ভাৰত-পাকিস্তান উত্তেজনাৰ মাজতে বায়ুসেনাৰ ২-দিনীয়া যুদ্ধ আখৰা পশ্চিমীয়া সীমান্তত

Story by  atv | Posted by   Imtiaz Ahmed • 23 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
নতুন দিল্লী 

ভাৰতীয় বায়ুসেনাই বুধবাৰৰ পৰা পশ্চিমীয়া সীমান্তত দুদিনীয়া বৃহৎ যুদ্ধ আখৰা আৰম্ভ কৰিব, য’ত যুদ্ধবিমান, পৰিবহন বিমান, AWACS (এয়াৰৱৰ্ণ ৱাৰ্নিং এণ্ড কন্ট্ৰ’ল ছিষ্টেম) বিমান, মিডএয়াৰ ৰিফুৱেলাৰ, হেলিকপ্টাৰ আৰু ড্ৰোন ব্যৱহাৰ কৰা হ’ব বুলি বিষয়াসকলে জানিবলৈ দিছে।

এই মহড়াত ৰাজস্থান, গুজৰাট, হৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ বিমান ঘাঁটিসমূহৰ বিমান, হেলিকপ্টাৰ আৰু ড্ৰোন ব্যৱহাৰ কৰা হ’ব। চৰকাৰে ৰাজস্থানৰ পাকিস্তান সীমান্ত সংলগ্ন অঞ্চলত NOTAM (এয়াৰমেনলৈ জাননী) জাৰি কৰি আকাশপথ সীমিত কৰিছে।

ভাৰতীয় বায়ুসেনাৰ মুখপাত্ৰই এই আখৰাটো “পূৰ্ব-নিয়োজিত, নিয়মীয়া প্ৰশিক্ষণ অনুশীলন” বুলি উল্লেখ কৰিছে যদিও, এই অনুশীলন হৈছে পহলগামত ২৬ জন নিহত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত-পাকিস্তানৰ মাজত সৃষ্ট হুৱা গভীৰ উত্তেজনাৰ পটভূমিত। পাকিস্তানৰ সৈতে নিয়ন্ত্ৰণ ৰেখাত পুনৰ উত্তেজনা বৃদ্ধি পাইছে, য’ত পাকিস্তানে বিগত ১২ দিন ধৰি কুপৱাৰা, বাৰামুল্লা, পুঞ্চ, ৰাজৌৰি, মেন্ধাৰ, নৌশেৰা, সুন্দৰবনি আৰু আখনুৰত ভাৰতীয় সেনা চৌকিলৈ গুলিচালনা অব্যাহত ৰাখিছে। ভাৰতীয় সেনাই কিন্তু উপযুক্ত প্ৰত্যুত্তৰ দিছে।

পাকিস্তানৰ এই যুদ্ধবিৰতি লঙ্ঘনক সীমান্ত উত্তেজনা বৃদ্ধিৰ উদ্দেশ্যে কৰা চেষ্টা বুলি ধৰা হৈছে, য’ত তেওঁলোকে অধিক সেনা মোতায়েন কৰিছে। ২০২১ চনৰ যুদ্ধবিৰতি চুক্তিৰ পিছত এইবাৰেই আটাইতকৈ ব্যাপক সীমান্ত সংঘাত দেখা গৈছে।

পহলগাম আক্ৰমণৰ পিছত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সামৰিক-সুৰক্ষা পৰিস্থিতি সন্দৰ্ভত শীৰ্ষ বিষয়াসকলে একাধিকবাৰ অৱগত কৰিছে। সেনাবাহিনীলৈ “প্ৰতিক্ৰিয়া, লক্ষ্য আৰু সময় নিৰ্বাচনৰ পূৰ্ণ স্বাধীনতা” দিয়া হৈছে।

বুধবাৰে দেশজুৰি অসামৰিক প্ৰতিৰক্ষা আখৰা, এয়াৰ ৰেইড সাইৰেন পৰীক্ষা আৰু ব্ল্যেকআউট অনুশীলনো চলিব। ১৯৭১ৰ যুদ্ধৰ পিছত এইধৰণৰ বৃহৎ আখৰা প্ৰথমবাৰ অনুষ্ঠিত হ’ব।

পহলগাম আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ ওপৰত একাধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে -- পাকিস্তানৰ সামগ্ৰী আমদানিত নিষেধাজ্ঞা, পাকিস্তান পতাকাবাহী জাহাজৰ ভাৰতীয় বন্দৰত নোঙৰ নিষিদ্ধ, পাকিস্তানী বিমানৰ বাবে আকাশমাৰ্গ বন্ধ, সিন্ধু নদী জলচুক্তি স্থগিত, দ্বিপাক্ষিক সম্পৰ্ক হ্ৰাস, অধিকাংশ পাকিস্তানী নাগৰিকক বহিষ্কাৰ আৰু আটাৰী স্থল সীমান্ত বন্ধ।

পাকিস্তানেও প্ৰত্যুত্তৰত ব্যৱস্থা গ্ৰহণ কৰিছে -- ভাৰতীয় বিমানৰ বাবে আকাশমাৰ্গ বন্ধ, ভাৰতৰ সৈতে সকলো বাণিজ্য স্থগিত আৰু দ্বিপাক্ষিক চুক্তি বাতিলৰ হুমকি।

২০১৯ৰ বালাকোট বিমান আক্ৰমণ আৰু চীনৰ সৈতে সীমান্ত সংঘাতৰ পিছত, ভাৰতীয় সেনা ৰাফেল, এস-৪০০, বাৰাক-৮, আই এন এছ বিক্ৰান্ত, নিউক্লিয়াৰ সাবমেৰিন আইএনএছ আৰিঘাত, প্ৰচণ্ড হেলিকপ্টাৰ, চি-২৯৫, অত্যাধুনিক কামান, নতুন ৰাইফল, ড্ৰোন, স্মাৰ্ট অস্ত্ৰ, মিছাইল, উচ্চ-প্ৰযুক্তিৰ নিৰীক্ষণ প্ৰণালী আদি আধুনিক অস্ত্ৰভাণ্ডাৰে অধিক সক্ষম হৈছে।

সীমান্তত উত্তেজনা চূড়ান্ত, দুয়ো পক্ষৰ সামৰিক আখৰা, যুদ্ধবিৰতি লঙ্ঘন আৰু কূটনৈতিক চাপৰ মাজত ভাৰতীয় বায়ুসেনাৰ এই আখৰা দেশৰ সামৰিক সজাগতা আৰু প্ৰস্তুতিৰ এক গুৰুত্বপূর্ণ পৰীক্ষা।



শেহতীয়া খবৰ