'অপাৰেচন সিন্দুৰ'ক স্বামীৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি বুলি অভিহিত পহলগাম কাণ্ডৰ ভুক্তভোগী শুভম দ্বিবেদীৰ পত্নীৰ

Story by  atv | Posted by  Munni Begum • 1 d ago
শুভম দ্বিবেদীৰ পত্নী অশন্য দ্বিবেদী
শুভম দ্বিবেদীৰ পত্নী অশন্য দ্বিবেদী
 
নতুন দিল্লী 
 
'অপাৰেচন সেন্দুৰ'ক ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে কৰা অভিযান বুলি উল্লেখ কৰিছে পহলগামত কাণ্ডত নিহত হোৱা ৩০ বছৰীয়া শুভম দ্বিবেদীৰ পত্নীয়ে। এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰি তেওঁৰ স্বামীৰ প্ৰতি এইয়া 'প্ৰকৃত শ্ৰদ্ধাঞ্জলি' বুলি অভিহিত কৰিছে।    
 
তেওঁ কয়, "মই মোৰ স্বামীৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাইছো। মোৰ সমগ্ৰ পৰিয়ালৰ তেওঁৰ ওপৰত আস্থা আছিল আৰু তেওঁ যি ধৰণে উত্তৰ দিছিল (পাকিস্তানক), সেইধৰনে তেওঁ আমাৰ আস্থা জীয়াই ৰাখিছে। এইটোৱেই মোৰ স্বামীৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি। মোৰ স্বামী য’তেই নাথাকক কিয়, আজি তেওঁ শান্তিত থাকিব।" 
 
 
৩ মে’ত বৈদিক মন্ত্ৰৰ জপৰ মাজতে প্ৰয়াগৰাজৰ সংগমত স্বামীৰ অস্থি বিসৰ্জন দিছিল অশন্য দ্বিবেদীয়ে। শুভম দ্বিবেদীয়ে পত্নী আৰু ভনীয়েকৰ সৈতে পহলগামৰ বৈসাৰণ উপত্যকা ভ্ৰমণ কৰিবলৈ গৈছিল। সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত গুলীচালনা কৰাৰ পিছতে তেওঁ প্ৰাণ হেৰুৱাইছিল।  কানপুৰৰ দ্বিবেদীয়ে চলিত বৰ্ষৰ ১২ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হৈছিল। সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত তেওঁৰ মূৰত গুলী লাগিছিল।
 
'অপাৰেচন সেন্দুৰ' সম্পৰ্কে:

৭ মে'ৰ পুৱা ১:৪৪ বজাত প্ৰকাশ কৰা এক বিবৃতিত পিআইবিয়ে কয় যে, "অলপ সময়ৰ আগতে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে 'অপাৰেচন সেন্দুৰ' আৰম্ভ কৰিছিল। পাকিস্তান আৰু পাকিস্তান অধীকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিত আঘাত হানিছিল, য’ৰ পৰা ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা আৰু নিৰ্দেশ দিয়া হৈছে। মুঠ ৯ স্থানক লক্ষ্য কৰি লোৱা হৈছে।"
 
বিবৃতিটোত লগতে কোৱা হৈছে যে, "২৫ জন ভাৰতীয় আৰু এজন নেপালী নাগৰিকক হত্যা কৰা বৰ্বৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।" 


শেহতীয়া খবৰ