দিল্লী
ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি, স্বাধীনতা সংগ্ৰামী, ভাৰতৰত্ন, ড০ ৰাজেন্দ্ৰ ৰাজেন্দ্ৰ প্ৰসাদৰ আজি জন্মবাৰ্ষিকী। ১৮৮৪ চনৰ আজিৰ দিনটোতে জন্মলাভ কৰিছিল এইগৰাকী মহান ভাৰত সন্তানে। আজি পৱিত্ৰ জন্মবাৰ্ষিকী জয়ন্তী উপলক্ষে দেশবাসীয়ে তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে বিভিন্ন প্ৰান্তত তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
আজিৰ এই দিনটোত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক, সাংসদ তথা বিষয়ববীয়াসকলে। একে সময়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। সামাজিক মাধ্যমযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ ৰাজেন্দ্ৰ প্ৰসাদক তেখেতৰ জন্মবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় অংশগ্ৰহণকাৰী হোৱাৰ পৰা, সংবিধান সভাত সভাপতিত্ব কৰাৰ উপৰি প্ৰথম ৰাষ্ট্ৰপতি হোৱালৈকে তেখেতে অতুলনীয় মৰ্যাদা আৰু নিষ্ঠাসহ স্পষ্ট দৃষ্টিভংগীৰে আমাৰ দেশৰ বাবে সেৱা আগবঢ়াইছিল৷ তেওঁ পুনৰ কয় যে ৰাজহুৱা জীৱনত তেখেতৰ সৰলতা, সাহস আৰু জাতীয় ঐক্যৰ প্ৰতি থকা নিষ্ঠাৰ চানেকি আজিও বিৰাজমান। তেখেতৰ আদৰ্শ, সেৱা আৰু দৃষ্টিভংগীয়ে প্ৰজন্মৰ পৰা প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।