সেনাৰ শিবিৰত আলফা(স্বাঃ) ৰ আক্ৰমণ

Story by  atv | Posted by  [email protected] • 1 Years ago
আছাম ৰাইফলছৰ শিবিৰত আলফা (স্বা), এন এছ চি এনৰ আক্ৰমণ
আছাম ৰাইফলছৰ শিবিৰত আলফা (স্বা), এন এছ চি এনৰ আক্ৰমণ
গুৱাহাটী
 
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আলফা (স্বাঃ) ৰ ভয়ংকৰ কূটাঘাত। তিনিচুকীয়াৰ ভাৰত-ম্যানমাৰৰ পাংচুপাছত সংঘটিত হৈছে এই ঘটনা। ভাৰত-ম্যানমাৰ সীমান্তত আছাম ৰাইফলছৰ শিবিৰত ভয়াৱহ আক্ৰমণ কৰিছে আলফা(স্বাধীন) আৰু এন এছ চি এনয়ে।
 
 
জানিব পৰা মতে আছাম ৰাইফলছে নতুনকৈ স্থাপন কৰা এটা শিবিৰত পুৱতি নিশা প্ৰায় ২.৩০ মান বজাত আলফা (স্বাধীন) আৰু এন এছ চি এন য়ে মৰ্টাৰেৰে আক্ৰমণ কৰে । ইয়াৰ পিছতে দুয়োপক্ষৰ মাজত গুলীয়াগুলী আৰম্ভ হয়। পুৱা ৫ বজলৈকে সংঘটিত হয় এই গুলীয়াগুলি । এটা নহয় তিনিটা কৈ সেনা শিবিৰত আক্ৰমণ কৰে উগ্ৰপন্থীয়ে।
 
আলফা (স্বাধীন) এ স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ সকলোকে আহ্বান কৰিছিল। আৰু তাৰ পিছতে আলফাই এই ভয়ংকৰ এম্বুশ্বেৰে আক্ৰমণ কৰে। এই ভয়ংকৰ এম্বুশ্বত কেইবাজনো সেনা হতাহত হোৱাৰ আশংকা কৰা গৈছে।