গুৱাহাটী
এগৰাকী মহিলাৰ বিৰুদ্ধে সামাজিক মাধ্যমত সাহিত্যিক ইছমাইল হোছেইনে এক বিতৰ্কিত মন্তব্য় কৰাৰ পিছতে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হয়। মহিলাগৰাকীয়ে আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ পিছতে সাহিত্যিক গৰাকীক গ্ৰেপ্তাৰ কৰিছে মঙলদৈ আৰক্ষীয়ে।
ফেচবুকত এটি পোষ্টত বিতৰ্কিত মন্তব্য কৰা বাবে শুকুৰবাৰে সাহিত্যিক ইছমাইল হোছেইনক গ্ৰেপ্তাৰ কৰা হৈছে। মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দনজ্যোতি বৰাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে যোৰহাট গড়আলিৰ পৰা গ্ৰেপ্তাৰ কৰে সাহিত্যিক গৰাকীক।
এগৰাকী মহিলাই ইছমাইল হোছেইনৰ বিৰুদ্ধে সামাজিক মাধ্যমত অশালীন মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি মঙলদৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহৰৰ ভিত্তিত আৰক্ষীয়ে ৮৪/২৫ নম্বৰত এক গোচৰ ৰুজু কৰে। আৰক্ষীয়ে মোবাইল নেটৱৰ্কৰ দ্বাৰা স্থান নিৰূপণ কৰি যোৰহাটৰ গড়আলিৰ পৰা আটক কৰে। তেওঁৰ ঘৰ গুৱাহাটীত যদিও কি কাৰণে যোৰহাটত আছিল, সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
বিতৰ্কিত সাহিত্যিক ইছমাইল হোছেইনে এটি বিশেষভাৱে সক্ষম শিশুৰ সৈতে ফাটবিহু উপলক্ষে বিহুনাচ এটাৰ ভিডিঅ' ফেচবুকত আপলোড কৰিছিল। সেই আপডেটটোত অভিযোগকাৰী কলাইগাওঁৰ শিক্ষয়িত্ৰীগৰাকীয়ে মন্তব্য কৰাত হোছেইনে কিছুমান অশ্লীল শব্দৰে মহিলাগৰাকীৰ ভাৱমূৰ্তিত আঘাত হানে বুলি অভিযোগ উঠিছে। সেয়েহে মহিলাগৰাকীয়ে মঙলদৈ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।
ইছমাইল হোছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বাবে মহিলাগৰাকীয়ে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰি কয়, "আৰক্ষীয়ে অতি সোনকালে ব্য়ৱস্থা গ্ৰহণ কৰিছে। আৰক্ষী-প্ৰশাসনে যথেষ্ঠ সঁহাৰি দিলে। এইবোৰ হোৱাৰ পিচত তেওঁ এইবোৰ বন্ধ কৰিব ছাগে। এনেকুৱা হ'লে কঠোৰ ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে।" অনাগত দিনত মহিলাৰ বিৰুদ্ধে এনেধৰণৰ অশালীন মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকিবলৈ ইছমাইল হোছেইনক তেওঁ সকীয়াই দিয়ে।
ইফালে, মঙলদৈ সদৰ থানাত ৰুজু হোৱা MLD PS NO-- 84/25 UG 79 BNS R/W SEC. 67(a) IT Act ধাৰাৰ অধীনত গোচ ৰুজু কৰি আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাত আদালতে মঙলদৈ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে ইছমাইল হোছেইনক।
কাৰাগাৰলৈ প্ৰেৰণৰ সময়ত সাংবাদিকৰ আগত হোছেইনে কয়, "মই কোনো অপৰাধ কৰা নাই, আৰক্ষীক সহযোগ কৰিছো। মহিলাগৰাকীয়েহে মোক সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰিছে। ইয়াৰ ক্ষেত্ৰত আইনে যি ব্যৱস্থা গ্ৰহণ কৰে সেয়া আইনৰ কথা।"