অতি শীঘ্ৰেই অসমে পাব ৬ টা গ্ৰীনফিল্ড বিমানবন্দৰ

Story by  atv | Posted by  [email protected] • 1 h ago
অতি শীঘ্ৰেই অসমে পাব ৬ টা গ্ৰীনফিল্ড বিমানবন্দৰ
অতি শীঘ্ৰেই অসমে পাব ৬ টা গ্ৰীনফিল্ড বিমানবন্দৰ
 
গুৱাহাটী
 
অসমক পূব ভাৰতৰ এক গুৰুত্বপূৰ্ণ বিমান আৰু বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে শিলচৰ, মানস, উমৰাংছ’, মাজুলী, ডিফু আৰু চৰাইদেউত প্ৰস্তাৱিত ৬ টি গ্ৰীনফিল্ড বিমানবন্দৰ আৰু হাফলঙত হেলিপ’ৰ্ট স্থাপনৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
 
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী শ্ৰীকিঞ্জাৰাপু ৰামমোহন নাইডুৰ সৈতে আজি এক বৈঠকত মিলিত হয়। বৈঠকত অসমৰ বিমান যোগাযোগ আৰু লজিষ্টিক খণ্ডৰ ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভত বিস্তৃত আলোচনা কৰা বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে।
 
শিলচৰৰ নতুন বিমানবন্দৰৰ ক্ষেত্ৰত অধিকাংশ প্ৰস্তুতিমূলক কাম সম্পূৰ্ণ হৈছে আৰু প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰ্যালয়ক অনুৰোধ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে আন প্ৰস্তাৱিত বিমানবন্দৰসমূহৰ পূৰ্ব-সম্ভাব্য সমীক্ষাও অধিক গতিশীলভাৱে আগবঢ়াই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
 
তদুপৰি ৰূপসী বিমানবন্দৰৰ সম্প্ৰসাৰণ আৰু এয়াৰবাছৰ সহযোগত অসমত এক বিমান পৰিবহণ কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনাও পৰ্যালোচনা কৰে। 
অসমৰ বিমান পৰিবহণ খণ্ডৰ বাবে "এই সময় এক নতুন সম্ভাৱনাৰ সময়। উন্নত সংযোগ ব্যৱস্থাৰ লগতে ইয়াৰ জৰিয়তে নিশ্চিতকৈ ৰাজ্যৰ যুৱ সমাজৰ বাবে নতুন সুযোগ আৰু বিকাশৰ দুৱাৰ মুকলি হ’ব", মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়।