নতুন দিল্লী
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ বাদামি বাগ চাউনী ভ্ৰমণ কৰে। ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানলৈ দিয়া কঠোৰ সকীয়নীক তীব্ৰভাৱে প্ৰতিধ্বনিত কৰি পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰসমূহ আন্তঃৰাষ্ট্ৰীয় তত্বাৱধানত ৰখাৰ আহ্বান জনায়।
ভ্ৰমণৰ সময়ত সৈন্যৰ সৈতে মত বিনিময় কৰা সিঙে পাকিস্তানৰ বাৰে বাৰে পাৰমাণৱিক ভাবুকি দি থকা কাৰ্য্যক নিন্দা কৰে। লগতে সমগ্ৰ বিশ্বজুৰি পাকিস্তানক নিৰীক্ষণ কৰি থকাৰ প্ৰয়োজনীয়তা থকা বুলি জোৰ দি কয়। আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাই ইছলামাবাদৰ পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰ চোৱাচিতা কৰিব লাগে বুলি পৰামৰ্শ দিয়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে কঠোৰ সতৰ্কবাণী জাৰি কৰি ঘোষণা কৰাৰ মাত্ৰ কেইদিনমানৰ পিছতে তেওঁৰ এই মন্তব্য কৰিছে যে, “যেতিয়া আমাৰ সশস্ত্ৰ বাহিনীয়ে পাৰমাণৱিক ব্লেকমেইল নিষ্ক্ৰিয় কৰে, তেতিয়া আমাৰ শত্ৰুৱে ‘ভাৰত মাতা কি জয়’ৰ অৰ্থ উপলব্ধি কৰে।”
তেওঁ আৰু স্পষ্ট কৰি দিয়ে যে কেৱল সন্ত্ৰাসবাদ আৰু পাকিস্তান অধিকৃত কাশ্মীৰ (PoK)ৰ ওপৰত গুৰুত্ব নিদিলে পাকিস্তানৰ সৈতে কোনো আলোচনা সম্ভৱ নহ’ব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰতৰ ইতিহাসৰ সৰ্ববৃহৎ সন্ত্ৰাস বিৰোধী অভিযান হিচাপে অপাৰেচন সেন্দুৰক প্ৰশংসা কৰি সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ ঘটি ধ্বংস কৰিবলৈ দেশখন যিকোনো পৰিসৰলৈ যাবলৈ সাজু বুলি দৃঢ়তাৰে কয়।
ভ্ৰমণৰ সময়ত সিঙে বাদামি বাগ ছাউনীত পেলোৱা পাকিস্তানী গোলাবোৰো পৰিদৰ্শন কৰে। তেওঁ বাদামি বাগ ছাউনিও পৰিদৰ্শন কৰি সম্প্ৰতি সৈন্যৰ সৈতে মত বিনিময় কৰি আছে।