জন্মষ্টমী উপলক্ষে পশু হত্যা আৰু মাংস বিক্ৰীত নিষেধাজ্ঞা বেংগালুৰু মহানগৰ পালিকাৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
বেংগালুৰু
 
বুধবাৰে কৃষ্ণ জন্মষ্টমীৰ বাবে উদযাপনৰ মাজত পশু হত্যা আৰু মাংস বিক্ৰী নিষিদ্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে বেংগালুৰু মহানগৰ পালিকাই। পশুপালন বিভাগৰ দ্বাৰা জাৰী কৰা এক বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে, "বিবিএমপি এলেকাৰ সীমাৰ ভিতৰত থকা সকলো কছাইখানাত জন্তু হত্যা কৰা আৰু মাংস বিক্ৰী কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হ'ব।" খুচুৰা দোকানবোৰতো এই নিয়ম প্ৰযোজ্য হ'ব।   
 
বিজ্ঞপ্তিটোত কোৱা হৈছে, "কছাইখানাত তথা কছাই দোকানসমূহ জন্মষ্টমী উপলক্ষে বন্ধ থাকিব।" এই বছৰৰ জন্মষ্টমী বৃহস্পতিবাৰে আৰু শুক্ৰবাৰে উদযাপন কৰা হৈছে। জন্মষ্টমী প্ৰতি বছৰে শাওণ মাহত কৃষ্ণ পক্ষৰ অষ্টম দিনা উদযাপন কৰা হয়। যি সাধাৰণতে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ আগষ্ট বা ছেপ্টেম্বৰ মাহত পৰে। 
শেহতীয়া বি বি এম পি নিৰ্দেশনাটো এপ্ৰিলত ৰাম নৱমীৰ সময়ত একেধৰণৰ আদেশ প্ৰদান কৰাৰ পিছত দিয়া হৈছে। যেতিয়া কৰ্ণাটকত হালাল বনাম ঝাটকা মাংসৰ প্ৰতিবাদ দেখা গৈছিল। জন্তুক হত্যা কৰাৰ ধৰণত দুয়োটাৰে মাজত পাৰ্থক্য আছে। হালাল মাংস মুছলমান সম্প্ৰদায়ৰ পছন্দৰ হয়। দক্ষিণৰ ৰাজ্যখনে শেহতীয়াকৈ একে ধৰণৰ কেইবাটাও বিতৰ্কৰ সাক্ষী হৈ ৰৈছে।   
বি বি এম পি বিভিন্ন সময়ত এনে নিয়ম ঘোষণা কৰাৰ বাবে জনাজাত, যেনে বাসৱ জয়ন্তী, মহা শিৱৰাত্ৰি, গান্ধী জয়ন্তী, সৰ্বোদয় দিৱস আৰু অন্যান্য ধৰ্মীয় অনুষ্ঠান। বিবিএমপিৰ এজন বিষয়াই  পুৰ্বে হিন্দুস্তান টাইমছক কয় যে বিভিন্ন সময়ত বছৰত কমেও আঠ দিন এই প্ৰথাবোৰৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে।


শেহতীয়া খবৰ