'অপাৰেচন সেন্দূৰ' আছিল সামৰিক দক্ষতাৰ এক উৎকৃষ্ট নিদৰ্শনঃ সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদী

Story by  atv | Posted by  Nikunja Nath • 11 h ago
'অপাৰেচন সেন্দূৰ' আছিল সামৰিক দক্ষতাৰ এক উৎকৃষ্ট নিদৰ্শনঃ সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদী
'অপাৰেচন সেন্দূৰ' আছিল সামৰিক দক্ষতাৰ এক উৎকৃষ্ট নিদৰ্শনঃ সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদী
 
নতুন দিল্লী
 
সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতি আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অদম্য পৰাক্ৰমৰ এক জীৱন্ত নিদৰ্শন আছিল 'অপাৰেচন সেন্দূৰ'। এই অবিশ্বাস্য আৰু নিখুঁত সামৰিক অভিযানৰ জৰিয়তে ভাৰতে সমগ্ৰ বিশ্বক নিজৰ সামৰিক দক্ষতা, কূটনৈতিক বিচক্ষণতা আৰু ৰাষ্ট্ৰীয় সংকল্পৰ এক স্পষ্ট বাৰ্তা প্ৰদান কৰিছিল। শেহতীয়াকৈ এই ঐতিহাসিক সফলতাৰ প্ৰসংগ উত্থাপন কৰি ভাৰতীয় সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে সেনা বাহিনীৰ বীৰত্বক প্ৰশংসা কৰাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু প্ৰগতিৰ মাজৰ গভীৰ সম্পৰ্কৰ বিষয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেওঁ কয় যে এই আক্ৰমণ আছিল সামৰিক বাহিনীৰ কৌশলগত অধ্যৱসায়ৰ এক জ্বলন্ত প্ৰমাণ।
 
ৰাজধানী দিল্লীৰ 'চেণ্টাৰ ফৰ লেণ্ড ৱাৰফেয়াৰ ষ্টাডিজ'ত আয়োজিত "নিৰাপত্তাৰ পৰা প্ৰগতিলৈঃ বহনক্ষম ৰাষ্ট্ৰীয় বিকাশৰ বাবে স্মাৰ্ট পাৱাৰ" শীৰ্ষক এখন আলোচনা চক্ৰত ভাষণ প্ৰদান কৰি তেওঁ কয় যে, 'অপাৰেচন সেন্দূৰ'ৰ জৰিয়তে নিখুঁত সামৰিক দক্ষতা, তথ্য নিয়ন্ত্ৰণ, কূটনৈতিক বাৰ্তা আৰু অৰ্থনৈতিক সংকল্পৰ প্ৰকাশ ঘটিছিল।
 
তেওঁ কয়, "১২ মাহ পূৰ্বে, ভাৰতে তথাকথিত 'স্মাৰ্ট পাৱাৰ' প্ৰশ্নটোৰ এটা আংশিক উত্তৰ বিশ্বৰ আগত দাঙি ধৰিছিল। ৬ আৰু ৭ মে'ৰ মধ্যৱৰ্তী নিশা, মাত্ৰ ২২ মিনিটৰ এক নিখুঁত অভিযানৰ সময়ছোৱাত, 'অপাৰেচন সেন্দূৰে' নিখুঁত সামৰিক দক্ষতা, তথ্য নিয়ন্ত্ৰণ, কূটনৈতিক বাৰ্তা প্ৰেৰণ আৰু অৰ্থনৈতিক দৃঢ়তাক এক সুসংহত ৰাষ্ট্ৰীয় কাৰ্য হিচাপে প্ৰদৰ্শন কৰিছিল। ই শত্ৰুৰ সীমাৰ বহু ভিতৰলৈ সোমাই আক্ৰমণ চলাইছিল, সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি ধ্বংস কৰিছিল, দীৰ্ঘদিনীয়া কৌশলগত ধাৰণাক নস্যাৎ কৰিছিল, আৰু তাৰ পিছত বন্ধ হৈ গৈছিল। সেয়াও অতি সুপৰিকল্পিত আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে কৰা হৈছিল। ৮৮ ঘণ্টাৰ পিছত এই সুপৰিকল্পিত বিৰতিটোৱেই আছিল 'স্মাৰ্ট পাৱাৰ'ৰ আটাইতকৈ পূৰ্ণ প্ৰকাশ। আমি ঠিকমতে জানিছিলো যে কি প্ৰয়োগ কৰা উচিত, কিমান তীব্ৰতাত কৰা উচিত আৰু কেতিয়া এক সামৰিক পদক্ষেপক এক কৌশলগত পদক্ষেপলৈ ৰূপান্তৰিত কৰা উচিত।"
 
সেনা প্ৰধানগৰাকীয়ে লগতে গুৰুত্ব আৰোপ কৰে যে সমগ্ৰ বিশ্বতে প্ৰগতিক পুনৰ্গঠন কৰাৰ বাবে ক্ষমতাৰ ৰাজনীতি ব্যৱহাৰ কৰা হৈছে, যিয়ে মিত্ৰজোঁটসমূহৰ মাজত অবিশ্বাস, বিশৃংখলতা আৰু বিভাজনৰ ইংগিত দিয়ে।
 
তেওঁ উল্লেখ কৰে, "আজি আমাৰ চাৰিওফালৰ বিশ্বখনে এক অধিক জটিল বাৰ্তা প্ৰেৰণ কৰিছে। মিত্ৰজোঁটৰ মাজত বিশৃংখলতা, অবিশ্বাস আৰু বিভাজন দেখিবলৈ পোৱা গৈছে। আমাক এনে এখন পৃথিৱীৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল য'ত প্ৰগতিয়ে ক্ষমতাৰ ৰাজনীতিক অপ্ৰাসংগিক কৰি তুলিব। কিন্তু তাৰ পৰিৱৰ্তে, আমি এনে এখন পৃথিৱী পাইছো য'ত প্ৰগতিক নিজৰ মতে সজাবলৈ ক্ষমতাৰ ৰাজনীতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে।"
 
ইয়াৰ উপৰি তেওঁ কয় যে নিৰাপত্তা আৰু প্ৰগতিৰ মাজৰ সীমাপ্ৰাচীৰ এতিয়া আৰু নাই। তেওঁ আঙুলিয়াই দিয়ে যে বিশ্বজুৰি প্ৰতিৰক্ষা ব্যয় ২.৭ ত্ৰিলিয়ন ডলাৰ অতিক্ৰম কৰিছে, যিটো ৰাষ্ট্ৰসংঘৰ বহনক্ষম লক্ষ্যৰ সমগ্ৰ বাজেটতকৈও অধিক।
 
তেওঁ কয়, "বিশ্বৰ প্ৰতিৰক্ষা ব্যয় ২.৭ ত্ৰিলিয়ন ডলাৰ অতিক্ৰম কৰিছে, যি ৰাষ্ট্ৰসংঘৰ বহনক্ষম লক্ষ্যসমূহৰ সমগ্ৰ বাজেটতকৈ বেছি। নিৰাপত্তা আৰু প্ৰগতিৰ মাজৰ সীমা এতিয়া আৰু সীমা হৈ থকা নাই। বৰ্তমানৰ সংঘৰ্ষসমূহে এতিয়া কেৱল সশস্ত্ৰ বাহিনীৰ ওপৰতেই নহয়, বৰঞ্চ ঔদ্যোগিক উৎপাদন, গৱেষণা ব্যৱস্থা আৰু শাসন ব্যৱস্থাৰ ওপৰতো নিৰন্তৰ হেঁচা প্ৰয়োগ কৰিছে।"
 
তেওঁ বিশেষভাৱে উল্লেখ কৰে, "নিৰাপত্তা এতিয়া আৰু প্ৰগতিয়ে কঢ়িয়াব লগা কোনো বোজা হৈ থকা নাই; প্ৰগতিৰ যাত্ৰা আৰম্ভ কৰাৰ বাবে ই হৈছে প্ৰধান চৰ্ত বা পূৰ্বচৰ্ত।"
 
CNN-ৰ মতে, ১৯৭১ চনৰ পিছত পাকিস্তানৰ মূল ভূখণ্ডৰ আটাইতকৈ ভিতৰলৈ সোমাই চলোৱা ভাৰতৰ সৰ্ববৃহৎ আক্ৰমণ আছিল 'অপাৰেচন সিন্দুৰ'। এই অভিযানে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাটিসমূহ সফলতাৰে ধ্বংস কৰিছিল। বিগত পাঁচ দশকতকৈও অধিক সময়ৰ ভিতৰত পাকিস্তানৰ ভূখণ্ডত নতুন দিল্লীৰ এয়া আটাইতকৈ তাৎপৰ্যপূৰ্ণ সামৰিক পদক্ষেপ।
 
পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলৰ প্ৰতিশোধ ল'বলৈ আৰু ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা আৰু কাৰ্যকৰী কৰাৰ সৈতে জড়িত জইছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ নেতাসকলক নিপাত কৰাৰ উদ্দেশ্যে এই সামৰিক আক্ৰমণ চলোৱা হৈছিল।
 
সংবাদ সংস্থা ANI-ৰ সূত্ৰই জনোৱা মতে, এক সুসমন্বিত অভিযানত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে বিশেষ আৰু নিখুঁত অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰি ৯ টা সন্ত্ৰাসবাদী ঘাটিত সফলতাৰে আক্ৰমণ চলায়। ইয়াৰে ৪ টা পাকিস্তানত (বাহাৱালপুৰ, মুৰিদকে আৰু ছিয়ালকোটকে ধৰি) আৰু ৫ টা পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰত (PoJK) অৱস্থিত আছিল।
 
প্ৰয়োজনীয় সামগ্ৰী আৰু সৈন্য পৰিচালনাৰে এই অভিযানটো ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাই যুটীয়াভাৱে সম্পন্ন কৰিছিল।