উত্তৰ পূৱত এছিয়ান হাতীৰ সংৰক্ষণৰ কামক স্বীকৃতি; ৰাণী কেমিলাই আৰণ্যকক প্ৰদান কৰিলে সন্মানীয় মাৰ্ক শ্বাণ্ড বঁটা

Story by  atv | Posted by  [email protected] • 4 h ago
ৰাণী কেমিলাই আৰণ্যকক প্ৰদান কৰিলে সন্মানীয় মাৰ্ক শ্বাণ্ড বঁটা
ৰাণী কেমিলাই আৰণ্যকক প্ৰদান কৰিলে সন্মানীয় মাৰ্ক শ্বাণ্ড বঁটা
 
গুৱাহাটী
 
উত্তৰ পূৱ ভাৰতত এছিয়ান হাতীৰ সংৰক্ষণৰ ক্ষেত্ৰত কৰা উৎকৃষ্ট কামৰ স্বীকৃতি স্বৰূপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকলৈ ব্ৰিটেইনৰ প্ৰসিদ্ধ দাতব্য সংস্থা “এলিফেণ্ট ফেমিলি”য়ে আগবঢ়োৱা অতি সন্মানীয় “মাৰ্ক শ্বাণ্ড বঁটা” ১৩ মে’ত প্ৰদান কৰা হয়।
 
লণ্ডনৰ কিউস্থিত ৰয়েল বটানিক গাৰ্ডেনত আয়োজিত “ৱাণ্ডাৰছ অৱ দ্য ৱাইল্ড” শীৰ্ষক এক আড়ম্বৰপূৰ্ণ আৰু বিভিন্ন ক্ষেত্ৰৰ তাৰকাৰে ভৰি থকা অনুষ্ঠানত “এলিফেণ্ট ফেমিলি”ৰ যুটীয়া সভাপতিদ্বয় মহামহিম ৰজা চাৰ্লছ আৰু ৰাণী কেমিলাৰ পৰা আৰণ্যকৰ হাতী গৱেষণা আৰু সংৰক্ষণ বিভাগৰ মুৰব্বী, জ্যেষ্ঠ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰে সংস্থাটোৰ হৈ বটাঁটো গ্ৰহণ কৰে।
 
এই বঁটা প্ৰদান উপলক্ষে আয়োজিত “ৱাণ্ডাৰছ অৱ দ্য ৱাইল্ড” শীৰ্ষক অনুষ্ঠানত এইচ আৰ এইচ ৰাজকুমাৰী বিয়েট্ৰিচ,  লেডী মেৰিনা উইণ্ডছৰ, ব্ৰাজিলৰ ফুটবলাৰ ৰোনাল্ডো নাজাৰিঅ’, অভিনেতা এড ৱেষ্টউইক আৰু এমি জেকচন আৰু গায়িকা ছফী এলিছ-বেক্সটাৰ প্ৰমুখ্যে ২৫০ গৰাকী তাৰকা উপস্থিত থাকে।
 
ইংৰাজী ভ্ৰমণ লেখক আৰু সংৰক্ষণবিদ, ৰাণীৰ ভাতৃ মাৰ্ক শ্বাণ্ড “এলিফেণ্ট ফেমিলি”ৰ প্ৰতিস্থাপক আছিল । ২০১৪ চনত ৬২ বছৰ বয়সত মৃত্যুবৰণ কৰা শ্বেণ্ডে চাৰিখন ভ্ৰমণ গ্ৰন্থ ৰচনাৰ লগতে  বিবিচিৰ একাধিক তথ্যচিত্ৰত অভিনয় কৰিছিল । এইবোৰৰ বেছিভাগেই আছিল হাতী সংৰক্ষণৰ বিষয়ক। তেওঁ “ট্ৰেভেলছ অন মাই এলিফেণ্ট” নামৰ সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থখনৰ বাবে ১৯৯২ চনত “ব্ৰিটিছ বুক এৱাৰ্ডছ”ত “ট্ৰেভেল ৰাইটাৰ অৱ দ্য ইয়েৰ” বঁটা লাভ কৰিছিল।
 
অনুষ্ঠানত অতিথিসকলক সম্বোধি দিয়া ভাষণত ৰজা চাৰ্লছে কয় যে এই অনুষ্ঠনটো কেৱল হাতীৰ উদ্ধাৰৰ হকে কাম কৰি থকা ব্যক্তিসকলকে নহয়, অন্যান্য প্ৰজাতিৰ উদ্ধাৰৰ বাবে কাম কৰি থকা সকলকো বিশেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ এটা সুযোগ। আমি প্ৰকৃতিৰ পৰা লোৱা আৰু আহৰণ কৰা খিনিৰ বিপৰীতে আমাক বৰ্তাই ৰাখিবলৈ প্ৰকৃতিক সক্ষম কৰি ৰখাৰ বাবে আমি প্ৰকৃতিক কিবা এটা প্ৰতিদান দিয়া প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে।
 
বঁটা গ্ৰহণ কৰি ড০ বিভূতি প্ৰসাদ লহকৰে ভাৰতৰ উত্তৰ-পূব অংশত এছিয়ান হাতীৰ অৱশিষ্ট খিনিক বচাই ৰাখিবলৈ চলোৱা আৰণ্যকৰ প্ৰয়াসৰ অংশীদাৰ হোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু কয়, “বন্যহস্তী আৰু স্থানীয় সমূদায়ৰ সহাৱস্থানক উদগনিৰ জৰিয়তে মানৱ-হাতী সংঘাত লাঘৱ কৰাৰ উদ্দেশ্যে বহুমুখী পন্থাৰে অক্লান্ত আৰু ঐক্যবদ্ধভাৱে কাম কৰি যাবলৈ আৰণ্যক প্ৰতিশ্ৰুতিবদ্ধ।”
 
আৰণ্যকৰ সচিব প্ৰধান ড০ লহকৰে লগতে কয় যে আৰণ্যকৰ হাতী গৱেষণা আৰু সংৰক্ষণ বিভাগটো উত্তৰ-পূব ভাৰতত এছিয়ান হাতী সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰা অন্যতম মূল গোট। ইয়াৰ অধীনত ইতিমধ্যে হাতী সংৰক্ষণৰ ২০ বছৰীয়া পৰিকল্পনাৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে। ইয়াত হাতী আৰু ইয়াৰ বাসভূমিৰ দীৰ্ঘম্যাদী সংৰক্ষণৰ উদ্দেশ্যে মানৱ-হাতী সহাৱস্থানক উদগনি যোগোৱা,  পাৰিপাৰ্শ্চিক অধ্যয়ন, বাসভূমিৰ পুনৰুদ্ধাৰ, সংৰক্ষণ শিক্ষা আৰু মানৱ-হাতী সংঘাতত ক্ষতিগ্ৰস্ত মানুহক বিকল্প জীৱিকাৰ সন্ধান দিয়া আদি বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছে।