অসমকে ধৰি চাৰি ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা
আৱাজ - দ্য ভইচ ব্যুৰ’ / গুৱাহাটী
ভাৰতীয় গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ গৌৰৱময় উৎসৱ নিৰ্বাচন। দেশৰ পাঁচখন প্ৰধান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হ'বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্ণাংগ সূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে।
নিৰ্বাচনমুখী এই ৰাজ্যসমূহ হৈছে ক্ৰমে অসম, পশ্চিমবংগ, কেৰলম (পূৰ্বৰ কেৰালা), তামিলনাডু আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰী। অহা মে' আৰু জুন মাহত এই ৰাজ্যসমূহৰ বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল অন্ত পৰিব, যাৰ পৰিপ্ৰেক্ষিতত আয়োগে এই নতুন আৰু গুৰুত্বপূৰ্ণ নিৰ্বাচনী সূচী প্ৰকাশ কৰিছে।
অসমৰ মুঠ ১২৬ টা বিধানসভা সমষ্টিত কেৱল একেটা পৰ্যায়তে ভোটগ্ৰহণ সম্পন্ন হ'ব। নিৰ্বাচন আয়োগৰ সূচী অনুসৰি, ৰাজ্যখনত নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰি কাইলৈ অৰ্থাৎ ১৬ মাৰ্চত আনুষ্ঠানিকভাৱে নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব। প্ৰাৰ্থীসকলে তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিন নিৰ্ধাৰণ কৰা হৈছে ২৩ মাৰ্চলৈ। ইয়াৰ পৰৱৰ্তী সময়ত, অহা ৯ এপ্ৰিলত সমগ্ৰ অসমত একেলগে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।
অসমৰ লগতে একেদিনাই দক্ষিণ ভাৰতৰ কেৰলম আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীতো নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি এই দুয়োখন ৰাজ্যতো ৯ এপ্ৰিলত কেৱল এটা পৰ্যায়ত ভোটগ্ৰহণ সম্পন্ন কৰা হ'ব।
দক্ষিণৰ আন এখন গুৰুত্বপূৰ্ণ ৰাজ্য তামিলনাডুত আগন্তুক ২৩ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যখনৰ সকলো সমষ্টিতে একেদিনাই অৰ্থাৎ এটা পৰ্যায়তে ভোটদান প্ৰক্ৰিয়া সামৰণি পৰিব।
আনহাতে, চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ বাবে নিৰ্বাচন আয়োগে দুটা পৰ্যায়ত ভোটগ্ৰহণৰ ব্যৱস্থা কৰিছে। ৰাজ্যখনৰ নিৰ্বাচনী পৰিৱেশ আৰু নিৰাপত্তাৰ দিশলৈ লক্ষ্য ৰাখি ক্ৰমে ২৩ এপ্ৰিল আৰু ২৯ এপ্ৰিলত দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
উক্ত আটাইকেইখন চাৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰাৰ পিছত, অহা ৪ মে'ত সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ হ'ব নিৰ্বাচনী ফলাফলৰ ওপৰত। নিৰ্বাচন আয়োগে সদৰী কৰা অনুসৰি, ৪ মে'ৰ দিনা একেলগে সকলো ৰাজ্যৰে ভোটগণনা অনুষ্ঠিত হ'ব।