নতুন দিল্লী
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে অপাৰেচন সেন্দুৰ আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতে পাকিস্তানক অৱগত কৰা বুলি স্বীকাৰ কৰা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত দাবীক শনিবাৰে খণ্ডন কৰে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক্সপি বিভাগে এক বিবৃতিত স্পষ্ট কৰি দিয়ে যে জয়শংকৰৰ মন্তব্যক “সম্পূৰ্ণ ভুলভাবে উপস্থাপন” কৰা হৈছে। সংবাদ সংস্থা এএনআইৰ মতে, "ইএএম এছ জয়শংকৰে কৈছিল যে আমি আৰম্ভণিতে পাকিস্তানক সকীয়াই দিছিলো, যিটো স্পষ্টভাৱে অৰ্থ আছিল অপাৰেচন সেন্দুৰ আৰম্ভ হোৱাৰ পিছৰ প্ৰাৰম্ভিক পৰ্যায়। এইটো আৰম্ভ হোৱাৰ আগৰ বুলি মিছাকৈ উপস্থাপন কৰা হৈছে।"
অভিযানৰ সময়ত পাকিস্তানক অৱগত কৰাটো “অপৰাধ” বুলি অভিযোগ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰত চোকা আক্ৰমণ চলোৱাৰ পিছতে এই স্পষ্টীকৰণ দিয়া হৈছে।
এক্সত এটা পোষ্টত গান্ধীয়ে প্ৰশ্ন উত্থাপন কৰে যে কোনে এই সিদ্ধান্তক অনুমোদন জনাইিল আৰু ই ভাৰতীয় বায়ুসেনাৰ জোৱানৰ সুৰক্ষাৰ সৈতে জড়িত বুলি কয়। "আমাৰ আক্ৰমণৰ আৰম্ভণিতে পাকিস্তানক জনোৱাটো অপৰাধ আছিল। ই এ এমে ৰাজহুৱাভাৱে স্বীকাৰ কৰিছে যে চৰকাৰে এই কাম কৰিছিল। কোনে ইয়াক অনুমোদন দিছিল? ইয়াৰ ফলত আমাৰ বায়ুসেনাই কিমান বিমান হেৰুৱালে?" - এই মন্তব্য লোকসভাত বিৰোধী দলপতিগৰাকীয়ে কৰে।
গান্ধীয়ে এটা তাৰিখহীন ভিডিঅ’ ক্লিপও শ্বেয়াৰ কৰিছে য’ত জয়শংকৰে কোৱা শুনা গৈছে যে, “অপাৰেচনৰ আৰম্ভণিতে আমি পাকিস্তানলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছিলোঁ, ‘আমি সন্ত্ৰাসবাদী আন্তঃগাঁথনিত আক্ৰমণ কৰিছো আৰু আমি সামৰিক বাহিনীক আক্ৰমণ কৰা নাই।’ গতিকে সামৰিক বাহিনীৰ হাতত এই প্ৰক্ৰিয়াত হস্তক্ষেপ নকৰাৰ বিকল্প আছিল। তেওঁলোকে সেই ভাল পৰামৰ্শ গ্ৰহণ নকৰাটো বাছি লৈছিল।”
প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৱেও তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অনলাইনত প্ৰচাৰিত হোৱা ব্যাখ্যাক নুই কৰে। এক্সত নিজৰ ফেক্ট চেক ইউনিটৰ এটা পোষ্টত পিআইবিয়ে দৃঢ়তাৰে কয় যে জয়শংকৰে এনে কোনো বক্তব্য দিয়া নাই আৰু ভুল উদ্ধৃতি দিয়া হৈছে।
২২ এপ্ৰিলত পহলগামত সংঘটিত হোৱা মাৰাত্মক সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তান আৰু পাকিস্তান-অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী শিবিৰসমূহক লক্ষ্য কৰি ভাৰতৰ আক্ৰমণ আছিল অপাৰেচন সেন্দুৰ।