বিদেশী ভূমিত আমি স্বতন্ত্ৰভাৱে তদন্ত কৰিব নোৱাৰো, চিআইডিয়ে ছিংগাপুৰৰ সহযোগিতাৰ বাবে অপেক্ষা কৰিছেঃ মুন্না প্ৰসাদ গুপ্তা

Story by  atv | Posted by  [email protected] • 6 h ago
চিআইডিৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তা
চিআইডিৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তা
 
গুৱাহাটী

অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত চলি থকা তদন্তৰ নতুন তথ্য সদৰি কৰিছে চিআইডিৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই। শনিবাৰে এক সংবাদমেলত গুপ্তাই স্পষ্ট কৰে যে ভাৰতীয় কৰ্তৃপক্ষই বিদেশী ভূমিত স্বতন্ত্ৰভাৱে তদন্ত কৰিব নোৱাৰে। বিদেশৰ যিকোনো অনুসন্ধান পাৰস্পৰিক আইনী সাহায্য চুক্তি (এমএলএটি) ৰ ফ্ৰেমৱৰ্কৰ অধীনত কৰিব লাগিব।
 
তেওঁ জানিবলৈ দিয়ে যে সকলো প্ৰাসংগিক তথ্য ছিংগাপুৰৰ এটৰ্নী জেনেৰেলৰ কাৰ্যালয়লৈ আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰা হৈছে আৰু ছিংগাপুৰত থকা ভাৰতীয় উচ্চায়ুক্তৰ সৈতে যোগাযোগ অব্যাহত আছে।
 
"স্থানীয় কৰ্তৃপক্ষৰ সহযোগিতা অবিহনে চিআইডিয়ে ছিংগাপুৰত কাম কৰিব নোৱাৰে। আমাৰ সহায়ৰ অনুৰোধ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ জৰিয়তে প্ৰেৰণ কৰা হৈছে আৰু ছিংগাপুৰৰ উপযুক্ত আইনী কাৰ্যালয়য়ে সেয়া গ্ৰহণ কৰিছে", গুপ্তাই কয়। তেওঁ লগতে কয় যে ছিংগাপুৰ চৰকাৰে নিশ্চিত কৰিছে যে কোনো ভাৰতীয় বিষয়াই ঘটনাস্থলীত তদন্ত কৰিব নোৱাৰিব, কিন্তু কূটনৈতিক চেনেলৰ জৰিয়তে সমন্বয় আৰু তথ্য বিনিময়ৰ সুবিধা প্ৰদান কৰা হৈছে।
 
ফৰেনছিক ফ্ৰণ্টক লৈ গুপ্তাই প্ৰকাশ কৰে যে ভাইছেৰাৰ প্ৰতিবেদন (viscera report) লাভ কৰা হৈছে আৰু বিশেষজ্ঞৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতাল (জিএমচিএইচ) লৈ প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ সৈতে ভাইছেৰাৰ প্ৰতিবেদন মিলাই চাবলৈ এখন বিশেষ চিকিৎসা সমিতি গঠন কৰা হৈছে। বিশেষজ্ঞ সমিতিয়ে দুয়োটা প্ৰতিবেদন মিলাই একত্ৰিত প্ৰতিবেদন প্ৰস্তুত কৰিব। অহা দুদিনৰ ভিতৰত চূড়ান্ত প্ৰতিবেদন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰা হ'ব বুলি গুপ্তাই কয়।

ইফালে, দিল্লীৰ পৰা অনা ভাইছেৰা ৰিপৰ্ট গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিতাল (জি এম চি এইচ)ৰ চিকিৎসা বিশেষজ্ঞসকলে লাভ কৰিছে বুলি শেহতীয়াকৈ জানিব পৰা গৈছে।