গুৱাহাটী
অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত সদৌ অসম ছাত্র সন্থাই প্রতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। সেইমতে সন্থাই ৰাজ্যজুৰি ১৪ অক্টোবৰত অৱস্থান বিক্ষোভ, ১৯ অক্টোবৰত বন্তি প্রজ্বলন, ২৩ অক্টোবৰত ন্যায় সমদলৰ আহ্বান জনাইছে। সন্থাই দেওবাৰে ঘোষণা কৰা এই কাৰ্যসূচী অনুসৰি ১৪ অক্টোবৰত সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ সদৰৰ ৰাজহুৱা স্থানত অৱস্থান কৰি বিক্ষোভ প্রদর্শন কৰা হ'ব।
১৯ অক্টোবৰত অসমৰ প্রতিখন আঞ্চলিক ছাত্র সন্থাই নিজ নিজ অঞ্চলৰ ৰাজহুৱা স্থানত সন্ধিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন কৰিব আৰু ২৩ অক্টোবৰত অসমৰ প্ৰতিখন জিলাৰ সদৰত ন্যায় সমদল উলিওৱা হ'ব। এই কাৰ্যসূচীৱলী ৰূপায়ণৰ জৰিয়তে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী শান্তিপূর্ণভাৱে উত্থাপন কৰা হ'ব।
ছাত্ৰ সন্থাৰ স্পষ্ট দাবী যে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্রদান কৰিবই লাগিব। ছাত্ৰ সন্থাই পুনৰ দৃঢ়তাৰে কয় যে, শিল্পী জুবিন গার্গে ন্যায় পাবই লাগিব। জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া ঘটনাৰ তদন্ত ক্ষিপ্ৰ আৰু পানী নসৰকা হ'ব লাগিব, এই ঘটনাৰ সৈতে জড়িত প্রতিজন দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবই লাগিব আৰু অসম চৰকাৰে সাক্ষ্য-প্রমাণৰ সৈতে দোষীৰ বিৰুদ্ধে কটকটীয়া চার্জশ্বীট প্রস্তুত কৰিব লাগিব, যাতে আইনৰ সুৰুঙাৰে দোষী সাৰি যাব নোৱাৰে।
সন্থাৰ সভাপতি উৎপল শর্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এক বিবৃতিত কয় যে, ঘটনা সন্দর্ভত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, শেখৰ গোস্বামীকে ধৰি কেইবাজনক গ্রেপ্তাৰ কৰা হৈছে। এওঁলোকৰ লগত জুবিন গাৰ্গৰ যতনৰ সৈতে জড়িত দলটোৰ আন সদস্যসকল, ছিংগাপুৰৰ অসম এছ'চিয়েচনৰ যিসকল সদস্যই য়টত হাঁহি-খিকিন্দালি কৰি শেষ পৰিস্থিতি চাই আছিল, তেওঁলোকৰ চূড়ান্ত গাফিলতি, কাণ্ডজ্ঞানহীনতাৰ বাবে অসমৰ জনসাধাৰণে অসমৰ জাতীয় সম্পদ জুবিন গাৰ্গক হেৰুৱালে। ই এক অক্ষমণীয় অপৰাধ। প্রাণৰ শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ আঁৰত পৰিকল্পিত ষড়যন্ত্ৰৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। সেয়ে তদন্ত ক্ষিপ্র, পানী নসৰকা হ'বই লাগিব। প্রকৃত সত্য অসমৰ জনসাধাৰণে জানিব লাগিব। দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবই লাগিব।