এবুকু পানী ভাঙি আহি মুখ্যমন্ত্ৰীক গামোচা পিন্ধালে শিলচৰৰ এজন যুৱকে

Story by  atv | Posted by  [email protected] • 1 Years ago
এবুকু পানী ভাঙি আহি মুখ্যমন্ত্ৰীক গামোচা পিন্ধালে শিলচৰৰ এজন যুৱকে
এবুকু পানী ভাঙি আহি মুখ্যমন্ত্ৰীক গামোচা পিন্ধালে শিলচৰৰ এজন যুৱকে

গুৱাহাটী

প্ৰলয়ংকৰী বানপানীৰ ভয়াবহ প্ৰত্যাহ্বান নেওচি শিলচৰৰ এজন যুৱকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি অভূতপূৰ্ব মৰম-চেনেহ প্ৰদৰ্শন কৰাৰ এটা ভিডিঅ’ই সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে।

বান বিধস্ত শিলচৰৰ পৰিস্থিতিৰ বুজ ল'বলৈ নাঁওৰে চহৰখন ভ্ৰমণ কৰি সময়ত মুখ্যমন্ত্ৰী শৰ্মাক অভিবাদন জনাবলৈ এজন যুৱকে হাতত গামোচা লৈ গভীৰ পানীৰ মাজত ৰৈ আছিল। বাৰে বাৰে চেষ্টা কৰিছে যদিও পানীৰ গভীৰতাৰ বাবে যুৱকজনে মুখ্যমন্ত্ৰীৰ কাষলৈ যাব পৰা নাই।

এই দৃশ্য দেখি মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ নিৰাপত্তাৰক্ষীক যুৱকজনক সহায় কৰাৰ নিৰ্দেশ দিয়ে আৰু লাইফ জেকেট পৰিধান কৰা দুজন নিৰাপত্তাৰক্ষীয়ে এবুকু পানীৰ মাজত যুৱকজনক কান্ধত তুলি মুখ্যমন্ত্ৰীৰ কাষলৈ লৈ আহে। ইয়াৰ পিছতে তেওঁ মুখ্যমন্ত্ৰীৰ ডিঙিত গামোচা পিন্ধাই অভিবাদন জনায়।

যুৱকজনৰ পৰা গামোচাখন গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয়,"মই পিছত কেতিয়াবা আপোনালোকৰ ঘৰলৈ আহিম আৰু আপোনাৰ সৈতে একাপ চাহ খাম," উল্লেখ্য যে, অসমত হোৱা প্ৰলয়ংকৰী বানপানী আৰু ভূমিস্খলনৰ ফলত এই পৰ্যন্ত মুঠ ১২১ জন লোকৰ মৃত্যু হৈছে। ৰাজ্যৰ ২৫ খন জিলাৰ প্ৰায় ২৫ লাখ লোক বানত আক্ৰান্ত হৈছে।

পৰিস্থিতি এতিয়াও শোচনীয় হৈ থকা শিলচৰৰ বানপীড়িত অঞ্চলসমূহত ড্ৰ’ন ব্যৱহাৰ কৰি প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা হৈছে।শনিবাৰে শিলচৰ ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই আশা প্ৰকাশ কৰে যে অহা ২৪ ঘণ্টাত বৰষুণ নহ’লে অঞ্চলটোৰ পৰিস্থিতি কিছু উন্নত হ’ব।