পি এফ আইক নিষিদ্ধ কৰাৰ সিদ্ধান্ত নিৰ্ণায়ক আৰু সাহসিকঃ অসমৰ মুখ্যমন্ত্ৰী;মুছলমান নেতাৰো আদৰণি

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

গুৱাহাটী

কেন্দ্ৰীয় চৰকাৰে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া(পিএফআই)ক নিষিদ্ধ কৰাৰ সিদ্ধান্তক আদৰণি জনাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰৰ এয়া এক সাহসিক আৰু নিৰ্ণায়ক সিদ্ধান্ত।

ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা, ভাৰতক অশান্ত কৰিব বিচৰা যিকোনো শক্তিক সাহসেৰে মোকাবিলা কৰিবলৈ চৰকাৰে দৃঢ় সংকল্প গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী শৰ্মাই দুদিন পূৰ্বে কৈছিল যে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে পৰিৱেশ সৃষ্টিৰ অভিযোগত পি এফ আইক নিষিদ্ধ কৰিবলৈ তেওঁ কেন্দ্ৰক অহৰহ অনুৰোধ কৰি আহিছে।

ইফালে, জেষ্ঠ অধিবক্তা আৰু জামিয়ত-উলেমা হিন্দৰ এজন নেতা জুনেইদ খালিদে ভাৰত চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাই কয় যে পি এফ আই-এ দেশৰ ধৰ্মনিৰপেক্ষ আদৰ্শৰ বিৰুদ্ধে কাম কৰি আছিল। তেওঁলোকে ভাৰতক এখন ইছলামিক ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰিব বিচাৰিছিল। এই সংগঠনটোৱে ইজৰাইলৰ মুছলিম ব্ৰাদাৰহুদ মুভমেণ্ট আৰু পেলেষ্টাইনৰ হামাজ ইছলাম নামৰ বিতৰ্কিত সংগঠন দুটাক অনুসৰণ কৰিছিল।  

“জমিয়ত উলেমা হিন্দে ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।ভাৰতক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত কৰাত জমিয়ত উলেমা হিন্দৰ গুৰুত্বপূৰ্ণ অৰিহণা আছে। কিন্তু পি এফ আইৰ দৰে সংগঠনৰ কাৰণে জমিয়তৰ ত্যাগ অথলে গৈছে। তেওঁলোকে দেশৰ ধৰ্মনিৰপেক্ষ আদৰ্শৰ বিৰুদ্ধে কাম কৰি আছিল। ভাৰত চৰকাৰে পি এফ আইক নিষিদ্ধ কৰাতো আদৰণীয় সিদ্ধান্ত,”জুনেইদ খালিদে কয়।

আনহাতে, অসম মাৰ্কাজুল উলুম মাদ্ৰাছাৰ অধ্যক্ষ হিলালুদ্দিন কাছিমিৰ পৰা এই সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয়; “ইছলামত সন্ত্ৰাসবাদক কেতিয়াও আশ্ৰয় দিয়া নহয়। সন্ত্ৰাসবাদী মুছলমান হ'ব নোৱাৰে। যদি কোনোৱে আমাৰ ভাৰতীয় সংবিধান উলংঘা কৰি কূটাঘাতমূলক কাৰ্য্যত লিপ্ত হয়, তেন্তে আইনে এনে কাৰ্য্য কৰা ব্যক্তিক কঠোৰ হাতেৰে দমন কৰিব লাগে। পি এফ আইক ভাৰত চৰকাৰে নিষিদ্ধ কৰা কাৰ্য্যক মই সমৰ্থন জনাওঁ। তেওঁলোকে যদি সংবিধান বিৰোধী কাৰ্য্যকলাপত লিপ্ত হৈছে, তেন্তে উচিত ব্যৱস্থা গ্ৰহণ কৰা উচিত।"

উল্লেখ্য যে, ১৬ বছৰ পুৰণি সংগঠন পিএফআইৰ ওপৰত শেহতীয়াকৈ সম্পন্ন হোৱা দেশজোৰা তালাচী অভিযানত শতাধিক কৰ্মীক আটক কৰাৰ লগতে কেইবা ডজন সম্পত্তি জব্দ কৰাৰ কিছুদিন পিছতে কেন্দ্ৰীয় চৰকাৰে পি এফ আইক নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অসম আৰক্ষীয়ে এতিয়ালৈকে মুঠ ৩৬ জন পি এফ আই কৰ্মীক গ্ৰেপ্তাৰ কৰিছে।ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ নেতৃত্বত একাধিক সংস্থাই সংগঠনটোৰ বিৰুদ্ধে অভিযান চলোৱাৰ পিছতে মঙলবাৰে অসমৰ ৮খন জিলাৰ পৰা সংগঠনটোৰ ২৫ জন কৰ্মীক আটক কৰাৰ বিপৰীতে ২২-২৩ ছেপ্টেম্বৰত আন ১১ জনক আটক কৰা হৈছিল।

মঙলবাৰে ৭ খন ৰাজ্যৰ পৰা পি এফ আইৰ সৈতে সম্পৰ্ক থকা ১৭০ জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ৫ দিন পূৰ্বে চলোৱা অভিযানত সংগঠনটোৰ ১০৬ জন নেতা আৰু সদস্যক আটক কৰা হৈছিল।