অসমত বান নিয়ন্ত্ৰণৰ বাবে নতুন বিধেয়কৰ প্ৰস্তাৱ; ব্ৰহ্মপুত্ৰ-বৰাক উপত্যকাত বৈজ্ঞানিক পদ্ধতিৰে চিহ্নিত কৰা হ’ব বানপ্ৰৱণ অঞ্চল

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
অসমৰ বান সমস্যা মোকাবিলা কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰস্তাৱ কৰা 'অসম বানপ্লাৱিত অঞ্চল নিৰ্ধাৰণ বিধেয়ক, ২০২৬'ৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে দেওবাৰে ব্যাখ্যা আগবঢ়ায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যখনত বৈজ্ঞানিক পদ্ধতিৰে বানপ্ৰৱণ অঞ্চলসমূহ চিনাক্ত কৰাৰ লগতে বান ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক সুপৰিকল্পিত ব্যৱস্থা গঢ়ি তোলাই এই বিধেয়কৰ মূল উদ্দেশ্য।
 
সামাজিক মাধ্যম এক্স'ত দিয়া এক পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰস্তাৱিত বিধেয়কখনৰ জৰিয়তে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকাৰ বৈজ্ঞানিক মানচিত্ৰ প্ৰস্তুত কৰা হ’ব। ইয়াৰ লগতে বানৰ আশংকা থকা অঞ্চলসমূহ স্পষ্টভাৱে চিহ্নিত কৰি জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰা আৰু নিৰাপদ উন্নয়নমূলক কাম-কাজৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
 
মুখ্যমন্ত্ৰীগৰাকীৰ মতে, এই নতুন ব্যৱস্থাৰ জৰিয়তে কেৱল নদীৰ পাৰ সুৰক্ষিত কৰাৰ পৰম্পৰাগত পদ্ধতিতে সীমাবদ্ধ নাথাকি সমগ্ৰ নদী অৱবাহিকাক সামৰি এক বিস্তৃত পৰিকল্পনাৰ ভিত্তিত বান ব্যৱস্থাপনাৰ ব্যৱস্থা কৰা হ’ব।
 
প্ৰস্তাৱিত বিধেয়কখনত বানপ্ৰৱণ অঞ্চল চিনাক্ত কৰাৰ বাবে অত্যাধুনিক লাইডাৰ (LiDAR) প্ৰযুক্তি আৰু উপগ্ৰহভিত্তিক মানচিত্ৰ ব্যৱহাৰৰ ব্যৱস্থা ৰখা হৈছে। এই প্ৰযুক্তিৰ সহায়ত বানৰ আশংকা থকা অঞ্চলসমূহ নিৰ্ধাৰণ কৰি সেই অনুসৰি নিৰ্মাণ আৰু উন্নয়নমূলক কাম-কাজ নিয়ন্ত্ৰণ কৰা হ’ব। 
 
বিধেয়কখনত অঞ্চলসমূহক তিনিটা ভাগত বিভক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। সেই অনুসৰি নিষিদ্ধ, নিয়ন্ত্ৰিত আৰু নিয়ন্ত্ৰণমুক্ত অঞ্চল নিৰ্ধাৰণ কৰা হ’ব। নদীৰ মূল গতিপথ আৰু পানীৰ স্বাভাৱিক প্ৰবাহ থকা অঞ্চলসমূহ নিষিদ্ধ অঞ্চলৰ অন্তৰ্ভুক্ত হ’ব। আনহাতে, নিয়ন্ত্ৰিত অঞ্চলত নিৰ্মাণকাৰ্যৰ ক্ষেত্ৰত ঘৰৰ ভেটি ওখ কৰা আৰু বান প্ৰতিৰোধ কৰিব পৰা নিৰ্মাণ পদ্ধতি গ্ৰহণ কৰাটো প্ৰয়োজনীয় হ’ব। চিহ্নিত বানসীমাৰ বাহিৰত থকা অঞ্চলসমূহত স্বাভাৱিকভাৱে উন্নয়নমূলক কাম-কাজ চলাই যাব পৰা যাব।
 
ইয়াৰ উপৰি বিধেয়কখনত ইতিমধ্যে থকা সম্পত্তিৰ মালিকসকলৰ স্বাৰ্থ সুৰক্ষাৰ বাবেও বিশেষ ব্যৱস্থা ৰখাৰ প্ৰস্তাৱ কৰা হৈছে। বৈধ সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে জনসাধাৰণৰ মতামত আৰু আপত্তি দাখিলৰ বাবে বাধ্যতামূলকভাৱে ৬০ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰা হ’ব। অভিযোগ বা আপীল দাখিলৰ বাবে অনলাইন আৰু প্ৰত্যক্ষ দুয়োধৰণৰ ব্যৱস্থা উপলব্ধ থাকিব।
 
মুখ্যমন্ত্ৰীয়ে লগতে জানিবলৈ দিয়ে যে, এই পদক্ষেপ ৰূপায়ণৰ বাবে বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্প আৰু অনুদানৰ জৰিয়তে পুঁজিৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ ফলত ৰাজ্য চৰকাৰৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা নপৰাকৈ প্ৰকল্পসমূহ ৰূপায়ণ কৰিব পৰা যাব বুলি আশা কৰা হৈছে। একে সময়তে এই বিধেয়কে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ৰ পৰা প্ৰয়োজনীয় অনুমোদন আৰু আৰ্থিক সাহায্য লাভৰ ক্ষেত্ৰতো সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
 
উল্লেখ্য যে, অসমত প্ৰায় প্ৰতিবছৰে বানপানীয়ে বিস্তীৰ্ণ অঞ্চলৰ জনজীৱন ব্যাহত কৰাৰ লগতে ঘৰ-বাৰী, কৃষিভূমি আৰু আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন কৰে। এনে পৰিস্থিতিত ভূমি ব্যৱহাৰ আৰু উন্নয়নমূলক পৰিকল্পনাৰ সৈতে বানৰ আশংকাৰ মূল্যায়নক সংযুক্ত কৰি ভৱিষ্যতে বানৰ ক্ষয়-ক্ষতি হ্ৰাস কৰাই প্ৰস্তাৱিত বিধেয়কখনৰ অন্যতম প্ৰধান লক্ষ্য।