২০ দিনৰ অন্তত পাকিস্তানে এৰি দিলে ভাৰতৰ বিএছএফ জোৱান পূৰ্ণম কুমাৰ শ্ব'ক

Story by  atv | Posted by  Munni Begum • 1 d ago
বিএছএফ জোৱান পূৰ্ণম কুমাৰ শ্ব
বিএছএফ জোৱান পূৰ্ণম কুমাৰ শ্ব
 
নতুন দিল্লী
 
যোৱা মাহত অজানিতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰাৰ পাছত পাকিস্তান ৰেঞ্জাৰে আটক কৰি ৰখা সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান পূৰ্ণম কুমাৰ শ্ব’ক আজি আটাৰীৰ চেক পোষ্টত ভাৰতীয় সেনা কৰ্তৃপক্ষক গতাই দিয়া হয়।  
 
সীমান্ত সুৰক্ষা বাহিনীয়ে এক বিবৃতিত কয় যে, "আজি ২০২৫ চনৰ ২৩ এপ্ৰিলৰ পৰা পাকিস্তান ৰেঞ্জাৰছৰ জিম্মাত থকা বি এছ এফ জৱান পূৰ্ণম কুমাৰ শ্ব'ক প্ৰায় ১০:৩০ বজাত অমৃতসৰৰ যৌথ চেক পোষ্ট আটাৰীৰ জৰিয়তে ভাৰতক গতাই দিয়া হয়। শান্তিপূৰ্ণভাৱে আৰু প্ৰতিষ্ঠিত প্ৰট'কল অনুসৰি তেওঁক হস্তান্তৰ কৰা হয়।" 
 
জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত জঘন্য সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন নিৰীহ লোকৰ মৃত্যু হোৱাৰ এদিন পিছতে যোৱা ২৩ এপ্ৰিলত পঞ্জাৱৰ ফিৰোজপুৰত পদবীত থকা ৪০ বছৰীয়া বি এছ এফৰ জোৱানজনে অজানিতে সীমান্ত অতিক্ৰম কৰিছিল। সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত সীমান্তত উত্তেজনা বৃদ্ধি পোৱাত তেওঁৰ উভতি অহাত পলম হয়।  
 
জম্মু-কাশ্মীৰৰ পৰা গুজৰাটলৈকে ৩৩২৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-পাকিস্তান সীমান্ত পহৰা দিয়াৰ দায়িত্ব বিএছএফক দিয়া হৈছে। টহলৰ সময়ত বি এছ এফৰ জোৱানসকলে ভুলকৈ পাৰ হোৱাৰ কাণ্ড লক্ষ্য কৰে। সীমান্তত উত্তেজনা বৃদ্ধি পোৱাৰ বাবে পাকিস্তানে শ্ব’ৰ মুক্তিৰ বাবে কৰা বৈঠকৰ অনুৰোধৰ কোনো সঁহাৰি দিয়া নাছিল বুলি বিষয়াসকলে জনাইছিল।  
 
এএনআইৰ এক প্ৰতিবেদন অনুসৰি এজন বিষয়াই কয় যে, পাহালগাম আক্ৰমণৰ পিছত চলি থকা উত্তেজনাৰ বাবে পাকিস্তানে কোনো সঁহাৰি নিদিয়ে যদিও আমি পাক ৰেঞ্জাৰছৰ ওচৰত আমাৰ প্ৰতিবাদ দাখিল কৰিছো আৰু জোৱানক ঘূৰাই অনাৰ বাবে সকলো প্ৰচেষ্টা চলাইছো। 
 
পাকিস্তান পাৰ হৈ যোৱাৰ সময়ত পূৰ্ণম কুমাৰ শ্ব’ ইউনিফৰ্ম পিন্ধি চাৰ্ভিচ ৰাইফল লৈ আছিল। আজি ১৭ বছৰে বি এছ এফত থকা যুৱকজন হৈছে পশ্চিম বংগৰ হুগলীৰ। 
 
বি এছ এফৰ জোৱানক লৈ উদ্বেগ প্ৰকাশ কৰিছিল বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। তেওঁক্কৈছিল, "এয়া অত্যন্ত দুখজনক পৰিস্থিতি। আমাৰ দলৰ কল্যাণ বেনাৰ্জী শ্ব’ৰ পৰিয়ালৰ সদস্যৰ সৈতে যোগাযোগত আছে। মই বিচাৰো যে তেওঁক অতি সোনকালে উদ্ধাৰ কৰা হওক।"