৈছিল যে, সেই সময়ত তেওঁৰ বাবে যাত্ৰী আৰু চালকক নিৰাপদে পানীৰ ওপৰত উদ্ধাৰ কৰাটোৱেই আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ কাম। ইমান ঠাণ্ডা, ঘন কুঁৱলীকো গাঁৱৰ মানুহে গুৰুত্ব নিদিলে, কাৰণ গাওঁবাসীলৈ ইমামৰ মানৱীয় আবেদন আছিল।
আব্দুল বাছিতে কয় যে, মানুহৰ জীৱন কেৱল নিজৰ জীৱনৰ বাবেই নহয়, আনক ভালকৈ ৰখা, আনক জীৱন ৰক্ষা কৰা, সুৰক্ষিত কৰি ৰখাটোৱেই হৈছে প্ৰকৃত অৰ্থপূৰ্ণ জীৱন।