বিজেপি অসমৰ খিলঞ্জীয়া মুছলমানৰ বিৰোধী নহয়, কেৱল অনুপ্ৰৱেশকাৰীৰ বিৰোধিতা কৰেঃ অমিত শ্বাহ

Story by  PTI | Posted by   Imtiaz Ahmed • 1 h ago
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কলিয়াবৰত, বৃহস্পতিবাৰে
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কলিয়াবৰত, বৃহস্পতিবাৰে
কলিয়াবৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে স্পষ্ট কৰি দিয়ে যে বিজেপি অসমৰ খিলঞ্জীয়া মুছলমানৰ বিৰোধী নহয়, বৰঞ্চ অনুপ্ৰৱেশকাৰীৰ বিৰোধীহে, কাৰণ তেওঁ অভিযোগ উত্থাপন কৰে যে কংগ্ৰেছে ৰাজ্যত শাসনকালত অবৈধ অনুপ্ৰৱেশৰ সুবিধা প্ৰদান কৰিছিল।

অগপৰ কেশৱ মহন্তৰ বাবে ইয়াত নিৰ্বাচনী সভাত ভাষণ দি তেওঁ বিজেপি আৰু অগপৰ মিত্ৰতা "সূৰ্য্য আৰু চন্দ্ৰৰ দৰে" বুলিও দৃঢ়তাৰে কয়, আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীক অংশীদাৰিত্ব শেষ হ’ব বুলি কল্পনা নকৰিবলৈ কয়।

শ্বাহে অভিযোগ কৰে যে কংগ্ৰেছে বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বনাঞ্চলৰ ভূমি বেদখলৰ বাবে অনুপ্ৰৱেশকাৰীক গতাই দি এশিঙীয়া গঁড়ৰ জীৱন বিপদত পেলাইছিল।

এন ডি এ চৰকাৰেই বেদখলকাৰীক উচ্ছেদ কৰি কাজিৰঙাক পুনৰবাৰ বিশ্ব পৰ্যটন মানচিত্ৰত স্থান দিয়াটো নিশ্চিত কৰিছিল বুলিও শ্বাহে কয়।

তেওঁ আৰু কয় যে যেতিয়া দখল কৰা ভূমিৰ পৰা অনুপ্ৰৱেশকাৰীক উচ্ছেদ কৰা হয়, তেতিয়া কংগ্ৰেছে ইয়াক ধৰ্মীয় ৰাজনীতি হিচাপে দেখুৱাবলৈ চেষ্টা কৰে।

"কংগ্ৰেছে অনুপ্ৰৱেশকাৰীক সংস্থাপন দিছিল, আৰু তেওঁলোকক উচ্ছেদ কৰিলে হেই দলটোৱে ইয়াক হিন্দু-মুছলমান এংগেল দিবলৈ চেষ্টা কৰে। মই স্পষ্টকৈ ক'ব বিচাৰো যে বিজেপি অনুপ্ৰৱেশকাৰীৰ বিৰোধী, অসমৰ খিলঞ্জীয়া মুছলমানৰ বিৰোধী নহয়।"

বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ধৰ্মৰ ভিত্তিত অসমৰ জনসাধাৰণক মেৰুকৰণ কৰা বুলি বিৰোধী দলসমূহে অভিযোগ উত্থাপন কৰাৰ পিছত শ্বাহে এই মন্তব্য কৰে।

ৰাজ্যখনত ১৫ বছৰীয়া শাসনকালত কংগ্ৰেছে অসমৰ উন্নয়নৰ বাবে একোৱেই কৰা নাছিল বুলি অভিযোগ কৰি শ্বাহে বৃহস্পতিবাৰে নিৰ্বাচনমুখী উত্তৰ-পূবৰ ৰাজ্যখন ভ্ৰমণলৈ অহা ৰাহুল গান্ধীক লক্ষ্য কৰি প্ৰশ্ন কৰে যে, "পাৰ্টিয়ে শাসনকালত ৰাজ্যখনৰ বাবে কি কৰিছিল?"

"প্ৰধানমন্ত্ৰী মনমোহন সিঙে অসমক প্ৰতিনিধিত্ব কৰিছিল (ৰাজ্যসভাত), কিন্তু তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে একোৱেই কৰা নাছিল।" - তেওঁ অভিযোগ কৰে।

কংগ্ৰেছে কেন্দ্রত ক্ষমতাত থকা সময়ত ১০ বছৰত অসমক মাত্ৰ ১.২৮ লাখ কোটি টকাহে দিছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ৰাজ্যখনক ৯.৭৮ লাখ কোটি টকা দিছে বুলিও শ্বাহে কয়।

তেওঁ আঙুলিয়াই দিয়ে যে কেন্দ্ৰ চৰকাৰে পথ, ৰেল, জলপথ, বিমানবন্দৰ, চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণসহ অবকাঠামো উন্নয়নৰ বাবে ১.৩৫ লাখ কোটি টকা ব্যয় কৰিছে। লগতে জাগীৰোডত ২৭ হাজাৰ কোটি টকাৰ ছেমিকণ্ডাক্টৰ চিপছ প্ৰকল্প স্থাপন কৰাৰ কথাও উল্লেখ কৰে।

শাহে কয় যে বিজেপিয়ে ৰাজ্যখনৰ ঐতিহ্য সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে, বিদেশীৰ বিৰুদ্ধে অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিসৌধ নিৰ্মাণ কৰিছে, কিংবদন্তি আহোম সেনাপতি লাচিত বৰফুকনৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে আৰু তেওঁৰ কৃতিত্ব দেশৰ চুকে-কোণলৈ লৈ গৈছে।

শ্বাহে অভিযোগ কৰে যে কংগ্ৰেছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ আৰু বিশিষ্ট কণ্ঠশিল্পী ভূপেন হাজৰিকাক ভাৰতৰত্নৰে সন্মান জনোৱা নাছিল।

তেওঁ লগতে কয় যে বিজেপিয়ে অসমীয়াক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰি সমগ্ৰ ৰাজ্যৰ উন্নয়ন সুনিশ্চিত কৰিলে।

ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰতা ভাঙি যাব বুলি কংগ্ৰেছে অপপ্ৰচাৰ চলাইছে বুলি অভিযোগ কৰি তেওঁ কয় যে এই সম্পৰ্ক আগলৈও অব্যাহত থাকিব।

"ৰাহুল বাবা, দিবাস্বপ্ন দেখা বন্ধ কৰা ... ১০ বছৰ ধৰি এই মিত্ৰতা চলি আছে, হাতী আৰু পদুম (ক্ৰমে অগপ আৰু বিজেপিৰ প্ৰতীক)ৰ মাজত বন্ধন অব্যাহত থাকিব," তেওঁ কয়।

আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এয়ে বিজয়ৰ হেট্ৰিক অৰ্জন কৰিব বুলি আত্মবিশ্বাস প্ৰকাশ কৰি শ্বাহে বিজেপি কৰ্মীসকলক কঠোৰ পৰিশ্ৰম কৰি অগপৰ প্ৰাৰ্থীসকলে নিজৰ আসন লাভ কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়।

তেওঁ দৃঢ়তাৰে কয় যে আগন্তুক পাঁচ বছৰত ৰাজ্যৰ যুৱক-যুৱতীসকলে অসমৰ লগতে দেশৰ ভৱিষ্যত গঢ়ি তুলিব৷

দুদিনীয়া ৰাজ্য ভ্ৰমণত শ্বাহে কলিয়াবৰত বিজেপিৰ মিত্ৰজোঁটৰ অংশীদাৰ অগপৰ প্ৰাৰ্থী তথা মন্ত্ৰী কেশৱ মহন্তৰ হৈ প্ৰচাৰ চলায়। শুকুৰবাৰে তিনিখন ৰেলীত ভাষণ দিব।

অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ নিৰ্বাচন অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব, আৰু ৪ মে’ত ভোট গণনা আৰম্ভ হ’ব।