১ এপ্ৰিলৰ পৰা অসমৰ ৮ খন জিলাত সীমিত হ'ব আফস্পা

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
পহিলা এপ্ৰিলৰ পৰা অসমৰ ৮ খন জিলাত সীমাবদ্ধ হ'ব সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন (আফস্পা)। অসমৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰ আৰু নাগালেণ্ডতো অহা ১ এপ্ৰিলৰ পৰা সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অধীনত থকা এলেকা হ্রাস পাব। উত্তৰ-পূৰ্বাঞ্চলৰ সুৰক্ষা পৰিস্থিতি ক্রমাৎ উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে অহা পহিলা এপ্ৰিলৰ পৰা অসম, মণিপুৰ আৰু নাগালেণ্ডত আফস্পাৰ পৰিসৰ হ্ৰাস কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। 
 
এই সিদ্ধান্তৰ বিষয়ে জানিবলৈ দি কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ সুৰক্ষা পৰিস্থিতি উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি অহা বছৰৰ পহিলা এপ্রিল পৰা অঞ্চলটোৰ ৩ খন ৰাজ্যত আফম্পাৰ পৰিসৰ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত পোনপ্ৰথমবাৰৰ বাবে উত্তৰ- পূৰ্বাঞ্চলত সুৰক্ষা, শান্তি আৰু বিকাশক অগ্ৰাধিকাৰ দিয়া হৈছে আৰু ইয়াৰ ফলত এতিয়া অঞ্চলটো শাস্তি আৰু প্ৰগতিৰ পথত ক্ষিপ্ৰতাৰে অগ্ৰসৰ হৈছে। 
 
গৃহ মন্ত্ৰী শ্বাহে কয় যে মোডী চৰকাৰৰ দিনত সুৰক্ষা পৰিস্থিতি উন্নত হোৱাৰ ফলত ২০১৫ চনত ত্ৰিপুৰাৰ পৰা আৰু ২০১৮ চনত মেঘালয়ৰ পৰা আফস্পা প্রত্যাহাৰ কৰা হৈছে। ১৯৯০ চনৰ পৰা অসমত প্ৰযোজ্য হৈ থকা আফস্পা মোডী চৰকাৰৰ দিনত বিগত বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা কেৱল ৯ খন জিলা আৰু আন এখন জিলাৰ এটা মহকুমাত সীমিত হৈছিল। এতিয়া চলিত বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা এয়া অসমৰ কেৱল ৮ খন জিলাত সীমিত হ'ব। 
 
তেওঁ কয় যে ২০০৪ চনৰ পৰা ইম্ফাল পৌৰ নিগম এলেকাক বাদ দি ৰাজ্যখনত আফস্পা প্রযোজ্য হৈ আছিল, যদিও বিগত বৰ্ষৰ পহিলা এপ্ৰিলত মোডী চৰকাৰে ৰাজ্যখনৰ ৬ খন জিলাৰ ১৫ খন থানা এলেকা আফস্পাৰ অধীনৰ পৰা মুক্ত কৰিছিল। এতিয়া অহা পহিলা এপ্ৰিলৰ পৰা ৰাজ্যখনৰ আন ৪ খন থানাৰ অধীনৰ এলেকাকো আফম্পাৰ অধীনৰ পৰা মুক্ত কৰা হ'ব আৰু ইয়াৰ লগে লগে মণিপুৰৰ ৭ খন জিলাৰ থানাৰ অধীনৰ এলেকা আফস্পাৰ অধীনত অশান্তি এলেকাৰ তালিকাৰ পৰা বাদ পৰিব। ঠিক একেদৰে নাগালেণ্ডতো ৩ খন থানৰ অধীনৰ এলেকা অহা পহিলা এপ্ৰিলৰ পৰা আফস্পাৰ কবলৰ পৰা মুক্ত হ'ব আৰু ইয়াৰ ফলত ৰাজ্যখনত আফস্পাৰ অধীনৰ পৰা মুক্ত হোৱা এলেকা বিগত বৰ্ষৰ জিলাৰ ১৫ খন থানাৰ পৰিবর্তে ৮ খন জিলাৰ ১৮ খন থানালৈ বৃদ্ধি পাব ।
 
আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ ৩ খন ৰাজ্যত আফস্পাৰ অধীনৰ এলেকা হ্ৰাস কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ সমান্তৰালকৈ অঞ্চলটোৰ দুখন ৰাজ্যত ছমাহৰ বাবে ৰাজ্যত ছমাহৰ বাবে বৃদ্ধি কৰা হৈছে আফম্পাৰ ম্যাদ । অৰুণাচল প্রদেশ আৰু নাগালেণ্ডত অহা পহিলা এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ ছমাহৰ কাৰণে আফস্পাৰ ম্যাদ বৃদ্ধি কৰা হৈছে। 
 
গৃহ মন্ত্ৰ্যালয়ে জাৰি কৰা অধিসূচনা অনুসৰি দুয়োখন ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি অধ্যয়ন কৰাৰ অন্তত ছমাহৰ বাবে ৰাজ্য দুখনত আফস্পাৰ ম্যাদ বৃদ্ধি কৰা হৈছে। অৰুণাচল প্রদেশৰ তিৰাপ, চাংলাং আৰু লংডিং জিলাৰ লগতে অসম সীমান্তত থকা ৰাজ্যখনৰ নামচাই জিলাৰ নামচাই, মহাদেৱপুৰ আৰু চৌকহাম থানাৰ অধীনৰ এলেকাত পহিলা এপ্ৰিলৰ পৰা ছমাহৰ কাৰণে আফম্পাৰ ম্যাদ বৃদ্ধি কৰা হৈছে। ঠিক একেদৰে নাগালেণ্ডৰো নিৰ্দিষ্ট এলেকাত আফস্পাৰ ম্যাদ অহা পহিলা এপ্ৰিলৰ পৰা ছমাহৰ কাৰণে বৃদ্ধি কৰাৰ বিষয়ে গৃহ মন্ত্ৰালয়ে অধিসূচনা জাৰি কৰিছে।