অমিত শ্বাহে তেওঁৰ বাৰ্তাত কয়, "ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে এয়া এক নিৰ্ণায়ক আঘাত। এই ধাৰাবাহিক অভিযানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীক অভিনন্দন জনাইছোঁ। অভিযানৰ ফলত ৯৪৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে, ৫৪৭টা গোচৰ ৰুজু কৰা হৈছে আৰু ১৮২ কোটি টকাৰো অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰা হৈছে। ইয়াৰ উপৰি ড্ৰাগছৰ ঘাটি হিচাপে চিনাক্ত কৰা ৭০৩টাতকৈ অধিক স্থানত অভিযান চলোৱাৰ লগতে প্ৰায় ৩১ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে।"
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'নিচামুক্ত ভাৰত'ৰ পৰিকল্পনাৰ অধীনত প্ৰস্তুত কৰা 'নাৰ্কটিকছ নিয়ন্ত্ৰণ সম্পৰ্কীয় দৃষ্টিপত্ৰ ২০২৬-২৯'ই ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ সম্পূৰ্ণৰূপে উৎখাত কৰা, এই অবৈধ কাৰ্যকলাপৰ আৰ্থিক ভেটি দুৰ্বল কৰা আৰু যুৱপ্ৰজন্মক নিচাৰ কবলৰ পৰা সুৰক্ষিত ৰখাৰ সংকল্পক অধিক শক্তিশালী কৰিছে।
তেওঁ স্পষ্ট কৰি দিয়ে যে, দেশক নিচামুক্ত কৰাৰ লক্ষ্যৰে ড্ৰাগছৰ বিৰুদ্ধে চলি থকা অভিযান কোনো পৰিস্থিতিতে শিথিল কৰা নহ’ব।
উল্লেখযোগ্য যে, 'নিচামুক্ত ভাৰত অভিযান'ৰ অংশ হিচাপে অসম আৰক্ষীয়ে পূৰ্বপ্ৰস্তুতি আৰু চোৰাংচোৱা তথ্যৰ ভিত্তিত যোৱা ১২ অক্টোবৰত সমগ্ৰ ৰাজ্যজুৰি এক বৃহৎ ড্ৰাগছবিৰোধী অভিযান চলাইছিল। এই অভিযানত নিচাযুক্ত সামগ্ৰীৰ সৈতে জড়িত ৫৪৭টা গোচৰ ৰুজু কৰাৰ লগতে ৯৪৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।
অভিযানৰ সময়ত প্ৰায় ১৮২ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰী জব্দ কৰা হয়। ইয়াৰ উপৰি ৭৩খন জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা কাৰ্যকৰী কৰাৰ লগতে দীৰ্ঘদিন ধৰি পলাতক হৈ থকা ৪৭ জন অভিযুক্তক আটক কৰা হয়। এইসকলৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ ১০ জন পলাতক অভিযুক্তও আছে।
অসম আৰক্ষীয়ে ড্ৰাগছৰ ঘাটি হিচাপে চিনাক্ত কৰা ৭০৩টাতকৈ অধিক স্থানত অভিযান চলোৱাৰ লগতে অবৈধ নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায়ৰ সৈতে জড়িত প্ৰায় ৩১ কোটি টকাৰ সম্পত্তি জব্দ, বাজেয়াপ্ত অথবা ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে।
ইয়াৰ সমান্তৰালকৈ নিচাযুক্ত দ্ৰব্য আৰু মনঃপ্ৰভাৱকাৰী সামগ্ৰীৰ অবৈধ সৰবৰাহ প্ৰতিৰোধ আইন (PITNDPS)ৰ অধীনত ১৫৭টা প্ৰস্তাৱ প্ৰক্ৰিয়াকৰণ কৰা হৈছে। আনহাতে, চিগাৰেট আৰু অন্যান্য ধঁপাতজাত সামগ্ৰী আইন (COTPA)ৰ অধীনত ২,২২৯টা অভিযান চলোৱাৰ লগতে ৩,৬৬২খন ব্যৱসায়িক প্ৰতিষ্ঠান পৰিদৰ্শন কৰা হয়।
অভিযানৰ অংশ হিচাপে ৰাজ্যৰ ২,৯৪৩খন শিক্ষানুষ্ঠানত জৰীপ চলোৱা হয়। ইয়াৰ উপৰি ভাৰতত নিৰ্মিত বিদেশী সুৰা (IMFL)কে ধৰি মুঠ ১,৩৪,৫৩৯ লিটাৰ সুৰা জব্দ অথবা ধ্বংস কৰা হয়।
কেৱল আইনগত ব্যৱস্থা গ্ৰহণতে সীমাবদ্ধ নাথাকি নিচাযুক্ত সামগ্ৰীৰ অপকাৰিতা সম্পৰ্কে জনসচেতনতা সৃষ্টিৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিয়া হয়। সেই উদ্দেশ্যে ৰাজ্যজুৰি ৬৩৩টা সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়, যাৰ জৰিয়তে মুঠ ১,১২,৫৩২ জন সাধাৰণ নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হয়।
ইফালে, যোৱা ১৮ ছেপ্টেম্বৰত দেশজুৰি 'ৰাষ্ট্ৰীয় সংকল্প সমাৰোহ'ৰ জৰিয়তে ১০০ সপ্তাহজোৰা 'নিচামুক্ত যুৱ অভিযান'ৰ শুভাৰম্ভ কৰা হৈছিল। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত আৰম্ভ কৰা এই অভিযানৰ মূল লক্ষ্য হৈছে যুৱপ্ৰজন্মক নিচাৰ অপকাৰিতাৰ বিষয়ে সজাগ কৰি তোলাৰ লগতে সমাজৰ সক্ৰিয় অংশগ্ৰহণেৰে নিচামুক্ত ভাৰত গঢ়ি তোলা।
চৰকাৰী বিজ্ঞপ্তি অনুসৰি, এই অভিযানৰ অংশ হিচাপে যুৱ পৰিক্ৰমা বিভাগে 'মেৰা যুৱ ভাৰত' (MY Bharat) আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি (NSS)ৰ সহযোগত দেশৰ বিভিন্ন শিক্ষানুষ্ঠান আৰু যুৱ সংগঠনৰ মাজত শপতগ্ৰহণ তথা স্বাক্ষৰ অভিযানৰ আয়োজন কৰে।
'বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱপ্ৰজন্ম' গঢ়ি তোলাৰ লক্ষ্যৰে ৰূপায়ণ কৰা এই পদক্ষেপৰ জৰিয়তে যুৱসমাজৰ মাজত এক সামূহিক দায়বদ্ধতা আৰু সচেতনতা গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে।
১৮ ছেপ্টেম্বৰৰ পৰা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৩০০খন নিৰ্বাচিত শিক্ষানুষ্ঠানত 'ৰাষ্ট্ৰীয় সংকল্প সমাৰোহ' অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানে অংশগ্ৰহণ কৰে।
নিচাৰ বিৰুদ্ধে দেশজুৰি চলি থকা এই সামূহিক প্ৰচেষ্টাই যুৱপ্ৰজন্মক সুস্থ, সুৰক্ষিত আৰু উজ্জ্বল ভৱিষ্যতৰ দিশে আগুৱাই নিয়াৰ লগতে নিচামুক্ত সমাজ গঢ়াৰ লক্ষ্যক অধিক শক্তিশালী কৰাৰ আশা কৰা হৈছে।