১২ বছৰ বয়স পর্যন্ত শিশুক অভিভাৱকৰ লগতে বিনামূলীয়াকৈ আসন দিয়াৰ ব্যৱস্থা বিমান পৰিবহন কর্তৃপক্ষৰ

Story by  atv | Posted by  Munni Begum • 9 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
বিমান যাত্ৰাৰ ক্ষেত্ৰত শেহতীয়াকৈ অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে কেতবোৰ নতুন নির্দেশনা জাৰি কৰিছে।
 
সেই অনুসৰি এতিয়াৰেপৰা বিমান পৰিবহন কর্তৃপক্ষই বিমান যাত্ৰাৰ সময়ত ১২ বছৰ বয়স পর্যন্ত শিশুক পিতৃ-মাতৃ অথবা অভিভাৱকৰ লগতে আসন দিব লাগিব। 
 
ইয়াৰ বাবে বিমান পৰিবহন কোম্পানীয়ে যাত্ৰীৰপৰা অতিৰিক্ত ভাৰা আদায় কৰিব নোৱাৰিব। বিগত সময়ছোৱাত বিমান পৰিবহন কোম্পানীসমূহে পচন্দৰ আসন বাচি লোৱাৰ ক্ষেত্ৰত যাত্ৰীৰপৰা অতিৰিক্ত ধন আদায় কৰি আহিছিল। 
 
এই বিষয়ত বহু যাত্রীয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে অভিযোগ কৰি অহাত অসামৰিক বিমান পৰিবহন সঞ্চালকালয় (ডিজি চি এ)-এ এই নির্দেশনা জাৰি কৰিছে। ডি জি চি এই ২০২১ৰ বিমান পৰিবহন নির্দেশনা ০১ৰ সংশোধন কৰাৰ লগতে ২০২৪ৰ ০১ৰো সংশোধন ঘটাইছে।