নতুন দিল্লী
ৰাজধানী দিল্লীত শীতকালত হোৱা বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ চৰকাৰে কেইটামান কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যান-বাহনৰ ভিৰ আৰু প্ৰদূষণ কমোৱাৰ উদ্দেশ্যে ১ নৱেম্বৰৰ পৰা ২০২৭ চনৰ ২৮ ফেব্ৰুৱাৰীলৈকে সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব লাগিব। প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ কৰ্মচাৰীসকলক দুটা ভাগত ভগাই ল'ব, য'ত আধা অংশই ঘৰৰ পৰা কাম কৰিব আৰু বাকী আধা অংশই নিয়মীয়াকৈ কাৰ্যালয়লৈ গৈ কাম কৰিব।
অফিচলৈ অহা-যোৱা কৰা মানুহৰ ভিৰ একে সময়তে যাতে নহয়, তাৰ বাবে চৰকাৰী কাৰ্যালয়ৰ সময়সূচীতো সালসলনি কৰা হৈছে। নতুন নিয়ম অনুসৰি, দিল্লী পৌৰ নিগমৰ কাৰ্যালয়সমূহ পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৫ বজালৈ খোলা থাকিব। আনহাতে, দিল্লী চৰকাৰৰ কাৰ্যালয়সমূহ পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ চলিব। পুৱা আৰু আবেলিৰ সময়ত ৰাস্তাত একেলগে হোৱা যান-জঁট কমাবলৈকে এই ব্যৱস্থা হাতত লোৱা হৈছে।
মানুহে যাতে ব্যক্তিগত গাড়ী কমকৈ চলায় আৰু ৰাজহুৱা গাড়ী বেছিকৈ ব্যৱহাৰ কৰে, তাৰ বাবে পাৰ্কিঙৰ ক্ষেত্ৰতো নতুন নিয়ম কৰা হৈছে। ১ নৱেম্বৰ, ২০২৬-ৰ পৰা ২৮ ফেব্ৰুৱাৰী, ২০২৭-লৈ চহৰখনৰ পাৰ্কিং স্থানবোৰত পাৰ্কিং মাচুল দুগুণ কৰা হৈছে। অৱশ্যে, যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী মেট্ৰ’ৰ পাৰ্কিং স্থানসমূহত এই নিয়ম প্ৰযোজ্য নহয়, অৰ্থাৎ তাত আগৰ মাচুলেই দিব লাগিব।
ধূলিৰ পৰা হোৱা প্ৰদূষণ কমাবলৈ চৰকাৰে নিৰ্মাণকাৰ্যৰ ওপৰতো বাধা আৰোপ কৰিছে। অহা ৩১ জানুৱাৰী, ২০২৭ লৈকে ধূলি উৰিব পৰা যিকোনো ঘৰ ভঙা কাম আৰু মুকলিকৈ চলি থকা নিৰ্মাণকাৰ্য বন্ধ ৰখা হ’ব। তদুপৰি, প্ৰদূষণ আটাইতকৈ বেছি হোৱাৰ সময়ছোৱাত অৰ্থাৎ ১০ ডিচেম্বৰ, ২০২৬-ৰ পৰা ২০ জানুৱাৰী, ২০২৭ লৈকে দিল্লীত সকলো ধৰণৰ নিৰ্মাণ আৰু ধ্বংসকাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।