ভাৰতৰ সম্প্ৰীতিৰ ইতিহাস নথিভুক্ত কৰা দূৰদৰ্শী পণ্ডিত চৈয়দ চাবাহুদ্দিন আব্দুৰ ৰহমান

Story by  atv | Posted by  Munni Begum • 1 d ago
চৈয়দ চাবাহুদ্দিন আব্দুৰ ৰহমান
চৈয়দ চাবাহুদ্দিন আব্দুৰ ৰহমান
 
ড° জাফৰ দাৰিক কাছমী / নতুন দিল্লী
 
চৈয়দ চাবাহুদ্দিন আব্দুৰ ৰহমানক ভাৰতত হিন্দু–মুছলমানৰ সম্প্ৰীতি আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ বৃহত্তৰ আদৰ্শত ডাঙৰ অৱদান আগবঢ়োৱা এগৰাকী বিশিষ্ট পণ্ডিত হিচাপে স্মৰণ কৰা হয়। মূলতঃ পাটনা জিলাৰ ডেছনা গাঁৱৰ চৈয়দ চাবাহুদ্দিনে ১৯৩৫ চনত ঐতিহাসিক আৰু সাংস্কৃতিক গৱেষণাৰ বাবে বিখ্যাত প্ৰতিষ্ঠান দাৰুল মুছানিফিন (শ্বিবলী একাডেমী)ত যোগদান কৰিছিল। ইয়াৰ পিছতে তেওঁৰ বৌদ্ধিক যাত্ৰাই ঐতিহাসিক ৰূপ ধাৰণ কৰিছিল। আৰু ইয়াতেই তেওঁ ভাৰতৰ অতীতৰ সৈতে বিশেষকৈ বিভিন্ন সম্প্ৰদায়ৰ মাজত হোৱা সাংস্কৃতিক, সামাজিক আৰু ৰাজনৈতিক পাৰস্পৰিক ক্ৰিয়াৰ সৈতে নিজৰ সংযোগ গভীৰ কৰি তুলিছিল। 
 
কঠোৰ গৱেষণাৰ জৰিয়তে তেওঁ ভাৰতৰ সামাজিক ঐক্য, ভাগ-বতৰা কৰা সাংস্কৃতিক মূল্যবোধ আৰু পাৰস্পৰিক সন্মানৰ দীৰ্ঘদিনীয়া পৰম্পৰাক আলোকপাত কৰিছিল। মধ্যযুগীয় ভাৰতীয় ইতিহাসৰ ওপৰত তেওঁৰ নিখুঁত অধ্যয়নে মুছলমান শাসকসকলৰ সহনশীল আৰু সৰ্বাংগীন নীতিৰ বহু উদাহৰণ আগবঢ়াইছে। এই বৃত্তিৰ ফলত তেওঁৰ তিনিটা খণ্ডৰ  বিখ্যাত গ্ৰন্থ 'হিন্দুস্তান কে আহদ-ই-মাজী মেইন মুছলিম হুকমাৰান'ন কি মাঝাবী ৰাভাদাৰী' (ভাৰতৰ অতীতত মুছলমান শাসকসকলৰ ধৰ্মীয় সহনশীলতা) প্ৰকাশিত হৈছিল।  
 
বিখ্যাত প্ৰতিষ্ঠান দাৰুল মুছানিফিন
 
এই কীৰ্তিচিহ্নস্বৰূপ অধ্যয়নত চৈয়দ চাবাহুদ্দিনে প্ৰদৰ্শন কৰিছিল যে, কেনেকৈ মুছলমান শাসকসকলে বিশেষকৈ মোগল যুগত সহাৱস্থানক সক্ৰিয়ভাৱে প্ৰসাৰিত কৰিছিল আৰু সাংস্কৃতিক বিনিময়ক উৎসাহিত কৰিছিল। এই ধাৰণাসমূহৰ বিষয়ে তেওঁ পিছৰ 'ইছলাম মেইন মাজহাবী ৰাভাদাৰী' (ইছলামত ধৰ্মীয় সহনশীলতা) নামৰ গ্ৰন্থখনত বিস্তাৰিতভাৱে উল্লেখ কৰিছিল, য’ত তেওঁ ন্যায়, কৰুণা আৰু মানৱ মৰ্যাদাৰ প্ৰতি সন্মান শিপাই থকা ইছলামৰ নৈতিক ভেটিসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
 
তেওঁৰ লেখাসমূহৰ মাজৰ এটা পুনৰাবৃত্তিমূলক বিষয়বস্তু হৈছে ভাৰতৰ সৰ্বোচ্চ শক্তি, যি ইয়াৰ বৈচিত্ৰ্যত নিহিত হৈ আছে বুলি কৰা বিশ্বাস। তেওঁ  প্ৰায়ে যুক্তি আগবঢ়াই আহিছে যে, ভাৰতীয় সভ্যতাৰ বিকাশ একাধিক ধৰ্ম, ভাষা আৰু সাংস্কৃতিক পৰম্পৰাৰ সহযোগিতাৰ ফলত হৈছিল। তেওঁৰ ৰচনাসমূহে ভাৰতীয় সমাজৰ চৰিত্ৰ, ইয়াৰ সৰ্বাংগীন মনোভাৱ, ইয়াৰ সংমিশ্ৰিত সংস্কৃতি আৰু ইয়াৰ চিৰস্থায়ী সমন্বয়ৰ নীতি-নিয়ম স্পষ্টভাৱে  প্ৰদৰ্শন কৰি আহিছে।
 
ইতিহাসৰ প্ৰমাণ ব্যৱহাৰ কৰি চৈয়দ চাবাহুদ্দিনে  প্ৰদৰ্শন কৰিছে যে, মুছলমান শাসকসকলে সাধাৰণতে সহনশীলতাৰ নীতি অনুসৰণ কৰিছিল। স্থানীয় জনসাধাৰণৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰিছিল, ধৰ্মীয় আচাৰ-ব্যৱহাৰক সন্মান প্ৰদৰ্শন কৰিছিল, ব্যক্তিগত আইনক অক্ষুণ্ণ ৰাখিছিল, আৰু বহুসংখ্যক হিন্দুলোকক গুৰুত্বপূর্ণ প্রশাসনিক পদত নিযুক্তি দিছিল।  
 
মোগল নীতিৰ বিশ্লেষণত তেওঁ উল্লেখযোগ্য উদাহৰণসমূহো আগবঢ়াইছে, যেনে সম্ৰাট আকবৰে বেদ, মহাভাৰত, ৰামায়ণ আৰু উপনিষদৰ দৰে মূল হিন্দু ধৰ্মগ্ৰন্থসমূহক ফাৰছী ভাষালৈ অনুবাদ কৰিবলৈ উদ্যোগী হোৱা ঘটনা। এই অনুবাদসমূহ সাংস্কৃতিক বিনিময় বৃদ্ধিত সহায় কৰিছিল আৰু সম্প্ৰদায়সমূহৰ মাজত বৌদ্ধিক দূৰত্ব হ্ৰাস কৰিছিল। (উৎসঃ হিন্দুস্তান কে আহদ-ই-মাজী মেইন মুছলিম হুকমৰানন কি মাজহাবী ৰাভাদাৰী)
 
তেওঁ লক্ষ্য কৰিছিল যে, এনে আন্তঃসংযোগবোৰে নতুন ভাষা, মিশ্ৰিত সংস্কৃতিক প্ৰকাশ আৰু এক বিশাল সামূহিক পৰিচয়ৰ সৃষ্টি কৰিছিল। তেওঁৰ মতে ভাৰতৰ চহকী ঐতিহ্য এই সমন্বয়ৰ ওপৰতেই নিৰ্ভৰশীল, য’ত বৈচিত্ৰ্যই ইয়াৰ সভ্যতাৰ ভেটি গঠন কৰে।
 
পণ্ডিত চৈয়দ চাবাহুদ্দিন আব্দুৰ ৰহমানে লিখা উৰ্দু ভাষাৰ দুখন গ্ৰন্থ
 
মুছলমান শাসকে হিন্দু জনসাধাৰণক একেদৰে অত্যাচাৰ কৰিছিল বুলি থকা আজিৰ ভুল ধাৰণাবোৰক চৈয়দ চাবাহুদ্দিনৰ লেখাই প্ৰতিহত কৰি আহিছে। ঐতিহাসিক উৎসৰ বিস্তৃত পৰিসৰ ব্যৱহাৰ কৰি তেওঁ প্ৰমাণ কৰিছে যে, এই দাবীসমূহ ইতিহাসৰ বাছনি কৰা অংশসমূহৰ ওপৰত আধাৰিত। তেওঁ সকীয়াই দিছিল যে, যিকোনো সম্প্ৰদায়ৰ অৱদান বিকৃত কৰিলে ভাৰতৰ গণতান্ত্ৰিক আৰু সাংবিধানিক মূল্যবোধ দুৰ্বল হব। আজিৰ শান্তি আৰু বিশ্বাস ৰক্ষাৰ বাবে অতীতৰ বিষয়ে সুষম বুজাবুজি অতি প্ৰয়োজনীয়।  
 
তেওঁ লগতে আঙুলিয়াই দিছিল যে, পূৰ্বৰ শতিকাবোৰতো বহু মানুহে ধৰ্মীয় মতানৈক্যৰ মাজতো প্ৰায়ে পৰস্পৰক গভীৰ সন্মান, সহযোগিতা আৰু সদিচ্ছা প্ৰকাশ কৰিছিল। তেওঁৰ অন্তৰ্দৃষ্টি আজিৰ পৃথিৱীত বিশেষভাৱে প্ৰাসংগিক, যেতিয়া অসহিষ্ণুতা আৰু মেৰুকৰণৰ সন্মুখীন হৈ আহিছে। সামাজিক উত্তেজনা আৰু সাংস্কৃতিক সংঘাতৰ বৰ্তমানৰ সময়ত চৈয়দ চাবাহুদ্দিন আব্দুৰ ৰহমানৰ ৰচনাসমূহে ভাৰতৰ ভাগ-বতৰা কৰা ঐতিহ্যৰ এক শক্তিশালী সোঁৱৰণী আগবঢ়াই আহিছে। তেওঁৰ পাণ্ডিত্যই বুজাবুজি, আৱেগিক পৰিপক্কতা আৰু সাংস্কৃতিক বিনিময়ৰ দৰে সামূহিক মূল্যবোধক পুনৰ সজীৱ কৰি তোলে, যি এখন শান্তিপূৰ্ণ সমাজ গঢ়িবলৈ খুবে প্ৰয়োজনীয় গুণ। 
 
সমগ্ৰ ভাৰতৰ শৈক্ষিক প্ৰতিষ্ঠান আৰু গৱেষণা কেন্দ্ৰসমূহত তেওঁৰ গ্ৰন্থসমূহৰ ব্যাপক অধ্যয়ন অব্যাহত আছে, য’ত পণ্ডিতসকলে তেওঁৰ অৱদানৰ পৰা উপমহাদেশখনৰ সংমিশ্ৰিত সংস্কৃতিক ভালদৰে বুজিবলৈ সহায় লয়। ভাৰতৰ আন্তঃধৰ্মীয় আলোচনা আৰু সাংস্কৃতিক আদান-প্ৰদানৰ চহকী ইতিহাসৰ ওপৰত চিন্তা কৰি তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰিছে যে, সামাজিক বিবাদৰ প্ৰকৃত প্ৰতিকাৰ জ্ঞান, ধৈৰ্য্য আৰু অৰ্থপূৰ্ণ নিয়োজিততাত নিহিত হৈ আছে। তেওঁ লিখিছিল যে, সমাজ বল বা আধিপত্যৰ দ্বাৰা নহয়, সহানুভূতি, মুকলি মন আৰু সুস্থ সংযোগৰ দ্বাৰাহে অটুট হৈ থাকে।
 
এইদৰে চৈয়দ চাবাহুদ্দিন আব্দুৰ ৰহমানৰ বৌদ্ধিক উত্তৰাধিকাৰে বৈচিত্ৰতাৰ মাজতো সমন্বয় বিচৰা সকলোৰে বাবে পথ প্ৰদৰ্শক হিচাপে কাম কৰি আহিছে। তেওঁৰ লেখাই আমাক স্মৰণ কৰাই দিয়ে যে, ভাৰতৰ ভৱিষ্যত নিৰ্ভৰ কৰে দীৰ্ঘদিন ধৰি ইয়াৰ জনসাধাৰণক সন্মান, ভাগ-বতৰা কৰা ঐতিহ্য আৰু পাৰস্পৰিক বিশ্বাসৰ সম্পৰ্কক একেলগে বান্ধি ৰখা সম্পৰ্কসমূহ শক্তিশালী কৰাৰ ওপৰত।  
 
(লেখক এগৰাকী সাহিত্যিক আৰু ইছলামিক পণ্ডিত।)