দেশৰ সৰ্বোচ্চ ন্যায়ালয়তো মুখ ঠেকেছা খালে শ্যামকানুয়ে

Story by  atv | Posted by  [email protected] • 45 m ago
দেশৰ সৰ্বোচ্চ ন্যায়ালয়তো মুখ ঠেকেছা খালে শ্যামকানুয়ে
দেশৰ সৰ্বোচ্চ ন্যায়ালয়তো মুখ ঠেকেছা খালে শ্যামকানুয়ে
 
গুৱাহাটী
 
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাৰ গোচৰত জেইল থকা শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈও সকাহ নাপালে। জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা শ্যামকানুৰ শুনানিৰ দিন পুনৰ ১২অক্টোবৰত ধাৰ্য কৰা হৈছে। ইয়াৰ পূৰ্বে নিম্ন আদালতত গ্রহণ কৰা সাক্ষ্যসমূহৰ পুনৰ বিবেচনাৰ নিৰ্দেশ আদালতৰ। অহা ১২ অক্টোবৰৰ ভিতৰত সাক্ষ্যসমূহৰ পৰ্যালোচনাৰ নিৰ্দেশ প্ৰদান কৰিছে আদালতে।
 
উল্লেখযোগ্য যে, ২৯ মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল শ্যামকানুৰ জামিন। ২০২৬ৰ জুন মাহত জামিনৰ আবেদন জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শ্যামকানু মহন্ত। সৰ্বোচ্চ ন্যায়ালয়ত পূৰ্বে বিতংকৈ হোৱা নাছিল জামিনৰ শুনানি। যাৰ বাবে ১৭ আগষ্টত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছিল ন্যায়ালয়ে। ন্যায়াধীশ বি ভি নাগৰথনা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠত সম্পন্ন হয় শুনানি।
 
ইফালে, জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত পুনৰ গৰিমা শইকীয়া গাৰ্গে কৰিছে পোষ্ট। তেওঁ ঈশ্বৰ আৰু দেশৰ আইন ব্যৱস্থাৰ ওপৰত গভীৰ আস্থা প্ৰকাশ কৰি জুবিন গাৰ্গৰ বাবে ন্যায়ৰ প্ৰাৰ্থনা জনায়।
 
পোষ্টতোত তেওঁ লিখিছে, হে ভগৱান ! হে মহাকাল .. আশীৰ্বাদৰ শক্তিৰে আৱৰি ৰাখিবা তোমাৰ এই সৰল পবিত্ৰমনৰ সন্তানটিক। সমগ্ৰ অসমবাসীৰ প্ৰাৰ্থনা স্বীকাৰ কৰি উচিত ন্যায় প্ৰদান কৰিবা। আমিও সদায় তোমাৰ বিচাৰ আৰু দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত সমষ্ট আন্তৰিকতাৰে আস্থা ৰাখিছোঁ। এই বিশ্বাস অক্ষুণ্ণ থাকে যেন।
 
উল্লেখযোগ্য যে, গৰিমা শইকীয়া গাৰ্গৰ এই পোষ্টটো প্ৰকাশ পোৱাৰ লগে লগে অনুৰাগীসকলৰ মাজত তীব্ৰ চৰ্চা আৰম্ভ হৈছে। জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগীয়ে পোষ্টটোত নিজৰ মন্তব্য আগবঢ়াই তেওঁৰ ন্যায়ৰ দাবীত একাত্মতা প্ৰকাশ কৰাৰ লগতে শিল্পীগৰাকীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে।