বোৱাৰীৰ দাৰ ঘাঁপত প্ৰাণ গ'ল শাহুসহ আন এগৰাকী মহিলাৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
বোৱাৰীৰ দাৰ ঘাঁপত প্ৰাণ গ'ল শাহুসহ এগৰাকী মহিলাৰ
বোৱাৰীৰ দাৰ ঘাঁপত প্ৰাণ গ'ল শাহুসহ এগৰাকী মহিলাৰ
গুৱাহাটী
 
ছয়গাঁৱৰ বামুণীগাঁও নিজ বগাইত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। বোৱাৰীৰ দাৰ ঘাপত থিতাতে নিহত হয় ঘৰখনত বনকৰা হিচাপে থকা যুৱতীগৰাকীৰ মাতৃ। আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শাহু সহিতে বনকৰা যুৱতী। কিন্তু উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ আনি থকা অৱস্থাতে প্ৰাণ হেৰুৱাই শাহুৱেকগৰাকীয়ে।
 
 
থিতাতে নিহত মহিলাগৰাকী প্ৰতিভা ৰাভা (৫৫)। আৰু শাহু সুশীলা বড়ো। আঘাতপ্ৰাপ্ত বনকৰা ছোৱালী শিৱানী ৰাভা।নিহত মহিলাগৰাকীৰ ঘৰ পলাশবাৰীৰ ৰাজাপাৰাত। হত্যাকাৰী বোৱাৰী উত্তৰা বড়োক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ কৰে বকো আৰক্ষীয়ে।
 
জানিব পৰা মতে, পাৰিবাৰিক কন্দলৰ বাবেই পৰিকল্পিত আক্ৰমণ উত্তৰা বড়োৰ। স্বামী অশোক কুমাৰ বড়োৰ সৈতে উত্তৰা বড়ো থাকে গুৱাহাটীৰ ৰূপনগৰত থকা এক বাসগৃহত। কালি সন্ধিয়া গোপনে হত্যাকাৰী উত্তৰা বড়ো আহে স্বামী গৃহলৈ। আৰু পুৱা উঠিয়েই জধে-মধে দাৰে আক্ৰমণ চলাই উত্তৰা বড়োই।
 
যাৰ ফলত আঘাতপ্ৰাপ্ত হয় শাহু সুশীলা বড়ো আৰু কাম কৰা যুৱতী শিৱানী আৰু শিৱনীৰ খবৰ লবলৈ অহা মাতৃ প্ৰতিভা ৰাভা। পাছে ঘটনাস্থলীতে মৃত্যুক সাৱটি লয় বনকৰা যুৱততীৰ মাতৃয়ে। প্ৰায় দহ বছৰে ঘৰখনত কাম কৰা ছোৱালী হিচাপে আছে শিৱানী বড়ো। নিহত প্ৰতিভা ৰাভা তিনিদিন পূৰ্বে কন্যা শিৱানীৰ খবৰ লবলৈ আহিছিল।
আনহাতে হত্যাকাৰীৰ উত্তৰা বড়োই আক্ৰমণ কৰাৰ পাছতে দাখন পেলাই দিয়ে সমীপৰ এটা পুখুৰীত। পলায়ন কৰিব বিচৰা উত্তৰা বড়োক ৰাইজে ধৰি গটাই দিয়ে আৰক্ষীক। সমগ্ৰ ঘটনা সন্দৰ্ভত বকো আৰক্ষীৰ তদন্ত অব্যাহত। ঘটনাক লৈ বামুণীগাঁৱৰ নিজ বগাইত চাঞ্চল্য। ঘটনা সন্দৰ্ভত হতবাক আত্মীয়, গাঁওবাসী।