সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ বাৰ্তা প্ৰেৰণৰ বাবে বিভিন্ন দেশ ভ্ৰমণ কৰিব সৰ্বদলীয় প্ৰতিনিধি দলে

Story by  atv | Posted by  [email protected] • 16 h ago
কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু
কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু
 
নতুন দিল্লী

অপাৰেচন সেন্দুৰ আৰু সীমান্তৰ সীপাৰৰ পৰা হৈ থকা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে চলোৱা যুদ্ধৰ পৰিপ্ৰেক্ষিতত চলিত মাহৰ শেষৰ ফালে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যকে ধৰি গুৰুত্বপূৰ্ণ অংশীদাৰ দেশসমূহ ভ্ৰমণ কৰিবলৈ সাজু হৈছে ভাৰতৰ সাতজনীয়া সৰ্বদলীয় প্ৰতিনিধি দল।
 
সাতজনীয় প্ৰতিনিধি দলটোক প্ৰতিনিধিত্ব কৰিবঃ কংগ্ৰেছৰ নেতা শশী থাৰুৰ, বিজেপিৰ নেতা ৰবি শংকৰ প্ৰসাদ, জেডিইউৰ নেতা সঞ্জয় কুমাৰ ঝা, বিজেপিৰ নেতা বৈজয়ন্ত পাণ্ডা, ডিএমকেৰ নেতা কানিমোঝি কৰুণানিধি, এনচিপি (এছপি)ৰ নেতা সুপ্ৰিয়া চুলে, আৰু শিৱসেনাৰ নেতা শ্ৰীকান্ত একনাথ শিণ্ডে।
 

এক্সত এটা পোষ্টত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে ভাৰত ঐক্যবদ্ধভাৱে থিয় দিছে, আৰু সাতজনীয়া এটা সৰ্বদলীয় প্ৰতিনিধি দলে অতি সোনকালে মূল অংশীদাৰ ৰাষ্ট্ৰসমূহ ভ্ৰমণ কৰিব:
সৰ্বদলীয় প্ৰতিনিধি দলটোৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলো প্ৰকাৰ আৰু প্ৰকাশৰ ক্ষেত্ৰত ভাৰতৰ ৰাষ্ট্ৰীয় ঐকমত্য আৰু দৃঢ় পদক্ষেপৰ কথা দেশসমূহৰ সন্মুখত দাঙি ধৰিব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ ক্ষেত্ৰত দেশৰ শক্তিশালী বাৰ্তা তেওঁলোকে বিশ্বৰ আগত আগবঢ়াই নিব।
 
বিভিন্ন দলৰ সাংসদ, বিশিষ্ট ৰাজনৈতিক ব্যক্তি, আৰু বিশিষ্ট কূটনীতিবিদসকল প্ৰতিটো প্ৰতিনিধি দলৰ অংশ হ’ব। ২৩ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া এই ভ্ৰমণ ১০ দিনীয়া হোৱাৰ সম্ভাৱনা আছে। সাংসদৰ গোটসমূহে আমেৰিকা, যুক্তৰাজ্য, সংযুক্ত আৰব আমিৰশ্বাহী, দক্ষিণ আফ্ৰিকা, জাপানকে ধৰি বিশ্বৰ কেইবাখনো গুৰুত্বপূৰ্ণ দেশৰ ৰাজধানী ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে।