দেশত বিদ্যুৎ বিতৰণৰ চৰকাৰী প্ৰতিষ্ঠানক ব্যক্তিগত মালিকানাধীন কোম্পানীক গতাই দিয়াৰ প্ৰস্তুতি কেন্দ্ৰৰ

Story by  atv | Posted by  Munni Begum • 5 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
দেশত বিদ্যুৎ বিতৰণৰ চৰকাৰী প্ৰতিষ্ঠানক বৰ্তমান ব্যক্তিগত মালিকানাধীন কোম্পানীক গতাই দিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে।  এক প্ৰতিবেদন অনুসৰি ৰাজ্যসমূহত বিদ্যুৎ বিতৰণত ব্যক্তিগত খণ্ডৰ কোম্পানীক প্ৰৱেশৰ অনুমতি দি এখন নতুন বিধেয়কৰ খচৰা চূড়ান্ত কৰিছে। 
 
কেন্দ্ৰৰ যুক্তি অনুসৰি, ৰাজ্যসমূহত ব্যক্তিগত কোম্পানীক বিদ্যুৎ বিতৰণৰ দায়িত্ব দিলে গ্রাহক আৰু বিতৰণকাৰী ব্যৱস্থা দুয়োৰে উপকৃত হ'ব। কেন্দ্রীয় চৰকাৰৰ বিধেয়কখনৰ খচৰা মতে, দেশৰ সকলো এলেকাতে বেচৰকাৰী কোম্পানীয়ে বিদ্যুৎ বিতৰণৰ দায়িত্ব লাভ কৰিব, আনকি একোটা এলেকাত একাধিক কোম্পানীয়ে বিদ্যুৎ যোগানৰ প্ৰস্তাৱ আগবঢ়াব পাৰিব।  
 
চৰকাৰৰ দাবী অনুসৰি, বিদ্যুৎ বিতৰণ ব্যৱস্থা খুলি দিলে উত্তম সেৱা প্রদানৰ বাবে বিতৰণকাৰী কোম্পানীসমূহৰ মাজত এক সুস্থ প্রতিযোগিতা আৰম্ভ হ'ব, ফলত গ্রাহক বাৰুকৈয়ে লাভান্বিত হ'ব। লগতে চৰকাৰী পক্ষৰ দাবীৰ মতে, যি সময়ত দেশৰ বিদ্যুৎ বিতৰণকাৰী চৰকাৰী কোম্পানীয়েই ৰুগ্ন, ব্যক্তিগত কোম্পানীৰ আগমনৰ ফলত চৰকাৰৰ বোজাও লাঘৱ হ'ব। কিন্তু বিদ্যুৎ বিতৰণ এক লাভজনক বাণিজ্য। 
 
ইতিমধ্যে মুম্বাই, দিল্লী আদিত বিদ্যুৎ বিতৰণত জড়িত আদানি এনার্জী ছলিউচন, টাটা পাৱাৰ, ৰিলায়েন্স ইনফ্রাষ্ট্ৰাকচাৰ আদি কোম্পানীৰ বছৰ বছৰ ধৰি প্ৰচুৰ লাভেই তাক প্রমাণ কৰে। স্বাভাৱিকভাৱে কেন্দ্রৰ নতুন বিধেয়কখন আইনত পৰিণত হ'লে দেশৰ বিদ্যুৎ বিতৰণত উঠি ৰজা, বহি ৰজাত পৰিণত হ'ব বেচৰকাৰী কোম্পানীসমূহ। লগতে ছাটাই হ'ব এই বিদ্যুৎ বিতৰণত নিয়োজিত লাখ লাখ কৰ্মচাৰী। 
 
২০২২ চনতো এনেধৰণৰ বিধেয়ক উত্থাপনৰ চেষ্টা চলাইছিল কেন্দ্ৰীয় চৰকাৰে, কিন্তু বিৰোধীৰ দুৰ্ঘোৰ প্ৰতিবাদত চৰকাৰে বিধেয়কখন প্রত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল। ইতিমধ্যে টাটা পাৱাৰে টাটা পাৱাৰ দিল্লী ডিষ্ট্ৰিবিউচন লিমিটেডৰ জৰিয়তে দিল্লীৰ লগতে মুম্বাইৰ একাংশত বিদ্যুৎ বিতৰণ কৰি আহিছে। 
 
ব্যক্তিগত খণ্ডৰ বিদ্যুৎ বিতৰণ কোম্পানীসমূহৰ ভিতৰত বৃহত্তম কোম্পানী হ'ল আদানি এনার্জী ছলিউচন লিমিটেড। কোম্পানীটোৱে অকল মুম্বাইতে ১২ নিযুত গ্রাহকক ২,০০০ মেগাৱাট বিদ্যুৎ যোগান ধৰি আহিছে। কোম্পানীটোৱে নবী মুম্বাই, কচ্ছ আৰু পশ্চিম উত্তৰ প্রদেশত বিদ্যুৎ বিতৰণৰ অনুমতি লাভৰ বাবে কেন্দ্ৰৰ ওচৰত আবেদন জনাই আহিছে।