সৌৰ প্ৰকল্পৰে বৈদ্যুতিক চাহিদা পূৰণ কৰিব অসমে

Story by  atv | Posted by  [email protected] • 8 Months ago
সৌৰ প্ৰকল্পৰে বৈদ্যুতিক চাহিদা পূৰণ কৰিব অসমে
সৌৰ প্ৰকল্পৰে বৈদ্যুতিক চাহিদা পূৰণ কৰিব অসমে
 
গুৱাহাটী
 
অসমত প্রয়োজনীয় ২,৬২৮ মেগাৱাট বিদ্যুৎ শক্তিৰ চাহিদা পূৰণ কৰিবলৈ অসম চৰকাৰে সৌৰশক্তি প্রকল্প স্থাপনত গুৰুত্ব প্রদান কৰিছে। সেউজ শক্তি উৎপাদনেৰে স্বাৱলম্বী হ'বলৈ ইতিমধ্যে কেইবাখনো নতুন আঁচনি মুকলি কৰিছে ৰাজ্য চৰকাৰে। বিদ্যুতৰ নাটনি আৰু উচ্চ হাৰত বিদ্যুতৰ মাচুলৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰে এই আঁচনি গ্রহণ কৰিছে। শেহতীয়াকৈ এক তথ্যত প্রকাশ পোৱামতে সম্প্রতি অসমত প্রায় ২,২০০ মেগাৱাটৰ পৰা ২,৬২৮ মেগাৱাটলৈ দৈনিক বিদ্যুতৰ প্ৰয়োজন হয়।
 
কিন্তু অসমত নিজাকৈ কেৱল ৩৫৫ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন হয়। অর্থাৎ প্রায় ২,২৯৩ মেগাৱাট বিদ্যুৎ শক্তিৰ বাবে বহিঃৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে অসম। প্রায় ছটা হাইড্ৰ'পাৱাৰ আৰু থার্মেল শক্তি প্ৰকল্পৰ জৰিয়তে উৎপাদন হোৱা মুঠ ৩৫৫ মেগাৱাট বিদ্যুৎ শক্তিৰ ভিতৰত সৰ্বাধিক ১০০ মেগাৱাট শক্তি উৎপাদন কৰা হয় কার্বি লাংপিং হাইড্ৰ'পাৱাৰ প্ৰকল্পৰ পৰা। সেইদৰে নামৰূপ থার্মেল শক্তি প্রকল্পত ২০ মেগাৱাট, লাকুৱা শক্তি প্রকল্পত ৬০ মেগাৱাট, লাকুৱা ৰিপ্লেচমেণ্ট শক্তি প্রকল্পত ৬৯ মেগাৱাট, নামৰূপ ৰিপ্লেচমেন্ট শক্তি প্রকল্পত ৯৮ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন কৰা হয়।
 
অসম চৰকাৰে বিদ্যুতৰ নাটনি দূৰ কৰিবৰ বাবে কেইবাখনো নতুন আঁচনি গ্রহণ কৰিছে। ইয়াৰ অধীনত কার্বি আংলঙৰ লাহৰিজানত প্রায় ১,০০০ মেগাৱাটৰ সৌৰশক্তি প্রকল্প স্থাপনৰ পদক্ষেপ গ্রহণ কৰিছে। এই প্ৰকল্পৰ বাবে প্রায় ৪,০০০ কোটি টকা ধাৰ্য কৰা হৈছে। ইয়াৰে ৩,২০০ কোটি টকা এছিয়ান ডেভেলপমেন্ট বেংকে বিনিয়োগ কৰাৰ লগতে ৮০০ কোটি টকা বিনিয়োগ কৰিব অসম চৰকাৰে। সেইদৰে ধুবুৰীৰ বিলাসীপাৰাৰ খুদি গাঁৱত প্রায় ৭০ মেগাৱাট সৌৰ প্ৰকল্প স্থাপন কৰিবলৈ এছ জে ভি এন এনার্জি লিমিটেডৰ সৈতে সহযোগিতা স্থাপন কৰা হৈছে। ২০২৫ চনৰ ৭ আগষ্টত এই প্রকল্প সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে।
 
এছ জে ভি এনৰ সৈতে কেইবাটাও প্রকল্প ৰূপায়ণ কৰিবলৈ সহযোগিতা স্থাপন কৰিছে অসম চৰকাৰে। ইয়াৰ ভিতৰত ঢেকীয়াজুলিৰ ৫০ মেগাৱাটৰ সৌৰ প্রকল্প, ২০০ মেগাৱাটৰ সৌৰ প্ৰকল্প অন্যতম। আনহাতে এ পিডিচি এল আৰু এন এল চি ইণ্ডিয়া লিমিটেডৰ যুটীয়া উদ্যোগত ১,০০০ মেগাৱাটৰ আন এটা সৌৰ প্ৰকল্প স্থাপন কৰিবলৈ চুক্তি স্বাক্ষৰ কৰা হৈছে। ইফালে প্ৰধানমন্ত্ৰীৰ সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত অসম চৰকাৰে সৌৰশক্তিৰ উৎপাদন বৃদ্ধিৰ আঁচনি গ্রহণ কৰিছে। ইয়াৰ দ্বাৰা প্রায় ২,৩২০ মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। ২০২৫ চনৰ শেষলৈ এই সৌৰ প্ৰকল্প কার্যক্ষম হৈ উঠিব বুলি আশা কৰা হৈছে।